৭২তম স্বাধীনতা দিবসৰ চিন্তা

পৰম পূজনীয় নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল - অন্যায়ৰ প্ৰতিবাদ নকৰাটোও এক অন্যতম অপৰাধ ।  স্বাধীনতা আমাক দিব নেলাগে, স্বাধীনতা আমি ল'ম।"

আজি ৭২ তম স্বাধীনতা দিবসত শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, মাতৃ ভাৰতীৰ সভানেত্ৰী প্ৰমুখ্যে বিষয়ববীয়া, প্ৰধান আচাৰ্যা তথা আচাৰ্য-আচাৰ্যা সকল আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে বিদ্যালয় চৌহদত বৰষুণকো নেওচি স্বাধীনতা উৎসৱ পালন কৰে। আজিৰ এই পবিত্ৰ দিনত আমাৰ সকলোলৈ বাৰ্তা আছিল :-
 বিশাল ভাৰতৰ সৰু সৰু ৰাজ্যবোৰৰ ৰাজনৈতিক দায় দায়িত্বত থকা ব্যক্তি সকলৰ ক্ষমতাক লৈ থকা খোৱা কামোৰাৰ ফলতেই আমি মোগলৰ অধীনস্থ হৈছিলোঁ আৰু ভাৰতৰ সম্পদ লুণ্ঠন কৰিবলৈ অহা East India Company ৰ পৰা ১৮৫৮ চনত বৃটিছ ৰাজৰ অধিনস্থ হৈছিলোঁ । আমাৰ নেতা সকলৰ মনত দেশ প্ৰেমৰ তুলনাত ক্ষমতা আৰু সম্পদৰ লোভেই আছিল পৰাধীনতাৰ মূল কাৰণ। এই কাৰ্যত সাধাৰণ জনগণৰ কোনো বিশেষ সংপৃক্ততা নাছিল। প্ৰাচীন ভাৰত বিশ্বৰ একমাত্ৰ জ্ঞানত চহকী দেশ আছিল যদিও জ্ঞান চৰ্চাৰ অৱনতিৰ বাবেই স্বাৰ্থান্ধতাই দেশক পৰাধীন কৰিছিল। জ্ঞান সম্পদশালী হোৱাৰ মূল ইন্ধন বুলি পাহৰি যোৱাটোৱেই  আমাৰ দুৰ্ভাগ্য আছিল আৰু সৌ সিদিনালৈকে আমাৰ চিন্তাৰ আধাৰ তেনেই আছিল। লাহে লাহে চিন্তাৰ পৰিবৰ্তন হ'বলৈ আৰম্ভ হৈছে । ১৯৪৭ চনত ভাৰত স্বাধীন হ'ল যদিও আমি নিজৰ পদ্ধতিগত চৰ্চাবোৰ এৰি বৃটিছ প্ৰদত্ত ইংৰাজী শিক্ষাত প্ৰাধান্য দিলোঁ, যি আমাক গোলামীৰ শিক্ষা অব্যাহত ৰখাত সহায় কৰি আহিছে। বিশ্বৰ উন্নত দেশ কেইখনৰ সকলো ইংৰাজী শিক্ষাৰে শিক্ষিত যে নহয় এই উপলব্ধি আমাৰ অকনো নাই। ইতিহাসৰ চৰ্চা এৰি দিয়াৰ বাবেই আমি অভিজ্ঞ জেষ্ঠ সকলক অনাদৰ কৰাই নহয় , জীৱিত অৱস্থাত #জন্মগুৰুকো #কলংত পেলাই দিব পাৰিছোঁ। এইবোৰ আমাৰ অসূয়া মনোবৃত্তি ভাৰতীয় সংস্কাৰ নহয় আৰু এই বিষয়ে আমি চৰ্চা কৰাৰ প্ৰয়োজন ।

আমি দেশৰ স্বাৰ্থত Compromise কৰা সকলক উভতি ধৰা আৰম্ভ কৰিব লাগিব। সজ উপাৰ্জনৰ যোগেদি দেশৰ সম্পদ বৃদ্ধিৰ প্ৰযত্ন কৰিব লাগিব। কোনোবাই কামকৰি প্ৰতিষ্ঠা পালে তেওঁক আৰু অধিক আহৰণ কৰাত উৎসাহ দিব লাগিব। কাৰণ তেওঁ তাৰ যোগেদি অনেক সংস্থাপন বৃদ্ধিকৰি দেশৰপ্ৰতি সেৱা আগবঢ়াই আছে। মনোভাৱবোৰ #কুটবুদ্ধিৰহীত কৰিবলৈ আজিৰ পৰাই  প্ৰযত্ন আৰম্ভ হ‌ওঁক । অন্যায়-দুৰ্নীতিৰ বিৰূদ্ধে সকলোৱে ঠিয় দিব লাগিব। অন্যায় দেখিও চুপা-চুপি কৰাজন দেশৰ বাবে #সাংঘাতিক #অপৰাধী। সকলোৱে Nation First বুলি দৃঢ় সংকল্পৰে কাম কৰিবলৈ ল'ব লাগিব। সজ Ideology ৰ কোনোবা এজনক কোনো দুষ্টলোকে নিঃশেষ কৰি দিলেও হেজাৰ জনৰ জন্ম হ'ব। Ideology ৰ মৃত্যু কেতিয়াও নহয় । #নেতাজীক আমাৰ মাজৰ পৰা নাইকিয়া কৰা হ'ল যদিও তেখেতৰ Ideology দেশৰ তেজত চিৰদিনৰ বাবে থাকি গ'ল ।

ভাৰতৰ সমূহ শিক্ষিত জনসাধাৰণ, ৰাজনেতা, বুদ্ধি বেপাৰীৰ মনত যদি অকৃত্ৰিম দেশপ্ৰেমৰ ভাব জাগ্ৰত হ'ল হেতেন , আজি ভাৰত আমেৰিকা চিন, বৃটেইন, ফ্ৰান্স আদিৰ আগত থাকিল হেতেন। প্ৰতিজন শিক্ষিত নাগৰিক,বুদ্ধিজীৱি, ৰাজনেতাই অনুভৱ কৰিব লাগিব যে মুদ্ৰাৰ প্ৰচলন সম্পদ বিনিময়ৰ আহিলা মাত্ৰ। ৰাষ্ট্ৰীয় পূজিৰ ব্যৱহাৰত তেওঁলোকে আহৰণ কৰা জ্ঞানক #বিক্ৰীযোগ্য পণ্য বুলি গণ্য কৰাটো ডাঙৰ অপৰাধ ।   #তেওঁলোকক ক্ৰয় বিক্ৰয় কৰাৰ বাবে #মুদ্ৰাৰ প্ৰচলন কদাপি নহয়। সেয়ে  শিক্ষিত সকলে ব্যক্তিগত স্বাৰ্থত দেশৰ ক্ষতি নকৰিব ।  এনে কৰিব পাৰিলে মানৱ সম্পদত চহকী, প্ৰাকৃতিক সম্পদত চহকী, জ্ঞান সম্পদত চহকী ভাৰত ৰাষ্ট্ৰ পৃথিৱীৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ হ'ব। স্বাধীনতা আমাৰ পূৰ্ব পুৰুষৰ ১০০ বছৰৰ কঠোৰ পৰিশ্ৰম আৰু ত্যাগৰ ফল। এয়া কোনো নেতা বিশেষৰ বা দল বিশেষৰ অকলশৰীয়া কৰ্মৰ ফল নহয়। 
বন্দে মাতৰম্

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?