মানুহ মাত্ৰেই ভুল হয়
ঠেংগড়ীজীয়ে কৈছিল, কাৰ্যকৰ্তাই কেতিয়াবা আমাৰ বক্তব্য সঠিকভাৱে বুজাত ভুল কৰিব পাৰে। কেতিয়াবা আমাৰ কৰ্যৰ বিভিন্ন গতিবিধিতো ভুল কৰিব পাৰে। যিহেতু সংঘ মানুহৰ সংগঠন, গতিকে ভুল হোৱাটো স্বাভাৱিক। কাৰণ মানুহ মাত্ৰেই ভুল হয়। ইংৰাজীত কয় To err is human । যদি কাৰ্যকৰ্তাৰ প্ৰেৰণা শুদ্ধ থাকে তেনে কাৰ্যকৰ্তাই কৰা সেই ভুলক প্ৰগতিৰ প্ৰথম পদক্ষেপ বুলি ধৰিব পাৰি। ভুল কৰি কৰিহে কাৰ্যকৰ্তাই বহুত কিবাকিবি শিকে আৰু তেওঁলোকৰ বিকাশ হয়। ভুল কৰিলে পুৰণি কাৰ্যকৰ্তাই বেয়া পাব বুলি ভাবি ভয় কৰিলে তেওঁলোকৰ কাম কৰাৰ উদ্যম নাইকিয়া হ'ব পাৰে। তেনে হ'লে কামৰ গতি ৰোধ হৈ যাব। ভুল কৰক, কিন্তু একেটা ভুলৰ পুনৰাবৃত্তি হ'বলৈ দিব নেলাগে। যি সংগঠনত ভুল কৰাৰ স্বাধীনতা নেথাকে সেই সংগঠনত কাৰ্যকৰ্তা তৈয়াৰ নহৈ ওপৰৰ পৰা দিয়া নিৰ্দেশ কাৰ্যকৰী কৰা "ভাৰবাহী" তৈয়াৰ হ'ব। In the wonderland of Indian managers কিতাপত শ্ৰীশব্দ ৰঙ্গণেকাৰে কৈছিল যে ভুল কৰাৰ সুযোগেই নথকাৰ আগ্ৰহ তেতিয়া হয় যেতিয়া কাম কৰাৰ উদ্যমেই নেথাকে। সেয়েহে তেওঁ কৌতুক কৰি কৈছিল "How to avoid decision making" অৰ্থাৎ উদ্যমহীনতাৰ প্ৰতি আকৰ্ষণ বৃদ্ধি।
ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাম মানুহ তৈয়াৰ কৰা। উদ্যমী, সজ, কৰ্মদক্ষ, দেশ প্ৰেমিক মানুহ তৈয়াৰ কৰিবৰ বাবে সংগঠিত ৰূপত সমাজক শক্তিশালী কৰি তুলিব লাগিব। তাৰবাবে কাৰ্যকৰ্তা তৈয়াৰ কৰিব লাগিব। সেইটোৱেই টান কাম আৰু নেতৃত্বত থকা সকলে অতি কুশলতাৰে নতুন প্ৰজন্মৰ মাজত কাৰ্যকৰ্তা হোৱাৰ আগ্ৰহৰ সৃষ্টি কৰিব পাৰিব লাগিব। ভাৰবাহী নহয়। সৎ , জীৱন মূল্যৰ আধাৰত নিজৰ শুধৰণি কৰাৰ তীব্ৰ ইচ্ছা থকা অনুতপ্ত ব্যক্তিক সুযোগ দিলে তেওঁ নিজৰ ভুলৰ শুধৰণি কৰাৰ চেষ্টা কৰিব পাৰে। শৈশৱৰ পৰা ডাঙৰ হোৱালৈ পদ্ধতি এনেকুৱাই ঃ-
हम गीरे, गीरकर ऊठे, ऊठकर चले।
इस तरह तय की हैं हमने मझीलेँ।।
কাৰ্যকৰ্তা হৈছে সংগঠনৰ কাৰ্যৰ মাধ্যম। কাৰ্যকৰ্তাৰ ওপৰত গুৰুত্ব থাকিলেহে কাৰ্যক্ষেত্ৰ ঠিকহৈ থাকে আৰু স্বচ্ছতা থাকে।
মানুহ স্বভাৱগত ভাৱেই প্ৰাপ্তিৰ আকাঙ্খ্যা লৈ জীয়াই থাকে আৰু সয়ে অন্তহীন অভাৱ পূৰণ কৰাৰ অহৰহ প্ৰযত্ন হয় । তথাপিও দেশমাতৃৰ সেৱাত কিছু লোকে পাৰিবাৰিক জীৱনৰ সুখ-মোহ উৎসৰ্গা কৰি, ভোগ-বিলাস বৈভৱ-আনন্দৰ পৰা আঁতৰি দেশসেৱাত প্ৰবৃত্ত হয়। এনেকুৱা লোকৰ মনত কাম,ক্ৰোধ, লোভ, মোহ, বিলাস-বৈভৱৰ বাসনা নেথাকে। কিন্তু কৰ্মক্ষেত্ৰত অতি অনুকূল পৰিবেশ সৃষ্টি হ'লে , দুষ্ট মনৰ লোকৰ সান্নিধ্যত তেওঁলোকৰো অনেকৰ ত্যাগৰ শিকলি ঢিলা হোৱাৰ উপক্ৰম হয়। ফলত বিলাসী ভ্ৰমণ, ক্ষমতাৰ পাৱাৰ হাউচত বহি বাতানুকুল পৰিবেশ উপভোগ, নিজৰ আয়ত্বত ৰাখিব পৰা ব্যক্তিক ক্ষমতাৰ বিভিন্ন সিংহাসন প্ৰদানৰ প্ৰযত্ন আদিত অজানিতে লিপ্ত হৈ পৰে। এই "হস্তীৰো পিচলে পাৱ, সজ্জনৰো বুৰে নাওঁ" অৱস্থাৰ সৃষ্টিৰ ফলত সংগঠনত ভিন্ন গ্ৰুপৰ সৃষ্টি হয় যিটো সংগঠনৰ উদ্দেশ্যৰ পৰিপণ্ঠি আৰু ই এক ধ্বংসাত্মক বা ঋণাত্মক বাতাবৰণৰ কাৰক। সেয়ে ভাল কাৰ্যকৰ্তাৰ মৌলিক দায়িত্ব এই যে প্ৰলোভনৰ পৰা দূৰত্ব বৰ্তাই ৰাখি সেৱাৰ কামত প্ৰতিকুল পৰিবেশৰ দৰে একাত্ম হৈ সকলোকে কৰ্মযুক্ত কৰি ৰখাৰ প্ৰয়াস নিশ্চিত কৰা। (আগলৈ)

সুন্দৰ
ReplyDelete