"পৰম বৈভৱশালী " ৰাষ্ট্ৰৰ সপোন
Taylor Lautner এ কৈছিল - "Honesty and loyalty are key. If two people can be honest with each other about everything, that's probably the biggest key to success." এইটো কেৱল দুজন ব্যক্তিৰ সাফল্যৰ বাবেই চাবি কাঠি নহয়। সামাজিক জীৱনতো ব্যক্তিৰ প্ৰতিষ্ঠা সততাৰ ওপৰত নিৰ্ভৰ কৰে। সমাজৰ প্ৰতি ব্যক্তিৰ উন্নতি দেশৰ প্ৰগতিৰ অংশ। এনে প্ৰগতিৰ যাত্ৰাত বগোৱা প্ৰতিজন সজ ব্যক্তিৰ প্ৰতি আমাৰ লক্ষ্য থকা দৰকাৰ। কেতিয়াবা তেনে ব্যক্তিয়ে জানি নেজানি ভুল কৰিব পাৰে। কাৰণ মানুহ মাত্ৰেই ভুল হয়। কোনোবাই লোভৰ বশৱৰ্তী হৈও তেনে কৰিবলৈ লয়। তেনে লোকৰ ভুল শুদ্ধ কৰাৰ বাবে অৱগত কৰোৱা বা লোভী ব্যক্তিজনক তেওঁ কৰা ইচ্ছাকৃত কামৰ দ্বাৰা সমাজৰ ক্ষতি সম্পৰ্কে অৱগত কৰি শুদ্ধ হোৱাৰ বাবে প্ৰেৰিত কৰাৰ প্ৰতি সজ সংস্কাৰিত ব্যক্তিৰ লক্ষ্য থাকে। তেনে ব্যক্তিৰ উদ্দেশ্যে হ'ল সমাজৰ প্ৰতিজন সদস্যক দায়িত্ব শীল, শক্তিশালী, সজ, দেশভক্ত, সংস্কৃত কৰি তোলা । দুষ্ট জনক দলিয়াই দি কেৱল ভাল কেইজনমান লোকৰ দ্বাৰা দেশ সৱল নহয়। কাৰণ বিশাল জনসংখ্যাৰ দেশত দুষ্ট চিন্তাৰ/লোভী/স্বাৰ্থপৰ/অসংযমী/আত্ম স্বাৰ্থত পৰি দেশ প্ৰেম কি নুবুজা ব্যক...