১৯৪৭ ৰ পিছত একেটা নিস্তেজ ধাৰাত প্ৰবাহিত হৈ থকা চৰকাৰী কাৰ্যকলাপৰ বাবে সংখ্যা নিৰ্ভৰ গণতান্ত্ৰিক ব্যৱস্থাই সৰু ৰাজ্য বোৰক উন্নয়নৰ আওতাত ল'ব পৰা নাছিল। গুৰুত্বপূৰ্ণ দায় দায়িত্ব সংখ্যা গৰিষ্ঠ সকলৰ ওপৰত নিৰ্ভৰ কৰিছিল। আমাৰ সৌভাগ্য যে ২০১৪ চনৰ পিছত চৰকাৰে উত্তৰ পূবক অষ্টলক্ষ্মী গণ্য কৰিলে আৰু উন্নয়নৰ ধাৰা কি সেয়া এই অনগ্ৰসৰ অঞ্চলৰ ৰাইজৰ বোধগম্য হৈ উঠিল। কেউদিশে কেৱল উন্নয়ন আৰু উন্নয়নৰ কাম। লাহে লাহে এতিয়া জিলাই জিলাই মেডিকেল, ইঞ্জিনিয়াৰিং, বিশ্ববিদ্যালয়ৰ স্থাপনা হ'ব ধৰিছে। ফ্লাই অভাৰ, অভাৰ ব্ৰীজ চাবলৈ চান্দমাৰী যাৰ নেলাগে এতিয়া। কেউফালে মূৰ ডাঙি উঠিছে উন্নয়নৰ ধাৰাই। কম সময়ত আমি আমাৰ আৰু চুবুৰীয়া ৰাজ্যৰ কেউদিশে এপাক মাৰি আহিব পৰা হৈছোঁ এতিয়া। এয়াই উন্নয়নৰ প্ৰচণ্ড গতি...!! সকলো পৰিবৰ্তন হৈছে, সহজ হৈছে, কামবোৰ সহজ হৈছে, অনলাইন হৈছে, ডিজিটেল হৈছে......, আৰু অনেক পৰিবৰ্তন হৈছে!! এইবোৰৰ মাজত আপোনাৰ চৌপাশৰ আন এটা পৰিবেশ আমাৰ বহুতৰে দৃষ্টি গোচৰ হৈছেনে বাৰু। যাৰ অকণমান অনুভৱ আছে সেই সকলে ভাবিবচোন কথাবোৰ!! মতামত ঐচ্ছিক। কাৰণ #মতামত_দিয়াত অসুবিধা অনেক থাকিব পাৰে। সমগ্ৰ বজ...