India is expected to see significant manpower cutsa in 2025
বহুতৰ দৃষ্টিত কথাবোৰ তেনেই সাধাৰণ যেন হ’লেও সামগ্ৰীক দৃষ্টৰে ই বৰ জটিল দিনৰ সংকেত । আমেৰিকা যুক্তৰাষ্ট্ৰৰ খবৰ এটাত পালোঁ-“ Twice As Many Stores In The U.S. Are Expected To Close In 2025. Topline Twice as many retail stores will close in the U.S. this year than were shuttered last year, and many more stores will close than open, according to Coresight Research.” আমি ক’ব খোজা কথাটো কেৱল ভাৰতবৰ্ষক লৈ নহয়, সমগ্ৰ বিশ্বতে এতিয়া ইনফ্লেশ্যনৰ কবলত পৰি গোমা পৰিবেশ বিৰাজমান। দোকান-ব্যৱসায় প্ৰতিষ্ঠানবোৰ এতিয়া কৰ’না মহামাৰীত পৰাৰ দৰে হৈছে !! আমাৰ যি শিক্ষা, সেই শিক্ষাই আজিৰ দিনৰ এ.আইৰ লগত সমতা ৰাখি চলা টান। সেয়ে ২০২৫ ৰ আজিৰ দিনলৈকে মাত্ৰ দুটা মাহত প্ৰায় ১২,০০০ জনৰ চাকৰি গ’ল। বছৰটোৰ ১০ টা মাহ বাকী আছেই। সেয়ে বেছি চালাক হৈ মোবাইল চাৰ্চ কৰি উত্তৰ দিয়াৰ পৰিবৰ্তে আমি জ্ঞান আৰ্জনত গুৰুত্ব দিব লাগিব। যাতে জীৱনটো চলি খাই থাকিব পাৰোঁ। ভাৰতৰ এটা ৰিপোৰ্টত প্ৰকাশ যে দেশৰ মুঠ স্নাতকৰ মাত্ৰ ৪২.৬ শতাংশ লোক চাকৰি পাবৰ যোগ্য। চাকৰিৰ বজাৰ বৰ্তমান বৰ সুখৰ নহয়, বৰং অতি ধূসৰহে। ৩০-৩৫ বছৰৰ ওপৰৰ কাৰোবাৰ চাকৰি যদি গৈছে, তেওঁ পুনঃ আন চাকৰি পোৱা টান। হেজাৰ হেজাৰ জনক উপাৰ্জনৰ পথ দিয়া বীমা কোম্পানীবোৰ, মিউচুৱেল ফাণ্ড চলোৱা কোম্পানীবোৰৰ অৱস্থা বিদ্ধস্তপ্ৰায়। কাৰণ মানুহৰ প্ৰথম প্ৰয়োজন অন্ন-বস্ত্ৰ-বাসস্থানৰ পিছত জমাৰ বিষয় আহে। এতিয়াৰ বীমা সমূহ পৰিয়ালৰ সুৰক্ষাতকৈ বিনিয়োগ নিৰ্ভৰ হ’ল। তৎসত্বেও, সেই সকলোৱেই নৈমিত্তিক ব্য়য়ৰ পিছত হোৱা ৰাহিৰ অংকৰ ওপৰত নিৰ্ভৰ। অসমত অহা দিন বোৰত অনেক ধৰণৰ উন্নয়ন যে হ’ব সেইটো নিশ্চিত। এডভাণ্টেজ অসমৰ সাফল্যই তাৰ ইতিমধ্যে উমান দিছে। পিছে আমি আগতে আমাৰ লেখাত প্ৰকাশ কৰাৰ দৰে উদ্যোগ-০৪-ত কামবোৰ আগৰ পদ্ধতিত নহ’ব। কাৰণ তেওঁলোকেও(বিনিয়োগকাৰী সকলে) সময়ৰ গতিত খোজ দি চলিব লাগিব, কষ্টৰ ধন নিয়োগ কৰিব লাগিব। গতিকে তাতো ৰবটিক বা এ.আইৰ প্ৰয়োগৰ ফলত কম মানুহেৰে অধিক কাম হ’ব। নহ’লে তেওঁলোক গ্ল’বেল প্ৰতিযোগীতাৰ পৰা বাহিৰ হ’ব। যোৰহাটত উৎপাদিত এটা খোৱা পানীৰ ১ লিটাৰৰ বটলৰ দাম ১৫ ৰ পৰা ২০ টকা। এতিয়া ডাঙৰ কোম্পানীৰ ৭৫০ মিলি লিটাৰৰ বটলৰ দাম বজাৰত ১০ টকা। এটা ক্ষুদ্ৰ উদ্যোগ<> আনটো বৃহৎ উদ্যোগ। এপেকেট সৰু পানীৰ বটলৰ উৎপাদন মূল্য হেনো ৭৬ টকা। বজাৰত দিব লগা হৈছে ৮০ টকাত। যাতায়ত ব্যয়, ধন সংগ্ৰহৰ ব্যয়, বেংকৰ সূদ আদি দি মূলধন ৰক্ষা হ’ব জানো !! সেয়ে বন্ধ হোৱা উদ্যোগৰ তালিকাত তেওঁলোকৰ নাম ইতিমধ্য এটা-দুটাকৈ আহিছে। সিদিনা ব্যস্ততম পথ এটাৰ দোকান এখনৰ সন্মুখভাগ বৰ এন্ধাৰ যেন দেখি সোধাত দোকান খনৰ মালিকে ক’লে-“ভড়া দিব নোৱাৰত ওপৰৰ তিনিখন দোকান বন্ধ হ’ল। সেয়েহে এন্ধাৰ যেন লাগিছে।” নিজৰ ঘৰতে দোকান খুলি লাখ লাখ টকাৰ বিনিয়োগ কৰিও দেয় পইচা আদায় দিব নোৱাৰা তেওঁৰ বা কিমান দিনলৈ জীৱটো থাকে !! এইবোৰ সাম্প্ৰতিক আৰু বাস্তৱ জগতৰ আজিৰ দিনৰ চিনেমা।
