শত কৌটি কিলোগ্ৰাম আৱৰ্জনাৰ মাজতেই সেই অমূল্য ধন প্ৰাপ্তিৰ স্থান

         প্ৰায় সকলোৰে আদৰৰ মহা মূল্যবান সোণকণ আহৰণ কৰিবলৈ কিমান কষ্টকৰ সেয়া জানেনে? মধ্যমীয়া খনিত হেনো প্ৰতি টন আঁকৰ পৰিস্কাৰ কৰি ০৪/০৬ গ্ৰাম মাত্ৰ সোণহে উদ্ধাৰ কৰা হয়। এই যে কষ্ট সাধ্য কামটো কৰাৰ বাবেই আমি জাকত জিলিকি উঠাৰ সুযোগ পাওঁ, তেতিয়া আমি জানো উপলব্ধি কৰিবৰ প্ৰয়োজন হয় যে কোনোবাই গভীৰ ভূখণ্ডত অত্যন্ত পৰিশ্ৰম কৰি আমাৰ বাবে সেয়া উদ্ধাৰ কৰি আনিছিল!! চৌদিশে দেখা পোৱা আৱৰ্জনাৰ মাজতো ক'ৰবাত কাৰোবাৰ হাতৰ বা কাণৰ পৰা সুলকি যোৱা সেই অমূল্য ধাতুৱে তাৰ মসৃণতা হেৰুৱাই নেপেলায়। কাৰণ সেয়া #সোণ । আমি বিশ্বাস ৰাখিব লাগিব। শত কৌটি কিলোগ্ৰাম আৱৰ্জনাৰ মাজতেই সেই অমূল্য ধন প্ৰাপ্তিৰ স্থান, প্ৰকৃতিৰ অৱদান। নিৰাশাৰ গহ্বৰত নিশ্চুপ হৈ শিৰ নত কৰি জীৱন ব্যতীত কৰিলে তাৰ সন্ধান জানো ওলাব !! সময়ক, প্ৰকৃতিয়ে লেপি থৈ যোৱা বতাহ জাকক অৱজ্ঞা কৰি অভিজ্ঞতা বোটলা সম্ভৱ জানো? মেঙ্গালুৰুত থকা ভাইটীটোৱে সাগৰীয় মাছ বোৰ, চন্দা মাছবোৰ দেখি ইয়াত পোৱা #ককিলাৰ #বৰালী, #লুইতৰ_ৰৌ_বাহুলৈ মনত পেলাই দুখ প্ৰকাশ কৰিছে। তাকে শুনি আমাৰ পৰিবাৰে শোণিতপুৰৰ #জিয়া_ভৰলীৰ #শিলঘৰীয়াৰ সপোন দেখিছে .....! পিছে স্থানান্তৰে প্ৰকৃতিৰ স্বৰূপৰ সৌন্দৰ্য উপভোগ কৰাও এটা সৌভাগ্য নহয় জানো!!!

        আহোঁতে যাওঁতে লগ পোৱা বুঢ়া পাহাৰটোকে কোলাৰ, সোণভদ্ৰা বা লাভা বুলি ভাবি থ'লে নহ'ব !! বুঢ়া পাহাৰেও তাৰ কৃতিত্বৰ কথা কেতিয়াবা হয়তো ক'ব। ক্ষণিকতে জীৱনে সকলো আয়ত্ত কৰা জানো সম্ভৱ ? নে ৫,০৯৬,০০,০০০ বৰ্গকিলোমিটাৰ এলেকা জুৰি থকা এই ভূমিৰ সকলো জ্ঞান পলকতে আয়ত্ত কৰাৰ তোমাৰ মোৰ অলৌকিক কৃতিত্ব প্ৰাপ্তি হ'ব !! সৃষ্টিয়ে দিয়া আমাৰ জ্ঞান সঞ্চয়ৰ ভড়ালৰ পৰিসৰ জানা নে? মাত্ৰ ২৫০ #পেটাবাইট বোধহয়। তাৰ পিছত আৰু যে ভড়াল ঘৰবোৰ তৈয়াৰ হৈছে সেইবোৰৰ নাম #Exabytes, #zettabytes, #yottabytes আদি। গতিকে আমি এটাক আনটোৰ সৈতে তুলনা কৰা বৰ মস্কিল কথা। গৈ থাকা অবিৰত ভাবে য'লৈকে তোমাৰ বাবে ইন্ধন ভৰোৱা আছে....!!
        জীৱনটোক মেট্ৰ ট্ৰেইনৰ যাত্ৰাৰ সীমিত দূৰত্বৰ ষ্টপেজতে সীমাবদ্ধ বুলি নল'বা, বা তুমি দেখা সকলো পাহাৰকে কোলাৰ, সোণভদ্ৰা বা লাভা বুলিও ভুল নকৰিবা। ক'ৰবাত চুন শিল পাবা, ক'ৰবাত ইউৰেনিয়াম পাবা, ক'ৰবাত মাটিতেলো পাবা আকৌ ক'ৰবাত ক'লাসোণ পাবা...! স্থান ভেদে প্ৰকৃতিৰ অপূৰ্ব ৰূপ। তুমি ম‌ই দিনে নিশাই লগপোৱা মানুহ বোৰৰ দৰেই...! এই বাস্তৱৰ চিত্ৰ খন হৃদয়ত আকি যোৱাৰ প্ৰয়াস কৰিবা । আৰু ৰং পেঞ্চিলডাল যে সিদিনা আনিছিলা, সেই ডালেৰে তুমি অঁকা চিত্ৰখনত তোমাৰ যাত্ৰা পথত সংলগ্ন হোৱা ভিন ভিন উপলব্ধিৰ আধাৰ স্থানবোৰ ডাগ দি যাবা...! আৱৰ্জনাৰ স্তুপৰ মাজতে সোণৰ দৰে মূল্যবোধেৰে জিলিকি থকাৰ ই হয়তো সুন্দৰ প্ৰয়াস হ'ব। সকলোবোৰ স্মৃতিৰ সৰু ভড়ালটোত ভৰাই থোৱাৰ প্ৰয়াসো নকৰিবা। কাৰণ তাৰ আয়তন বোধহয় ২৫০ পেটাবাইটচ্ মানহে হ'ব বন্ধু.....

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?