"পৰম বৈভৱশালী " ৰাষ্ট্ৰৰ সপোন

Taylor Lautner এ কৈছিল - "Honesty and loyalty are key. If two people can be honest with each other about everything, that's probably the biggest key to success." এইটো কেৱল দুজন ব্যক্তিৰ সাফল্যৰ বাবেই চাবি কাঠি  নহয়। সামাজিক জীৱনতো ব্যক্তিৰ প্ৰতিষ্ঠা সততাৰ ওপৰত নিৰ্ভৰ কৰে। সমাজৰ প্ৰতি ব্যক্তিৰ উন্নতি দেশৰ প্ৰগতিৰ অংশ। এনে প্ৰগতিৰ যাত্ৰাত বগোৱা প্ৰতিজন সজ ব্যক্তিৰ প্ৰতি আমাৰ লক্ষ্য থকা দৰকাৰ। কেতিয়াবা তেনে ব্যক্তিয়ে জানি নেজানি ভুল কৰিব পাৰে। কাৰণ মানুহ মাত্ৰেই ভুল হয়। কোনোবাই লোভৰ বশৱৰ্তী হৈও তেনে কৰিবলৈ লয়। তেনে লোকৰ ভুল শুদ্ধ কৰাৰ বাবে অৱগত কৰোৱা বা লোভী ব্যক্তিজনক তেওঁ কৰা ইচ্ছাকৃত কামৰ দ্বাৰা সমাজৰ ক্ষতি সম্পৰ্কে অৱগত কৰি শুদ্ধ হোৱাৰ বাবে প্ৰেৰিত কৰাৰ প্ৰতি সজ  সংস্কাৰিত ব্যক্তিৰ লক্ষ্য থাকে। তেনে ব্যক্তিৰ উদ্দেশ্যে হ'ল সমাজৰ প্ৰতিজন সদস্যক দায়িত্ব শীল, শক্তিশালী, সজ, দেশভক্ত, সংস্কৃত কৰি তোলা । দুষ্ট জনক দলিয়াই দি কেৱল ভাল কেইজনমান লোকৰ দ্বাৰা দেশ সৱল নহয়। কাৰণ বিশাল জনসংখ্যাৰ দেশত দুষ্ট চিন্তাৰ/লোভী/স্বাৰ্থপৰ/অসংযমী/আত্ম স্বাৰ্থত পৰি দেশ প্ৰেম কি নুবুজা ব্যক্তিৰ সংখ্যা হয়তোবা সজ সংস্কৃত ব্যক্তিৰ সংখ্যাতকৈ অনেক বেছি। সেয়ে সেইজনহে সমাজৰ প্ৰকৃত সেৱক হ'ব পাৰে যি সমাজৰ নৱ প্ৰজন্মৰ সকলক ভাৰতীয় সংস্কাৰ সংস্কৃতিৰ আধাৰত সজ নাগৰিক কৰাৰ লক্ষ্য ৰখাৰ উপৰিও আন সকলকো সজ চিন্তাৰ  প্ৰতি আকৰ্ষিত কৰি ভাল নাগৰিকৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰযত্ন কৰিব পাৰে। এনে কৰিলেহে "পৰম বৈভৱশালী ৰাষ্ট্ৰৰ সপোন পূৰ্ণ হোৱা সম্ভৱ। 

ভাল কাৰ্যকৰ্তাৰ মনত ঈৰ্ষা, দ্বেষ, কাৰোবাৰ অনিষ্ট কৰাৰ লিপ্সা জাগ্ৰত নহয় আৰু তেওঁলোকৰ মনত সকলোৰে প্ৰতি ভাতৃত্ববোধ জীয়াই থাকে। কাৰোবাৰ অনিষ্ট চিন্তি কৰি হুল মৰাৰ পৰিবৰ্তে তেওঁ সহৃদয়তাৰে সকলোকে সজ চিন্তাৰে কাম কৰি যোৱাত উদ্বোদ্ধ কৰে। কাৰণ তেওঁৰ লক্ষ্য সমাজৰ সকলোকে সমৃদ্ধিশালী ভাৰত নিৰ্মাণৰ কামত কৰ্মযুক্ত কৰাৰ বাবে প্ৰতিজ্ঞিত হৈহে তেওঁ প্ৰকৃত কাৰ্যকৰ্তাৰ স্তৰত উপবিষ্ট  হৈছে। তেওঁৰ মন বোৱতী নৈৰ দৰে পবিত্ৰ আৰু সমাজৰ সকলো সদস্য দেশৰ ভৱিষ্যত দিনৰ সেৱাত নিযুক্ত হ'বলগা সাম্ভাব্য স্বয়ংসেৱক । সেয়ে "आज नेही तो कल" সকলোৰে প্ৰয়োজন স্বীকাৰ কৰি কাম কৰি যাব লাগিব। সকলোকে নিজ কৰ্মৰ প্ৰতিও  উদ্বুদ্ধ কৰিব লাগিব। যি নিজ কৰ্মৰ প্ৰতি উদাসীন হ'ব তেনে ব্যক্তি সমাজ নিৰ্মাণৰ কামত অপ‌ইতা কাঠৰ লাইখুটাৰ দৰেই। নিজ কৰ্মৰ যোগেদিহে পৰিয়ালৰ প্ৰয়োজন পূৰণ কৰি তাৰে উদ্বৃত্ত সময় আৰু অৰ্থ সমাজৰ কামত বিনিয়োগ সম্ভৱ। সেৱাৰ কাৰ্যৰ বাবে শৰীৰত শক্তি সঞ্চিত কৰিব লাগিব, পৰিয়ালত উৎপন্ন ভৱিষ্যত প্ৰজন্মৰ প্ৰতিপালন কষ্টোপাৰ্জিত অৰ্থেৰে হ'ব লাগিব। তেহে সামাজিক কামৰ উচ্চিষ্ট সমাজ নিৰ্মাণত ব্যয় হ'ব। সামাজিক চিন্তাত সততা বৰ্তি থাকিব। কেৱল সমাজ সেৱাত নিযুক্ত হৈ পাৰিবাৰিক জীৱন নিৰ্বাহৰ চিন্তাধাৰা দুৰ্নীতিৰ বাহক। 

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?