কৰ্ম কৰাৰ পদ্ধতি আৰু আমাৰ কৰ্ম
সকলো লোকৰে কৰ্ম কৰাৰ পদ্ধতি সুকীয়া হয়। কোনোবাজনে কৰ্ম কৰাৰ বাধ্যবাধকতাৰ বাবে ৰ্কম কৰে, কোনোবাই আকৌ কৰ্ম কৰাৰ সময়ত নিজ কৰ্ম পদ্ধতি আন সকলোতকৈ উত্তম গণ্য কৰি কৰে, কোনোবাই কৰ্ম কৰি সুখ অনুভৱ কৰে। কৰ্ম কৰাৰ পদ্ধতিত কোনোবাই কলা সুলভ স্বতন্ত্ৰ প্ৰতিভাক সংযোগ কৰে, যি সকলোকে আকৰ্ষণ কৰে। জ্ঞান দানৰ প্ৰক্ৰিয়াত ই বেছিকৈ প্ৰযোজ্য হোৱা দেখা যায়। কাম কৰাৰ সময়ত নিজৰ পৰিসৰৰ বাহিৰতো বিষয় সংলগ্ন অনেক কথাই জনাৰ আগ্ৰহে অনেকক কৰ্ম স্থানত জনপ্ৰীয় কৰি তোলে। আমি কি বিষয়ত অধ্যয়ন কৰিছিলো আৰু জনাৰ আগ্ৰহে আমাক কোন দিশত পাৰ্গত কৰে তাৰ উমান পোৱা সঁচাকৈয়ে বৰ টান কাম। দৃষ্টি নিৰ্ভৰ কথাহে এইটো। আপুনি ৰোৱা গছ পুলিটোৰ পৰা ভৱিষ্যত দিনত পাব লগা ফলটোৰ বিষয়ে ভিজুৱেলাইজ কৰাৰ লগতে তাৰ পৰিবৰ্তন, তাৰ পৰা পোৱা আন অনেক জ্ঞান হয়তো তাৰ মাজতে সোমাই থাকে। ঘৰৰ আম জোপাত লগা ফলবোৰ একাদিক্ৰমে পৈনত হৈ পকোতে চাই ভাল লাগে। পকা আমবোৰ বাছি বাছি সৰাই থাকিলে বাকী আমখিনি পকোতে সময় যে লাগে তাতো এটা জানিব লগা বিজ্ঞানৰ কথা হয়তো সোমাই থাকে।
ঠিক তেনেকৈয়ে আমি জীৱনত সংলগ্ন হোৱা বিভিন্ন কৰ্মৰো অনেক দিশ ভবাৰ প্ৰয়োজন, যি আমাক অনেক নতুন নতুন জ্ঞান দিব পাৰে। ১২ বছৰ দিন কাপোৰৰ মিলত কাম কৰোঁতে জানিছিলোঁ যে ৰিড-পিক (দীঘ আৰু বাণী)-ৰ সমতা নোহোৱা হ’লেই ই দাঠ বা পাতল কপোৰ উৎপাদন কৰে। চুইচ্ কটন কাপোৰটো কিনাৰ সময়ত কোনেও নেচাও যে তাত ১ শতাংশ কটন বা কপাহ আছে নে নাই !! কোনোবাই বজাৰত লিলেণ্ড কটনো ক্ৰয় বিক্ৰয় কৰি আছে !! সেইটো বা কোন গছত লাগে সেইবোৰো জনাৰ আৱশ্যক নহয় জানো? নিৰ্মাণ সংস্থা এটাত কাম কৰোঁতে কোনোবা এজনে মোক বুজাই গ’ল যে তেওঁৰ চিমেণ্ট সকলোতকৈ ভাল চিমেণ্ট। দীঘলকৈ তৈ যোৱা সকলো কথা বুজি-বাজি সোধা হ’ল -‘“আপোনালোকৰ চিমেণ্টৰ গ্ৰেডটো কি?’” উত্তৰত ক’লে যে তেওঁলোকৰ চিমেণ্ট সৰ্বোত্তমেই বাবে তাত গ্ৰেড নেথাকে। তেনে ৩৩, ৪৩,৫৩ গ্ৰেডনো কি?বজাৰত উপলব্ধ চিমেণ্ট বোৰৰ ভিতৰত আচলতে গ্ৰেড থকা কেইটাহে চিমেণ্ট। বাকীবোৰ ব্লেণ্ডেড (মিশ্ৰ) চিমেণ্ট। যেনে প’জলানা পোৰ্টলেণ্ড চিমেণ্ট, পোৰ্টলেণ্ড শ্লেগ চিমেণ্ট আদি। সেইবোৰৰ সকলোৰে একো একোটা নিজস্ব বৈশিষ্ট থাকে। সেইবোৰ বহলাই কোৱাত তেওঁ মোক সোধে-‘“ছাৰ আপুনি ক’ৰ পৰা পাছ-আউট !!!’” এই যে শিক্ষিত ব্যক্তিজনে কৰি থকা কামটোৰ ওপৰত বিশদ জ্ঞান আহৰণৰ প্ৰয়াস নাই, ই তেওঁক শলঠেকত পেলাব পাৰে। আমি পিন্ধা কপাহী কাপোৰ আৰু মিশ্ৰ (ব্লেণ্ডেড) কাপোৰনো কি জনা বৰ দৰকাৰ। বৰ ডাঠ বেডকভাৰখন ৰমক-জমক ফুলৰ সৈতে আৰু চিল্কৰ দৰে জলমলাই থকা দেখি লোৱা হ’ল। পিছে ই কিহেৰে প্ৰস্তুত সোধা নহ’ল বাবেই কম সময়ত তাৰ জীৱনৰ পৰিসমাপ্তি হ’ল। কপাহৰ পৰিবৰ্তে কাপোৰ বনাওতে ব্যৱহাৰ হোৱা ভিচকচ্ এটা উড্ পাল্প। টেৰি-কটনত কৈ দাম কমাবলৈ পলিয়েষ্টাৰ-ভিচকচৰ ব্যৱহাৰ আৰম্ভ হোৱা বহু বছৰেই হ’ল। তাৰ নাম পিভি কাপোৰ। কপাহৰ মিশ্ৰণে কাপোৰৰ মূল্য অতি অধিক কৰে। কিন্তু পলিয়েষ্টাৰ কাপোৰক কপাহৰ দৰে অনুভৱ দিয়াৰ, কোমল কৰাৰ ৰাসায়ন আছে বাবেই আমি কম মূল্যত মনে বিচৰা বস্ত্ৰ (!)পাইছোঁ। পাট কাপোৰৰ সূতা বা ক’ৰ পৰা আহে, ই বিশুদ্ধ পাত হয়নে নহয় আদি কথাবোৰ নেজানো। জানিলেও কোৱাত সমস্যা। মন বেয়া কৰাৰ বাবে এইবোৰ জানো লিখিছোঁ ?
