পুৰণি স্মৃতি

 আগৰ জুহালত খৰিৰ জুই আৰু ৰান্ধনী ঘৰত এখন বাঁহৰ চাং বহুতেই চাগৈ দেখিবলৈ পাইছিল। পিছলৈ বোধহয় ১৯৭৪ মানত আমাৰ ঘৰলৈ LPG (Liquified Petroleum Gas) আহিছিল। তথাপিও আমাৰ জুহাল কিন্তু বহুদিনলৈ আছিল। ককা দেউতাৰ আগ্ৰহত নিজাকৈ পকা ঘৰ এটা দেউতাই বনাইছিল যদিও ওফলত খেৰ দি কৰিছিল বাবে অধিক গৰমতো আমাৰ ঘৰটো বৰ আৰামদায়ক আছিল। পাগঘৰ বহু বছৰলৈ কেঁচা আছিল যিটোৰ সৈতে এটা ঢেকীঘৰো সংলগ্ন আছিল। গেছৰ ব্যৱহাৰ অতি কম হৈছিল। কাৰণ খৰিৰ অভাৱ নাছিল আৰু খৰিৰ জুইত কাষ্ট আইৰণৰ কেৰাহীত ৰন্ধা আঞ্জা, মাছ মাংসৰ সোৱাদ সুকীয়া আছিল যি অনন্য। প্ৰেছাৰ কুকাৰ ঘৰলৈ আহিছিল গেছ অহাৰ আগত। তাৰ ৰং বৰণ সুন্দৰ কৈ ৰাখিবৰ বাবে মায়ে তলত মিঠাতেল অকণমান সানি কেৰাচিনৰ জনতা ষ্টভত দিছিল। তেতিয়া ভাতটো কুকাৰৰ বৰ প্ৰিয় হৈছিল। নতুনৰ প্ৰতি আগ্ৰহৰ বাবেই চাগৈ!! সৰুতে মনত থকা কথা এটা নক'লে বেয়া লাগিব বুলিয়েই কৈ দিওঁ আৰু...!! কাঠ খৰিৰ এঙাৰ বোৰ পটাত পিহি তাত জোখ মতে নিমখ অকণমান দি দেউতাই টেমা এটাত ভৰাই থয়। সকলোৱে তাৰেই পুৱা দাঁত মাজে। মই সৰু বাবে কোঁচত বহুৱাই নিজৰ আঙুলিৰে মোক দেউতাই দাঁত ঘঁহি দিছিল। পিছলৈ দন্ত মঞ্জন আহিল আৰু নিজেই ধুব পৰা হ'লো। এইটো সাধাৰণ মানুহৰ প্ৰায় সকলোৰে এই ব্যৱস্থা আছিল। লাহে লাহে দাঁত ব্ৰাছ, টুথ পেষ্ট বোৰ আহিল। কনডেন্স মিল্কৰ দিনবোৰৰ কথা এতিয়াও বৰকৈ মনত পৰে।

