জ্ঞান আহৰণৰ পৰিসৰ অখণ্ড, ইয়াৰ চমু পথ বিচৰাটো বুদ্ধিমানৰ কাম নহয়


জ্যোতিষশাস্ত্র অনুসৰি, লগ্নত বৃহস্পতি থাকিলে জাতক বা জাতিকাৰ জীবনত সাধাৰণতে শুভ ফল দেখা যায়। তেনে সৌভাগ্যবান ব্যক্তি জ্ঞানী, বুদ্ধিমান, ধর্মপৰায়ণ হয় আৰু তেনে ব্যক্তিৰ জীবনত উন্নতি ও সমৃদ্ধি অহাৰ সম্ভাবনা থাকে। সংস্কৃতত এটা শ্লোক আছে য’ত কৈছে
"किं कुर्वन्ति ग्रहाः सर्वे यस्य केन्द्रे बृहस्पति ।" এই শ্লোকৰ মান্যতা কাকতত দিয়া দৈনিক ৰাশিফলৰ দৰে গড় ফলাফল মাত্ৰ।
লগ্নত বৃহস্পতিৰ শুভ ফলবোৰ কি ? :
#জ্ঞান_আৰু_বুদ্ধি: লগ্নত বৃহস্পতি থাকাৰ কাৰণে জাতক বা জাতিকাৰ জ্ঞান, বুদ্ধি আৰু প্রজ্ঞা বৃদ্ধি পায়।
#ধর্ম_আৰু_আধ্যাত্মিকতা: তেনে লোক ধর্ম আৰু আধ্যাত্মিকতাৰ প্রতি বেচি আকৃষ্ট হয় আৰু সজ কৰ্মত লিপ্ত থাকে।
#সাফল্য_আৰু_উন্নতি: তেওঁলোকৰ জীবনত উন্নতি, সমৃদ্ধি আৰু সাফল্যৰ সম্ভাবনা বেছি থাকে।
#শুভ_সম্পর্ক: তেওঁলোকৰ ভাল সংগ আৰু সু-সম্পর্ক থাকে।
#সুখ_শান্তি: বৃহস্পতি বলবান থাকিলে জাতকৰ জীবনত সুখ-শান্তি বৃদ্ধি পায়.
#আয়_বৃদ্ধি: বৃহস্পতি বলবান থাকলে আয় বৃদ্ধি হ’ব পাৰে। ( জন্মৰ সময়ত গ্ৰহটোৰ ডিগ্ৰীৰ ওপৰতো তাৰ বল নিৰ্ভৰ।)
অন্যান্য প্রভাব:
#কামৰ_প্রতি_মনোযোগ: তেওঁলোকে তেওঁলোকৰ কামৰ প্ৰতি প্রতি মনোযোগ দিয়ে আৰু কঠোৰ পৰিশ্ৰম কৰে।
#আত্মবিশ্বাস: গভীৰ আত্মবিশ্বাস তেওঁলোকৰ এক চৰিত্ৰ ।
#সামাজিক_সম্মান: তেনে ব্যক্তি সমাজত সম্মানিত হয়।
#সৃষ্টিকর্মী: শিল্পী, লেখক, শিক্ষক, বা জ্ঞানী ৰূপে পৰিচিত হ’ব পাৰে।
দুর্বলতা: যদি বৃহস্পতি দুর্বল বা অশুভ গ্রহৰ দ্বাৰা প্রভাবিত হয়, তেনে তেওঁৰ লগ্নত থকা বৃহস্পতিৰ প্ৰভাৱ কম হয়।
#পাৰিবাৰিক_সমস্যা: বৃহস্পতিৰ দশাত পাৰিবাৰিক সমস্যা হোৱাৰ সম্ভাৱনা থাকে।
#স্বাস্থ্য_সমস্যা: বৃহস্পতিৰ দুর্বলতাৰ বাবে শৰীৰ অসুস্থ থাকিব পাৰে।
সেইবোৰৰ উপৰিও #বিশেষ_কিছুমান_লগ্ন: যেনে - যদি লগ্নত বৃহস্পতি থাকে আৰু জাতকৰ ৰাশি ধনু বা মীন হয় তেনে বৃহস্পতিৰ প্রভাব আৰু অধিক শুভ হয়। পিছে তুলা লগ্নত বৃহস্পতি অশুভতাৰ কাৰক। তুলা লগ্নত বৃহস্পতি মাৰক গ্ৰহ। ইয়াৰ মাত্ৰা ভোক্তা সকলে নিজেই অনুভৱ কৰিব পাৰে।
এই কথাখিনি মই কেৱল জ্যোতিষ চৰ্চাক সন্মুখত ৰাখি কোৱা কথা নহয়। জ্যোতিষ এনে এক বৃহৎ বিষয় যাক আমি গগুলত চাৰ্চ কৰি পলকতে উত্তৰ পাব নোৱাৰোঁ। পিছে বৰ্তমান ডিজিটেল যুগত আমি সকলো বিষয়ৰে জ্ঞান চেকেণ্ডতে আয়ত্ব কৰাৰ অভ্যাস হোৱাত প্ৰাস সকলো ব্ষয়ত সকলো ‘“জেক অৱ অল, মাষ্টাৰ অৱ নান’” হৈ পৰিছো। এই যে তৎক্ষণাত উত্তৰ দিয়াৰ কিটিপটো ওলাল তাৰ তীব্ৰতা এ.আইৰ আগমনে আৰু বৃদ্ধি কৰিব আৰু ফলত আমি সম্পূৰ্ণ জ্ঞানৰহিত জীৱ হ’বগৈ পাৰিম। কাৰণ চাৰি-পাঁচটা বছৰৰ অধ্যয়নৰ প্ৰয়োজন নাই যেন অনুভৱ হ’ব। বেদ অভ্যাস বা সংস্কৃতৰ ‘স’ নজনাকৈ পেটৰ দায়ত হঠাতে অনেকজন পুৰোহিত হৈ যায়। পিছে এবাৰ এভাগ সৰস্বতী পূজাত পুস্পাঞ্জলী দিয়াই ল’ৰা ছোৱালীক গোওৱা শুনিছিলোঁ -‘“ঔম গঙ্গে চ যমুনেচৈব গোদাৱৰী সৰস্বতী, নৰ্মদে সিন্ধু কাবেৰী জলে হস্মিন সন্নিহিত কুৰুঃ’” !!!