এইবোৰকে ভাবি থাকোতে এজনে ফোন কৰি ক’লে-“ এসপ্তাহৰ বাবে দিল্লীত থকা ল’ৰাৰ তালৈ গৈছিলোঁ। ভাড়া ঘৰটোও খালি হৈছিল। আহি দেখোঁ ঘৰটোৰ সকলো কোঠাৰ সমস্ত লাইটৰ তাঁৰ, ফেন, এগজষ্ট ফেন চোৰে উঠাই লৈ গ’ল।” এনে ঘটনা লাহে লাহে বৃদ্ধি হ’ব। তাৰবাবে আমাৰ কৰণীয় কি আছে ? আমি আমাৰ সন্তান সকলক কষ্ট কৰিব পৰা, কৰ্ম তৎপৰ, তীব্ৰ বুদ্ধি সম্পন্ন কৰি তুলিব লাগিব। সিহঁতক সমাজৰ বাবে অপৰিহাৰ্য কৰি তোলাৰ বাবে সংস্কাৰ দি ডাঙৰ কৰিব লাগিব। কেপিটেলিজিম অবিহনে দেশৰ অৰ্থনৈতিক উন্নয়ন সম্ভৱ নহয়। পিছে ভাৰতৰ দৰে দেশত কেপিটেলিজিমৰ ফলত অজস্ৰ লোক কৰ্মহীন হ’ব। কাৰণ যান্ত্ৰীকতাত, ইলেক্ট্ৰনিক নিৰ্ভৰতাত, এ.আই নিৰ্ভৰতাত কম সংখ্যক মেধা সম্পন্ন মানুহ সংযুক্ত কৰিহে কামবোৰ হ’ব। গতিকে ১০০ শতাংশ শিক্ষিত যুৱক যুৱতীয়েই একো একোজন সুদক্ষ্য কৰ্মচাৰী বা উদ্যোগী হ’ব পৰা কৰিব লাগিব। কেইমাহ মানৰ পূৰ্বে আমি নিয়মীয়া বাৰ্তাৰ সম্পাদকীয় পৃষ্ঠাত লিখিছিলো-“তৃতীয় বৃহৎ অৰ্থনীতিৰ দিশে ভাৰত” য’ত বৰ্তমানৰ প্ৰথম, দ্বিতীয়, তৃতীয়, চতুৰ্থ বৃহৎ অৰ্থনীতিৰ দেশ কেইখনৰ বিষয়ে লিখিছিলো। তেওঁলোকৰ ব্যৱস্থাবোৰ বুজি আমাৰ দৰে জনবহুল দেশ এখনৰ খৰ প্ৰগতিয়ে সাধাৰণ জনগণক কি দিব তাৰ অনুমান প্ৰকাশ কৰিছিলোঁ। সেই লিখা প্ৰস্তুত কৰোঁতে ভাৰতৰ ১ শতাংশ লোকৰ হাতত দেশৰ মুঠ সম্পদৰ ২২.৬ শতাংশ সম্পদৰ অধিকাৰ আছে বুলি লিখিছিলোঁ। এইবোৰ শুনি কোনেও মনত এনে ভাৱ নল’ব যে চিন বা ৰাচিয়া কমিউনিষ্ট দেশো দেখোন আছে...!! জনা দৰকাৰ যে সেই দেশৰো মুঠ সম্পদৰ ৬৫ শতাংশৰ মালিকিস্বত্ব ১০ শতাংশ লোকৰ হাততহে আছে..!! সেয়েহে তেওঁলোক বৃহৎ অৰ্থনীতিৰ দেশ...!!
আমি আমাৰ খেতি পথাৰবোৰ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অবৈধভাৱে অহা সকলৰ ওপৰত এৰি দিলে নহ’ব। সেইবোৰত অধিক উৎপাদনৰ বাবে নতুন প্ৰযুক্তিৰ ব্যৱহাৰ নিজেই কৰিব লাগিব। তাৰ পৰা হোৱা উৎপাদনেৰে আমি আমাৰ উপাৰ্জন বৃদ্ধি কৰিব লাগিব। কৃষি ভিত্তিক ভিন ভিন উদ্যোগ গঢ়াৰ প্ৰয়াস লাগিব। তাৰ বাবে জাতীয়তাবোধ সম্পন্ন সকলে শত্ৰুতা এৰি, সকলো ভেদাভেদ-সংকীৰ্ণতা এৰি একত্ৰ হ’ব লাগিব। নহ’লে জীৱন জীয়াই বিহু মৰাৰ শকতিও শৰীৰত নেথাকে...। অসম এনে এখন ৰাজ্য য’ত উপাৰ্জনৰ অজস্ৰ পথ এতিয়াও আছে। পিছে অতি তৎকালে সেইবোৰত সংযুক্ত নহ’লে বহুজাতিক কোম্পানীবোৰৰ কাম বাঢ়িব। অৰ্থাৎ তেওঁলোকৰ কৰ্ম ক্ষেত্ৰ বৃদ্ধি পাব...।
Comments
Post a Comment