১৯৯০ চনত ছোৱালীৰ নেওতাৰ কিতাপত পঢ়িছিলো- কাগজৰ হিচাপ- ২০ খিলাই এক দিস্তা(মিলত), ২৩ খিলাই এক দিস্তা (বজাৰত)। কিতাপ খন লিখা পণ্ডিত জনে জনাৰ আগ্ৰহ কৰা নাছিল যে লিখা কাগজৰ ৫০০ খিলাই এক ৰিম, ২০ দিস্তাত এক ৰিম, আৰু ২৫ খিলাই এক দিস্তা হয়। অংক কৰা শিশুটোৰ জীৱনলৈ এক খোকোজা এৰি দি কিতাপ লিখা কামটো কৰা যুগুত জানো? এসময়ত মোন আছিল। ৩৭.৫ কিলোত এক মোন হয় । কোনোবাই কয় ৪০ কিলোত এক মোন !! এক লিটাৰ পানীয়ৰ ওজন বেলেগ বেলেগ হ’ব পাৰে। কাৰণ ই তাৰ গাঢ়তা নিৰ্ভৰ। আমি পানীয়ক ওজনত কিনো জানো?? এই কথাবোৰ আমি সময়ত অনুভৱ কৰিব নোৱাৰোঁ জানো !!
২০০৫ মানত এজন অভিজ্ঞ অভিযন্তাই এজন সাধাৰণ শিক্ষিত মানুহক ক’লে যে মই বনোৱা ঘৰটো ভূকম্প প্ৰতিৰোধী ঘৰ। মই নিজেই অভিযন্তা আৰু মোৰ ঘৰৰ আৰ্হি মই নিজেই কৰিছোঁ বাবে ক’ব পাৰোঁ। বেলেগৰ ঘৰৰ কথা ক’ব নোৱাৰোঁ। কথাটো জনাৰ আগ্ৰহ হোৱাত অনেক কিবা কিবি পঢ়ি জানিলো যে ভূকম্প প্ৰতিৰোধী ঘৰ মানে ভূকম্পই ভাঙিব নোৱাৰ ঘৰ নুবুজাই। কমচে কম জীৱন সম্পদৰ ক্ষতি হোৱাকৈ তাক ডিজাইন কৰা হয় আৰু সকলো বহু মহলীয়া ঘৰৰ ডিজাইন এনেকৈ কৰাটো বাধ্যতামূলক। পিছে এই কামৰ সাফল্য নিৰ্ভৰ কৰিব ইতিপূৰ্বে অহা ভূ-কম্পনৰ ৰিষ্টাৰ স্কেলতকৈ বেছি জোৰত আহিছে- নে কম জোৰত আহে তাৰ ওপৰত। কাৰণ বিজ্ঞানী সকলে সৰ্বোচ্ছ ৰিষ্টাৰ স্কেলৰ ক্ষতিৰ পৰিমান অধ্য়য়ন কৰিহে ডিজাইনৰ মান তৈয়াৰ কৰিছে !! ডিজাইন কৰাৰ পূৰ্বে কৰা ভূমি পৰীক্ষাত পৰীক্ষকে কপি পেষ্ট কৰি প্ৰস্তুত কৰা নে প্ৰকৃত বিতং অধ্যয়নৰ আধাৰত প্ৰস্তুত কৰা বা !! এই অনেক কথাই ইয়াৰ সৈতে যিহেতু সংলগ্ন গতিকে কোনো অভিযন্তাই ক’ব নোৱাৰে যে তেওঁ যিহেতু পৱন পুত্ৰ শ্ৰী হনুমান, গতিকে তেওঁৰ নিৰ্মিত ঘৰত সংকটৰ প্ৰশ্নই নাহে !!!
মোৰ কথাবোৰ অলপ আচহুৱা হ’লেও পঢ়ি ভাল পালে, সত্যতা বিচাৰি পালে পঢ়িব। নপঢ়িলেও মোৰ ক’ব পৰা একো কথাই নাই। কেৱল জীৱনত নিজৰ অভিজ্ঞতা আৰ্জনৰ লগে লগে অনুমানৰ পৰিসৰ বৃদ্ধি কৰি দূৰলৈকে তাক জনাৰ প্ৰয়াস কৰা ভাল বুলি ভাবিব। পৰম সুখ পাব তাতে।
Comments
Post a Comment