ৰাজনীতি আৰু ৰাজনৈতিক কৰ্মকাণ্ড
ৰাজনীতি আৰু ৰাজনৈতিক কৰ্মকাণ্ডৰ সৈতে ১৯৭৯ চনৰ পৰা ওচৰ সমন্ধ হৈছিল। সেই সময়তেই জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উপ সভাপতি, পিছত জে বি কলেজ কমাৰ্চ ষ্টুডেণ্ট ফৰামৰ সাধাৰণ সম্পাদক, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক, তৈল ক্ষেত্ৰ সংগ্ৰাম পৰিচালনা সমিতিৰ যুটীয়া আহ্বায়ক আছিলোঁ। প্ৰয়াত পৰম পূজ্য অধ্যক্ষ কৃষ্ণ কাকতি ছাৰে কলেজৰ বিভিন্ন কামত গুৱাহাটীলৈ পঠাবলৈ ধৰাত দিশপুৰতো মন্ত্ৰী সকলৰ সৈতে সম্পৰ্ক হৈছিল। কোনো দলৰেই নোহোৱাকৈ থকাৰ সুবাদতে তেতিয়াৰ পৰা সকলো চৰকাৰৰ দিনতেই সম্পৰ্ক আছিল যদিও ব্যক্তিগত কোনো কামেই কাৰোপৰা আদায় কৰা নহ'ল। ১৯৮৬ চনত কোনো আবেদন নকৰাকৈ চিড কৰ্পোৰেশ্যনত চাকৰি এটা পাই মই মোৰ পৰম শ্ৰদ্ধাৰ নিয়োগ সহ সঞ্চালক প্ৰয়াত ছাইদুল ইছলাম ছাৰক সুধিছিলো যে এইটো কেনেকৈ সম্ভৱ হ'ল। তেখেতে মন্ত্ৰীৰ ইচ্ছা বুলি কোৱাত মন্ত্ৰী জনৰ ঘৰলৈ গ'লো। তেওঁ মোক যোগদান কৰিলোঁ নে নাই সোধাত ধন্যবাদ দিবলৈকে অহা বুলি কোৱাত গৰজি উঠিছিল। "সেইবোৰ বাদ দিয়া, জয়েন কৰাগৈ" বুলি কওঁতে মই কৈছিলো যে মই ইণ্টাৰভিউ নিদিয়াকৈ পোৱা কামটোৰ বাবে ধন্যবাদ দিলোঁ আৰু এনেকৈ পুতৌ নকৰি ইণ্টাৰভিউ দি প্ৰথম হোৱা জনক দিবলৈ কৈ চাহ খাই গুচি আহিলো। ফলত জীৱনত বহু কষ্ট কৰিবলগীয়া হ'ল। ছোৱালীয়ে কিবা চৰকাৰী চাকৰি এটাত আবেদন কৰিব খোজা সময়ত তাইকো গল্পটো কৈছিলো যে "সাতোৰ সাতোৰ নিজ বাহ বলে...." তেতিয়া মৰো মানটো ৰৈ যায়..!
