অৰ্থনৈতিক পৰিৱৰ্তন ২০২৫

 ১৯৪৭ ৰ পিছত একেটা নিস্তেজ ধাৰাত প্ৰবাহিত হৈ থকা চৰকাৰী কাৰ্যকলাপৰ বাবে সংখ্যা নিৰ্ভৰ গণতান্ত্ৰিক ব্যৱস্থাই সৰু ৰাজ্য বোৰক উন্নয়নৰ আ‌ওতাত ল'ব পৰা নাছিল। গুৰুত্বপূৰ্ণ দায়‌ দায়িত্ব সংখ্যা গৰিষ্ঠ সকলৰ ওপৰত নিৰ্ভৰ কৰিছিল। আমাৰ সৌভাগ্য যে ২০১৪ চনৰ পিছত চৰকাৰে উত্তৰ পূবক অষ্টলক্ষ্মী গণ্য কৰিলে আৰু উন্নয়নৰ ধাৰা কি সেয়া এই অনগ্ৰসৰ অঞ্চলৰ ৰাইজৰ বোধগম্য হৈ উঠিল। কেউদিশে কেৱল উন্নয়ন আৰু উন্নয়নৰ কাম। লাহে লাহে এতিয়া জিলাই জিলাই মেডিকেল, ইঞ্জিনিয়াৰিং, বিশ্ববিদ্যালয়ৰ স্থাপনা হ'ব ধৰিছে। ফ্লাই অভাৰ, অভাৰ ব্ৰীজ চাবলৈ চান্দমাৰী যাৰ নেলাগে এতিয়া। কেউফালে মূৰ ডাঙি উঠিছে উন্নয়নৰ ধাৰাই। কম সময়ত আমি আমাৰ আৰু চুবুৰীয়া ৰাজ্যৰ কেউদিশে এপাক মাৰি আহিব পৰা হৈছোঁ এতিয়া। এয়াই উন্নয়নৰ প্ৰচণ্ড গতি...!! সকলো পৰিবৰ্তন হৈছে, সহজ হৈছে, কামবোৰ সহজ হৈছে, অনলাইন হৈছে, ডিজিটেল হৈছে......, আৰু অনেক পৰিবৰ্তন হৈছে!!

এইবোৰৰ মাজত আপোনাৰ চৌপাশৰ আন এটা পৰিবেশ আমাৰ বহুতৰে দৃষ্টি গোচৰ হৈছেনে বাৰু। যাৰ অকণমান অনুভৱ আছে সেই সকলে ভাবিবচোন কথাবোৰ!! মতামত ঐচ্ছিক। কাৰণ #মতামত_দিয়াত অসুবিধা অনেক থাকিব পাৰে। সমগ্ৰ বজাৰ অৰ্থনীতি যেন দূৰ্বল হৈ পৰিছে। মানুহৰ হাতত নগদ ধনৰ অভাৱ বেয়াকৈ লক্ষ্যত পৰিছে সকলোৰে। মানুহৰ EMI,, Credit card repayment আদিৰ হেঁচা যেন বৃদ্ধি হৈছে, বজাৰত ঋণ বৃদ্ধি হৈছে, বাণিজ্যিক স্থান বোৰ ক্ৰমৰ্শঃ খালি হোৱৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, ব্যক্তিগত উন্নয়নৰ কাম  যেন সীমিত হ'বলৈ আৰম্ভ কৰিছে.....!!!


অহা দিনবোৰত আপোনাৰ মোৰ ল'ৰা ছোৱালীৰ আত্মনিৰ্ভৰশীল হোৱাৰ সপোন বোৰ যেন থান বান হ'ব এনছ এক সংশয় বৃদ্ধি পোৱা যেন অনুভৱ হ'ব ধৰিছে। সৰু ব্যৱসায়সমূহে অন লাইন ব্যৱসায়িক বৃহৎ প্ৰতিষ্ঠান সমূহৰ সন্মুখত শীৰ নত কৰিব লগা হৈছে, ঠিকাবোৰ বিয়াগোম আকাৰৰ হৈ থলুৱা সকলক replace কৰা আৰম্ভ কৰিছে। স্কুল- কলেজৰ নিৰ্মাণ কৰা মানুহ/ঠিকাদাৰ প্ৰতিষ্ঠাণ বৰ্হিৰিজ্যৰ পৰা আহিছে নেকি বাৰু....! সময়ৰ তাগিদাত উদ্যোগ ৪, উদ্যোগ ৫ পদ্ধতি আহিছে ভাল হৈছে। ই অতি দৰকাৰী। পিছে সেইবোৰ বৃহৎ পূজিপতিৰ হাততহে সম্ভৱ হ'বগৈ। তেনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পৰা ধনাধ্য স্থানীয় লোক কিমান আছে আমাৰ ?? পিছে তাত কাম কৰাৰ বাবে আমাৰ যোগ্যতা বৃদ্ধি হৈছেনে নাই সেয়া কোনে চাইছে !!! ষ্টেটিচটিকেল ডাটা আৰু বাস্তৱ অৰ্থনৈতিক স্থিতিৰ তুলনা কোনে কৰিছে...! ক'ৰবাত এটা ডাঙৰ খালি ঠাই (Vacuum) হৈছে নেকি বাৰু??? কথাবোৰ পাতি চাবচোন নিজৰ মনৰ সৈতে, নিজৰ পৰিসৰৰ মানুহৰ সৈতে, নিজৰ পৰিসীমাত থকা বাণিজ্যিক কৰ্যত জড়িত সকলৰ সৈতে....! 


আমি  ২০২৪ চনত কাকতৰ সম্পাদকীয় পৃষ্ঠাত এটা লেখা লিখিছিলোঁ। "তৃতীয় বৃহত্তম অৰ্থনীতিৰ দিশে ভাৰত" । বৰ্তমান ভাৰতৰ স্থান চতুৰ্থত প্ৰবেশ কৰিছে। তৃতীয় হ'লে দেশৰ সাৰ্বজনীন উন্নতিৰ লগতে সাধাৰণ প্ৰজাৰ উন্নতি হ'বনে নহ'ব তাৰ ওপৰতহে আমাৰ অস্তিত্ব নিৰ্ভৰ কৰিব। উন্নয়ন লাগিব‌ই। তাৰ সমান্তৰালকৈ সাধাৰণ মানুহে বিনামূলীয়া খাদ্য, চিকিৎসা, শিক্ষা আদিত নিৰ্ভৰ নহৈ আত্ম বিশ্বাস লৈ দেশৰ উপাৰ্জনৰ অংশীদাৰ হ'ব পাৰিব লাগিব। নহ'লে কিন্তু বিপদ নিশ্চিত। নিজৰ অনুভৱ আত্ম বিশ্লেষণ/মন্থন কৰি প্ৰকাশ কৰাৰ চেষ্টা কৰক। পাৰিলে কৰিব। ইহে নৱ প্ৰজন্মৰ বাবে কিবা উপায় হয়তো উদ্ভাৱন কৰিবলৈ চৰকাৰক চিন্তাৰ খোৰাক দিব। শুভ ৰাত্ৰি

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?

আপোনাৰ লেখাত বা চিন্তাত প্ৰভাৱৰ অভাৱ হ’ব নিদিব !!!