জ্বৰত ভোগা শিশু এটাক দেখি এজনে ঘপহকৈ হোমিও ঔষধ এটা দিবলৈ লোৱাত মনলৈ প্ৰশ্ন আহিল -কি বা দিয়ে এতিয়া !! বেলেডোনা, ব্ৰায়নিয়া, ৰসটক্স, আৰ্চেনিক আয়ড, এক’নাইট, ইত্যাদি দহোটামান জ্বৰৰ ঔষধ আছে দেখোন !! মুখ খন ৰঙা পৰি আছে নেকি, বৰকৈ পানী পিয়াহ হৈছে নেকি, বৰষুণৰ বতৰ নেকি, শৰীৰত শুকানতা আছে নেকি, খিটখিটিয়া স্বভাৱ নেকি ইত্যাদি অনেক প্ৰশ্ন থাকিব। ই লগ্নত বৃহস্পতিৰ দৰেই নহয় জানো? সিদিনা মানুহ গৰাকীয়ে ক’লে গাধোৱাৰ পিছত বাথৰূমত বাল্টিঙৰ পানী খালি কৰি আহিবা দেই। বস্তুমতে সেইটো ভাল। ৰিল এটা চাই পালো পানী বাল্টি ভৰাই থৈ আহিলে ভাল। মানি প্লেণ্টটো পূৱত থলেহে ভাল। পূৱত যদি থোৱাৰ ব্যৱস্থাই নাই গৰত !‘! এই সমগ্ৰ কথাবোৰ ভালকৈ বিষয়ৰ অধ্যয়ন নোহোৱাকৈ কৰাটো আমাৰ জ্ঞানৰ দ্ৰেইন কৰা নহয় জানো? জ্যোতিষ এনে নহয় যে জনমূৰী আয়ৰ ষ্টেটিচটিকেল তথ্য দিয়াদি দি দিব পাৰি !! তেনে হোৱা হ’লে দৈনিক কাকতত ৰাশি ফল চালেই হ’ল দেখোন !! হোমিও ঔষধো গগুলতে লৈ ল’ব পৰা হ’ল হেতেন !! পেটৰ অসুখত ২০ বাৰ মান যোৱা দেখি দাদা এজনে আহি ক’লে নৰফ্লক্স টি জেড লৈ লবি, লগে লগা বন্ধ হৈ যাব। মই সুধিলো সেইটোনো কি দৰব? বোলে পেটৰ অসুখৰ বেষ্ট ঔষধ আকৌ !! পুনৰ সুধিলো কি থাকে তাত? উত্তৰ দিলে- ধেৎ, পেটৰ অসুখৰ ঔষধ সেইটো। মংই পিছে কথাটো জানিহে সুধিছিলোঁ। নৰফ্লক্সাচিন এণ্টিবায়টিক আৰু টিনিডাজল পেটৰ বিকাৰৰ দৰৱ বোধহয়। দাদা বিজ্ঞানৰ ছাত্ৰ আছিল আৰু মই প্ৰবেশিকাত বিজ্ঞানত ৩০ পোৱা বাণিজ্যৰ ছাত্ৰহে আছিলো !!! এনেকৈয়ে জানো সংসাৰ চলিব ??

সঁচা মিচা নেজানো। এসময়ত এজন মন্ত্ৰীয়ে স্কুল এখন পৰিদৰ্শন কৰোঁতে সুধিছিল-‘“ৰিজাল্ট আপোনালোকৰ কেনে?’” প্ৰধান শিক্ষকে ক’লে -‘“এনেই ভালেই। এগ্ৰিগেট বেয়া কেৱল।’” মন্ত্ৰীয়ে তৎক্ষণাত এগ্ৰিগেট পঢ়োৱা শিক্ষক জনক চাচপেন্ কৰিবলৈ কৈ দিছিল বোলে। যাবৰ সময়ত হাতখন আগ বঢ়াই উদ্যোক্তা সকলক এজন এজন কৈ কৈছিল-‘“ব্ল হৰ্ণ’,আহিলো দেই”। ট্ৰাকৰ পিছফালে লিখা থাকে যে- BLOW HORN,THANK YOU !!! সেইটো শিক্ষা মন্ত্ৰীজনে নিজৰ পাণ্ডিত্য প্ৰকাশ আছিল বুলি লওঁ নে কি বুলি লওঁ সেইটোহে সমস্য হ’ল !!!! 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?