ওপৰলৈ পানী চতিয়ালে নিজৰ গাত পৰিবই।
কেতিয়াবা বাৰু আপোনাৰ মনলৈ এক দোধোৰ মোধোৰ অৱস্থা নাহে নে- "উত্তম, অতি উত্তম আৰু সৰ্বোত্তম"-ৰ সিদ্ধান্ত বিচাৰি!! চিন্তা নাহে নে যে ৰাজহুৱাকৈ আপুনি প্ৰকাশ কৰা চিন্তাই সমাজৰ সাধাৰণ লোকক উপকৃত কৰিব বা ই সমাজক বিপথে পৰিচালিত কৰি আপোনাক ব্যক্তিগত ভাবেহে লাভৱান কৰিব !! কেতিয়াবা চিন্তা হয়নে যে আপোনাৰ সন্মুখতে হোৱা কোনো ঘটনাৰ সম্পূৰ্ণ বিপৰীত এক বাৰ্তা দি কোনোবাই ৰাইজৰ ধ্যান আকৰ্ষণ কৰাত সফল হয় !! এই কথাবোৰ ভাবি মই কিন্তু প্ৰায়েই বিতত হওঁ। আচলতে এনে কিয় হয় ? সুৰ্যৰ সোণোৱালী কিৰণৰ প্ৰলেপ লোৱাৰ সময়ৰ পৰা সূৰ্যাস্তৰ নিবৃত্তিৰ সময়লৈ আমি সত্য অনুভৱৰ আৱৰণত প্ৰলেপ সনাৰ অভ্যাসেই জানো আমাক এনে অৱস্থালৈ লৈ যোৱা নাই !! সিদিনা এগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ এজন ৰাজনৈতিক নেতালৈ লিখা পত্ৰ এখনৰ সাৰাংশ শুনি মনটো আৰু অধিক দোমোজাত পৰিল। সমাজৰ হৈ, সমাজৰ হিতাৰ্থে অহৰহ চিঞৰি থকা ব্যক্তি এজনলৈ লিখা পত্ৰখন সঁচাকৈয়ে এখত অতি গুৰুত্বপূৰ্ণ চিঠি। মায়ে কৈছিল "ওপৰলৈ পানী চতিয়ালে নিজৰ গাত পৰিবই পৰিব।" আমি আক্ৰমণৰ খাতিৰত আক্ৰমণ কৰি নিজৰ স্থিতি শক্তিশালী কৰিব পাৰোঁ জানো?? বৌদ্ধিক জগতকো কেতিয়াবা আক্ৰমণ কৰাৰ প্ৰয়োজন হয়তো হ'ব পাৰে। কাৰণ সকলোৰে নিজস্ব একোটা বিচাৰ, কেতিয়াবা একোটা ব্যক্তিগত আকাংক্ষা পূৰণৰ হাবিয়াস থাকিব পাৰে। পিছে সেই সকলোৰে ওপৰত নিজস্ব অভিমত প্ৰকাশ কৰোতে মই আত্ম মন্থন কৰাৰ প্ৰয়োজন নহ'ব নে? মোৰ স্বাৰ্থত আনৰ বাৰী-ঘৰত ঝাৰু মৰাৰ আগতে নিজৰ চৌহদৰ স্বচ্ছতা নিশ্চিত কৰাৰ প্ৰয়োজন নাই জানো?
এই যে বাক যুদ্ধৰ এক মহা সমৰৰ সৃষ্টি হৈছে, সি আমাৰ ভাষাৰ লালিত্য ক্ৰমাত নোহোৱা কৰা নাইনে !! সমাজৰ সকলো স্তৰত আমাৰ আচৰণ, কৰ্মকাণ্ডত এক পৰিবৰ্তন অনা নাইনে ? কনিষ্ঠ জনে জেষ্ঠ জনৰ প্ৰতি পূৰ্বৰ পৰা প্ৰকাশ কৰি অহা ব্যৱহাৰৰ চ্যুতি- বিচ্যুতি হোৱাৰ অভ্যাস গঢ়ি উঠা নাইনে ?? সময়ে মানুহৰ অভ্যাস, আচাৰ-ব্যৱহাৰ, চিন্তাৰ তৰলতা অনা নাই। আনিছে এনে কিছুমান মানুহে যি প্ৰমুখ ভূমিকা প্ৰাপ্তিৰ হকে নিৰবিচ্ছিন্ন ভাবে এনে কিছু বক্তব্য সামাজিক ভাবে প্ৰক্ষেপ কৰিছে যি এই পৰিবৰ্তনত প্ৰখৰতা আনিছে। বৌদ্ধিক মহলৰো অৰিহণা নোহোৱা নহয় তাত। এয়া কেতিয়াবা প্ৰতিষ্ঠাৰ স্বাৰ্থত বা কেতিয়াবা আত্ম প্ৰয়োজন পূৰণৰ স্বাৰ্থত। সেয়া সমাজৰ বাবে একো একোটা দূৰাৰোগ্য ব্যাধি। তত্ৰাচ, সকলোলৈ একেপাত শৰ মৰাৰ আগত নিজৰ চোলাটো খুলি চোৱা দৰকাৰ নাই নে বাৰু ? শৰীৰত মলযুক্ত আছে নে শৰীৰ মলযুক্ত আছে সেয়া জানিব লাগিব!! সুস্বাদু টেঙা আঞ্জা খনত কল খাৰ অকণমান ঢালি দিয়াৰ আগতে তাৰ বিপাকীয় ক্ৰিয়া প্ৰতিক্ৰিয়া জানিবলৈ প্ৰয়াস কৰিব লাগিব। আদৰ্শ তৈয়াৰ কৰাৰ প্ৰয়াসৰ প্ৰয়োজন। কেৱল বাক পটুতাক শ্ৰেষ্ঠ স্থান দিয়াৰ প্ৰয়াস সফলতাৰ চিৰি নহয়। চমু পথবোৰ সকলো সময়তে আমাৰ প্ৰয়োজন নহয়। প্ৰকৃতিৰ মনোমোহা স্বৰূপ বোৰ এই জীৱনতে পৰশিব লাগিব। সেয়েহে দীৰ্ঘ যাত্ৰাৰো প্ৰয়োজন। ই আমাক পৃথিৱীৰ স্বৰূপৰ সঁচা সাম্যক জ্ঞানবোৰো দিব আৰু প্ৰকৃতিত উপলব্ধ সম্পদবোৰ সমাজৰ কল্যাণৰ অৰ্থে ব্যৱহাৰ কৰাত আমাৰ মনত চিন্তাভাবনাৰ উদ্ৰেক কৰিব। সেয়ে চমু পথবোৰ তৈয়াৰ কৰাৰ প্ৰয়াসতে নিজৰ সময় সম্পদৰ অপব্যয় নকৰিব।
Comments
Post a Comment