দেউতা বৰ কম কথা কোৱা মৰমীয়াল ব্যক্তিৰ অধিকাৰী আছিল যদিও খং উঠে বুলি আমি বৰ সাৱধান আছিলোঁ। অত্যন্ত মিতব্যয়ী আছিল তেওঁ। অকাৰণত কেতিয়াও ব্যয় নকৰিছিল আৰু আমাকো শিকোৱাৰ প্ৰয়াস কৰিছিল। সম্পদৰ প্ৰতি আক্ৰোশ নাছিল বাবেই ৰবীনহুদ চাইকেল খনতেই চাকৰি জীৱন পাৰ কৰিছিল। অতি গধূৰ চাইকেল খন made in England আছিল আৰু নিজৰ টিউশ্যনৰ প‌ইচাৰে 2nd hand লৈছিল। বিয়াৰ পিছত ঘৰখন চলিবলৈ উপাৰ্জন কৰা সমস্ত ধন মাৰ পৰিবৰ্তে আইতাৰ হাতত দিছিল। এনে একোটা দিনো গৈছিল যে মাহীহঁত আহোঁতে কিবা বিস্কুট পেকেটত কিনিব নোৱাৰি মাৰ চকু পানী ওলাইছিল। ঘৰৰ মানুহো আছিল তেতিয়া এপাল...। স্মৰণীয় কথা এটা নক'লে আধৰুৱা হ'ব। পুৱা চাৰিমান বজাত উঠিলে ৰাষ্টাত মূৰত টিং একোটা লৈ যোৱা মানুহ দেখা পাইছিলো সদায়। আমাৰ ৰাষ্টাৰ মূৰৰ মালৌ আলি মূল পথত এটা টেংক লাগি থকা এখন ট্ৰেক্টৰ ৰৈ থাকে। মূৰত লৈ যোৱা টিংবোৰ মানুহ বোৰে তাত ঢালি দিয়ে। তেতিয়া চাৰ্ভিচ লেট্ৰিন আছিল। এটা খালি টিং লগাই পুৰা টিংটো পুৱাই লৈ যায়। এয়া পৌৰ এলাকাৰ কাম। ১৯৭৫ চনত আমাৰ ঘৰত প্ৰথম ইণ্ডিয়ান ক'মড সহ চেনিটেৰী লেট্ৰিন হৈছিল। তাৰ আদৰ পৰিচৰ্যা কম নাছিল। লগতে এটা ষ্টেণ্ডাৰ্ডো হ'ল। সেইটো কৰিবলৈ দেউতাই অফিচৰ পৰা ঋণ লৈছিল। চিমেণ্ট বোধহয় বেগত ১০.৭৫ মান আছিল। তাৰ বাবে চাপ্লাই অফিচত আবেদন কৰিব লাগিব। লাইন পাতি ল'ব লাগিব। 

দেউতা যেতিয়াৰ দিনতে বি.কম আছিল। বিয়াৰ পিছত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা পাছ কৰিছিল তেওঁ। টিউশ্যন আৰু প্ৰাইভেট চাকৰিৰ পৰা আৰ্জন কৰা ধন আইতাক দি দিয়াৰ পিছত কলেজৰ ফিজ ক'ৰ পৰা দিব?? গতিকে পৰীক্ষা নিদিয়াৰ সিদ্ধান্ত হ'ল। মায়ে গম পাই নিজৰ দদায়েকক মনে মনে কৈছিল কৰাটো। তেওঁলোক যোৰহাটৰ অৱস্থাপন্ন ঘৰৰ আছিল । পিছে কলেজৰ কেৰাণীৰ পৰখমৰ্শত দেউতাই এবছৰৰ ফিজ মাফ বিচাৰি অধ্যক্ষ মহোদয়ক আবেদন এখন দিবলৈ গ'ল। অতি জ্ঞান সম্পন্ন লব্ধপ্ৰতিষ্ঠ পূজ্য বক্তি কৃষ্ণ কান্ত সন্দিকৈ ডাঙৰীয়া তেতিয়া জে বি কলেজৰ অধ্যক্ষ আছিল। তেখেতে দেউতাক কেৱল কাৰ ল'ৰা সুধিলে আৰু কিবা এটা লিখি কাগজখন কলেজত দিবলৈ দি পঠালে। ইমান খিনি সময়ত দেউতাৰ সৰ্ব শৰীৰৰ কাপোৰ ঘামত তিতি গৈছিল। গতিকে কাগজ খন কলেজত আহি দিয়া লৈকে খুলি চোৱাই নহ'ল। কেৰাণীয়ে চাই ক'লে -"তোমাৰ দুবছৰৰ ফিজেই মাফ কৰি দিলে দেখোন...!" যি হ‌ওক, দদাইদেউৰ (মাৰ) চমন পাই গধূলি দেউতা বৰকটকী কোম্পানী পালে। তেখেতে দেউতাৰ স্বাভিমান সম্পৰ্ক জানিছিল। সেয়ে অতি কম কথাৰে পৰীক্ষা কেতিয়া হ'ব, ফৰ্ম ফিলাপ কৰিলানে নাই আদি সুধিলে আৰু পিছত বোধহয় ক'লে যে এই ৰূপ ১০০ লৈ যোৱা আৰু কালিলৈ ফৰ্মখন ফিলাপ কৰি দিবা। তোমাৰ দৰমহা পোৱাৰ দিনাই মোক ঘুৰাই দিবা দেই।" বুলি টকাটো দিয়েই পঠালে। দেউতাই নেজানিলে যে মায়ে কথাটো কোৱাৰ বাবে এনে হ'ল!!