সময়ত কোম্পানীৰ অ সুৰক্ষিত চাকৰিৰে ইফালে সিফালে কাম কৰিলেও যি ঠাইত আছো সেই ঠাইৰ সামাজিক অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত সম্পৰ্ক বেছি আছিল বা এতিয়াও আছে। মুঠ কথাত সামাজিক সম্পৰ্ক, ৰাজনৈতিক সম্পৰ্ক সদায় আছে। বহু এম এল এ মন্ত্ৰীৰ নম্বৰ আছে, সহৎদয়তা আছে পিছে ব্যক্তিগত খাতিৰ নাই। হ'লেও অনেকজনৰ ভিতৰুৱা কুশল মঙ্গলৰ খবৰো নখ দৰ্পণত আছে। পিছে আগৰ নেতা আৰু এতিয়াৰ নেতাৰ মাজত এটা পাৰ্থক্য দেখি দুখ পাওঁ । এই কথাবোৰ স্পষ্টকৈ কৈ বা লিখি দিবৰ বাবেই ব্যক্তিগত খাতিৰ নাছিল। কোনোবা নেতাই এতিয়াও স্বীকাৰ কৰিব চাগৈ যে দল বদল কৰাত যোগাযোগৰ প্ৰথম মাধ্যম ময়েই আছিলোঁ। হ'লেও খাতিৰত একো বিচৰাৰ অভ্যাস নাই। সেয়ে মোৰ পৰিচয় মোৰ নাম। ৰাজনৈতিক পৰিচয় নাই। ২০১০ ত ৰাজনৈতিক সমীক্ষাত যি প্ৰবন্ধ লিখিছিলোঁ সেয়েই নিৰ্বাচনৰ ফলাফল ওলাইছিল। কাৰণ নিৰপেক্ষ বিচাৰ আছিল। ২০১৪, ২০২১ ৰো একেই। আজিকালি কাকতৰ পৰিবৰ্তে ইয়াতেই লিখি থাকো। হেজাৰোধিক মোৰ অতিশয় শ্ৰদ্ধাৰ পঢ়ুৱৈৰ আশীৰ্বাদ মোৰ বাবে যথেষ্ট।
আগৰ নেতা বোৰৰ লেণ্ড লাইন ফোন আছিল। মোৰো ১৯৮১ তে লোৱা লেণ্ড লাইন এতিয়াও চলি আছে। সেই সময়ত কিবা ৰাজহুৱা কথাত বা অসুখ বিশুখৰ খবৰ ল'বলৈ ফোন কৰিলেও ফোনবোৰ ৰিচিভ হৈছিল। এতিয়া একাধিক মোবাইল থকা নেতায়ো ফোন নধৰে যদিহে আপোনাৰ ৰাজনৈতিক পৰিচয় বা ৰাজনৈতিক পৃষ্ঠপোষকতাত কিবা পদ নেথাকে। ই এক পটন মুখী সামাজিক ব্যাধি। কেতিয়াবা একেখন ঠালত খোৱা জনেও আপোনাক চিনি নোপোৱা ভাও দিয়া দেখো। এইবোৰ কিন্তু ক্ষতিকাৰক। সমাজৰ কাম মাটিৰ মানুহৰ সৈতে সম্পৰ্ক ৰাখিহে হয়। ইনভাত ভৰি থৈ নহয়। আচল খবৰবোৰ কাণত নপৰেগৈ তেতিয়া। মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়া অতি গতিশীল নেতা বাবে তেওঁৰ এই সম্পৰ্কত এক সুক্ষ্ম দৃষ্টি ভঙ্গী আছে আৰু সেয়ে বিভাগীয় মন্ত্ৰীয়ে নজনা কথাও জানে। কাৰণ জন সম্পৰ্ক। ২০০৬ চনত প্ৰথম ৰাজ্য মন্ত্ৰী ৰূপে পৰিচিত হোৱাৰ পৰা হয়তো ২০১৫ চনত মন্ত্ৰী পদ ত্যাগ কৰোঁতে এবাৰ ঘৰত লগ পাইছিলগৈ। তথাপিও মেছেঞ্জাৰত দিয়া বাৰ্তা এতিয়াও পঢ়ে !! চৰকাৰে কিমান ভাল কাম কৰিছে ৰাইজে জানিলেও স্থানীয় নেতৃত্বৰ জন সম্পৰ্ক বৰ দৰকাৰ। তেহে দীৰ্ঘ স্থায়ী ৰাজনৈতিক খিতাপ থাকে। কেতিয়াবা বহলাই লিখিম বাৰু। নেতাৰ চকী বোৰৰ খুৰাবোৰ ৰাইজৰ কান্ধহে। গতিকে নস্যাৎ কৰা বেয়া। ই অনেক ক্ষতি সাধন কৰে যিটোৰ বাবে সংগ্ৰাম কৰাৰ প্ৰয়োজন আহি পৰে।
Comments
Post a Comment