ৰাজনৈতিক পৰিক্ৰমাৰ পৰিধিৰ বাহিৰত

ছাত্ৰ ৰাজনীতিৰ পিছৰ পৰ্যায়ৰ পৰাই  ৰাজনৈতিক পৰিক্ৰমাৰ পৰিধিৰ বাহিৰত মোৰ অৱস্থান। এটা সময়ত (অগপ দলৰ গঠনত)  সদস্যভূক্ত নোহোৱাৰ পিছতো  অসম আন্দোলনত থকাৰ সুত্ৰে  বহুতে অগপ চৰকাৰৰ ঘনিষ্ঠ লোক বুলি ধাৰণা লৈছিল । পিচলৈ বুজি পালে। পিছৰ সময়ত চৰকাৰ নেথাকোতেও বিজেপিৰ বুলি ভাবিভলৈ ল'লে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এজন স্বয়ংসেৱক আছিলোঁ, আছোঁ আৰু থাকিম যদিও বিজেপি দলত মোৰ কোনো দায়বদ্ধতা নাই। কাৰণ ৰাজনীতি আৰু সামাজিক সংস্থাৰ আদৰ্শগত মিল থাকিলেও কৰ্মত পাৰ্থক্য আছে। বোকা চতিওৱা, ক্ষমতা দখলৰ চিন্তা, ক্ষমতাত অধিষ্ঠিত থকাৰ বাবে ল'ব লগা কৌশল আদি সামাজিক সংস্থাত নেথাকে বা কম থাকে । সেয়ে তাত কুট-কৌশলৰ বিশেষ আৱশ্যক নহয়। যাৰ ল'বলৈ নাই,  পাৰিলে দিবলৈহে আছে তেওঁলোকৰ সমাগম হয়।
ৰাজনীতিত কিন্তু সেইবোৰ লাগিবই ।  সম্পূৰ্ণ পৰিস্কাৰ বাতাবৰণ ইয়াত(ৰাজনীতিত) সম্ভৱ নহয়। সঁচা কথা খোলোচাকৈ প্ৰকাশ কৰাত ইয়াত অসুবিধা আছে। সকলোৱে তেনে পৰিসীমাৰ ভিতৰত থাকিব নোৱাৰে। আদৰ্শ আৰু কৰ্মত flexibility লাগিব ৰাজনীতি কৰিবলৈ। কামবোৰ চলাই নিবলৈ প্ৰচুৰ পুঁজিৰ  প্ৰয়োজনৰ বাবেও দেশত সমান্তৰাল অৰ্থনৈতিক ব্যৱস্থা লাগিব। আৰু সেয়া লাগিলে দুৰ্নীতি সমূলি নাইকিয়া কৰাত অসুবিধা আছে। নিৰ্বাচন আয়োগে বান্ধি দিয়া পৰিসীমাৰ ভিতৰত কোনো দলে দেশত নিৰ্বাচন খেলা সম্ভৱ নহয়। গতিকে এইবোৰ নেথাকিলে ৰাজনীতি নহ'ব। সেয়ে ৰাজনীতি কৰা সকলোৰে বাবে সম্ভৱ নহয়। বহু কথা জন স্বাৰ্থত   প্ৰকাশৰ অযোগ্য থাকে। সেয়ে স্পষ্ট নহয় বহু নিৰপেক্ষ বুদ্ধিজীৱিৰ কথাও।

Comments

  1. স্পষ্ট আৰু দৃঢ় অৱস্থানে জীৱনৰ কক্ষপথ সুচল কৰি তোলাত আপোনাৰ যাত্ৰা লক্ষ্যকেন্দ্ৰিক । বিশৃংখল আৰু উচ্ছৃংখল সাম্প্ৰতিক সমাজত এনে সুন্দৰতা বজাই ৰখোৱাটোৱে এক প্ৰত্যাহ্বান । শুভকামনাৰে__

    ReplyDelete

Post a Comment

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?