এই যে জীৱনটো তেওঁৰ সিয়েই তেওঁক মনত এটা শক্তি দিছিল যাৰ বাবে অনেকজন আৰ্থিক ভাবে দূৰ্বল ল'ৰাক পঢ়া শুনাত সহায় কৰিছিল। কেতিয়াও সহায় কৰাৰ প্ৰতিদান কাৰোপৰা নল'লে। আমাকো কৈছিল যে- "নিজে থিয় হোৱাৰ কৃতিত্ব তেতিয়া পূৰ্ণ হয় যেতিয়া কষ্টৰ ধনেৰে তহঁতে আন চাৰিজনক তহঁতৰ নিজতকৈ ভাল স্থানত উপনীত হোৱাত সহায় কৰিব পাৰিবি। পিছে সহায় ঈশ্বৰৰ ওচৰত আগবঢ়োৱা অৰ্পণহে। তাৰ প্ৰতিদান আকাঙ্খ্যা নকৰিবিহঁক। " এটা পাহৰিব নোৱাৰা মনস্তাত্বিক দিশ যিটো হয়তো আমি সামৰি লোৱাত সিমান সফল নহ'লো। অনেককে তেওঁলোকৰ জীৱনৰ প্ৰতিষ্ঠাৰ শৃঙ্গ বগাবলৈ কান্ধপাতি দিছিলোঁ যদিও তেওঁলোকৰ বহুতেই মোৰ তেতিয়াৰ বা এতিয়াৰ সেই একেই ষ্টেটাচৰ ওপৰলৈ যোৱাত পিছলৈ কেতিয়াও মোৰে সান্নিধ্য নেৰাখিলে। ইও মোৰ বাবে আশীৰ্বাদেই আছিল।


আৰ্তজনক সহায় কৰাৰ সময়ত দেউতাৰ হাতত কেনেকৈ ধন ওলাই আমি নেজানো। জানো যে ১০ প‌ইচা লৈকে খৰছবোৰ বহী এখনত লিখি যায়। ১৯৫২ ৰ পৰা ২০১৫ ৰ ভিতৰত আয় ব্যয়ৰ পৰিবৰ্তন কি হৈছিল দেউতাই লিখা বহীখনত পাওঁ। ধন নথকা মানুহ ঘৰত শ্ৰাদ্ধ কৰ্মভাগ কিমান নিম্নতম কৰিব পাৰে তাৰ বাজেট যদি কাৰোবাক বনাই দি পুৰোহিত জনক কৈ দিছে সেয়াও লিখি থৈছিল। বিতৰ্ক, যুঁজ আদিৰ পৰা সদায় নিলগত থাকে। ৰাজহুৱা হিচাপ পৰীক্ষণ কৰিবলৈ দেউতাক সকলোৱে দিব নিবিচাৰে।" মিলিব লাগে মিলাব লাগে, জিন যাবলৈ হ'লে" পদ্ধতি দেউতাই গ্ৰণ নকৰিব বুলি সকলোৱে বিশ্বাস কৰিছিল যে!!! সিদ্ধান্তত তেওঁ অটল আছিল। ১৯৮৪ চন মানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰ-কাৰ্যবাহ পৰম পূজনীয় ৰাজু ভাইয়া যোৰহাট আহোতে আমাৰ ঘৰত প্ৰবাস কৰিছিল। লগৰ সকলোৱে দেউতাক থাকিবলৈ দিবলৈ মানা কৰিছিল। দেউতা যেতিয়া লক্ষীমপুৰত উপ পঞ্জীয়ক, সমবায় আছিল। দেউতাই কৈছিল য়ে "৩৩ বছৰ কাম কৰাৰ পাছত চাকৰি গ'লেও যাব, অতিথিক আপ্যায়ন কৰিব‌ই লাগিব।" অথচ্ দেউতাৰ সৈতে সংঘৰ সম্পৰ্ক নাছিল। সম্পৰ্ক মোৰহে আছিল!!

আজি বোলে পিতৃৰ দিন, সেয়ে তেওঁৰ স্মৃতিৰ কিয়দংশ লিখি শ্ৰদ্ধাৰ্ঘ যাঁচিলো।

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?

আপোনাৰ লেখাত বা চিন্তাত প্ৰভাৱৰ অভাৱ হ’ব নিদিব !!!