ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰৰচাৰক মাননীয় দত্তোপন্ত ঠেংগড়ীজীৰ দূৰদৰ্শী দৃষ্টিৰে



"মোৰ মনৰ কথা শুনিবলৈ, মোৰ মনত থকা আপত্তি বুজিবলৈ কোনো নাই।"  এইধৰণৰ কথা কোনো সংগঠনৰ কাৰ্যকৰ্তাৰ মনত যদি উৎপন্ন হয় তেনে তেওঁৰ মনত কাৰ্যৰ প্ৰতি কুণ্ঠা নিৰ্মাণ হয় আৰু সংপৃক্ত হৈথকা  কাৰ্যৰ প্ৰবাহৰ পৰা লাহে লাহে আঁতৰি যায়। সেয়েহে সকলো কাৰ্যকৰ্তাৰ মনৰ কথা নেতৃত্বত থকা সকলে শুনা দৰকাৰ। ক‌ওঁতাজনৰ কথাবোৰ sympathy সহ শুনা বুলি আশ্বস্ত কৰাতকৈ তেওঁৰ মনৰ কথাৰ সৈতে আমাৰো  empathy আছে বুলি ক‌ওঁতাজনক শুনোতাজনে আশ্বস্ত কৰিব পাৰিব লাগিব।
কেতিয়াবা কেতিয়াবা কাৰ্য্যযুক্ত কৰ্মকৰ্তা বেছি সক্ৰিয় হয় আৰু তেনে কিছুমানৰ মনত অহংকাৰৰ লগতে সদায় সমাজত বাকী সকলৰ আগত অধিকাধিক সন্মান পোৱাৰ ইচ্ছাও বৃদ্ধি হয়। তেনে ক্ষেত্ৰত নেতৃত্ব‌ই  সেই সকলক অনুশাসনত ৰখা আৰু আন সকলো কাৰ্যকৰ্তাকে সমানে সক্ৰিয় কৰি ৰখাটোৱেই সফল নেতাৰ পৰিচয়। যি সকল কাৰ্যকৰ্তাই সংগঠনত নিজৰ position (স্থান) সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰে সেইসকলৰ ভিতৰত কিছু কাৰ্যকৰ্তা এনেকুৱাও থাকে যি সংগঠনত কাম কৰাৰ আঁৰত ব্যক্তিগত স্বাৰ্থ পূৰ্ণকৰাৰ উদ্দেশ্যে নিহিত থাকে। এনে স্বাৰ্থৰ কাৰণে কিছুমান কু-প্ৰবৃত্তিৰ প্ৰভাৱো তেওঁলোকৰ মনৰ ওপৰত থাকে। এই বেয়া প্ৰবৃত্তি সম্ভৱতঃ জন্মগত ভাৱেই কিছু ব্যক্তিৰ মূল স্বৰূপত সোমাই থাকে আৰু তেনে ব্যক্তিয়ে অহংকাৰপূৰ্ণ ব্যৱহাৰৰ মাধ্যমেৰে তেওঁলোকৰ অভিব্যক্তি প্ৰকাশ কৰে। এই প্ৰকৃতিৰ ব্যক্তি সকলৰ পৰা সংগঠনৰ উৎকৰ্ষ সাধনত ব্যাঘাত হয়।''

এই অতি প্ৰয়োজনীয় কথাখিনি ব্যক্ত কৰিছিল ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাননীয় দত্তোপন্ত ঠেংগড়ীজীয়ে তেখেতৰ বিখ্যাত পুথি "কাৰ্যকৰ্তা" ত।  

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?