Posts

Showing posts from March, 2025

জ্ঞান আহৰণৰ পৰিসৰ অখণ্ড, ইয়াৰ চমু পথ বিচৰাটো বুদ্ধিমানৰ কাম নহয়

Image
জ্যোতিষশাস্ত্র অনুসৰি, লগ্নত বৃহস্পতি থাকিলে জাতক বা জাতিকাৰ জীবনত সাধাৰণতে শুভ ফল দেখা যায়। তেনে সৌভাগ্যবান ব্যক্তি জ্ঞানী, বুদ্ধিমান, ধর্মপৰায়ণ হয় আৰু তেনে ব্যক্তিৰ জীবনত উন্নতি ও সমৃদ্ধি অহাৰ সম্ভাবনা থাকে। সংস্কৃতত এটা শ্লোক আছে য’ত কৈছে "किं कुर्वन्ति ग्रहाः सर्वे यस्य केन्द्रे बृहस्पति ।" এই শ্লোকৰ মান্যতা কাকতত দিয়া দৈনিক ৰাশিফলৰ দৰে গড় ফলাফল মাত্ৰ। লগ্নত বৃহস্পতিৰ শুভ ফলবোৰ কি ? : #জ্ঞান_আৰু_বুদ্ধি : লগ্নত বৃহস্পতি থাকাৰ কাৰণে জাতক বা জাতিকাৰ জ্ঞান, বুদ্ধি আৰু প্রজ্ঞা বৃদ্ধি পায়। #ধর্ম_আৰু_আধ্যাত্মিকতা : তেনে লোক ধর্ম আৰু আধ্যাত্মিকতাৰ প্রতি বেচি আকৃষ্ট হয় আৰু সজ কৰ্মত লিপ্ত থাকে। #সাফল্য_আৰু_উন্নতি : তেওঁলোকৰ জীবনত উন্নতি, সমৃদ্ধি আৰু সাফল্যৰ সম্ভাবনা বেছি থাকে। #শুভ_সম্পর্ক : তেওঁলোকৰ ভাল সংগ আৰু সু-সম্পর্ক থাকে। #সুখ_শান্তি : বৃহস্পতি বলবান থাকিলে জাতকৰ জীবনত সুখ-শান্তি বৃদ্ধি পায়. #আয়_বৃদ্ধি : বৃহস্পতি বলবান থাকলে আয় বৃদ্ধি হ’ব পাৰে। ( জন্মৰ সময়ত গ্ৰহটোৰ ডিগ্ৰীৰ ওপৰতো তাৰ বল নিৰ্ভৰ।) অন্যান্য প্রভাব: #কামৰ_প্রতি_মনোযোগ : তেওঁলোকে তেওঁলোকৰ কামৰ প্ৰতি প্রতি ...

ওপৰলৈ পানী চতিয়ালে নিজৰ গাত পৰিব‌ই।

Image
কেতিয়াবা বাৰু আপোনাৰ মনলৈ এক দোধোৰ মোধোৰ অৱস্থা নাহে নে- "উত্তম, অতি উত্তম আৰু সৰ্বোত্তম"-ৰ সিদ্ধান্ত বিচাৰি!! চিন্তা নাহে নে যে ৰাজহুৱাকৈ আপুনি প্ৰকাশ কৰা চিন্তাই সমাজৰ সাধাৰণ লোকক উপকৃত কৰিব বা ই সমাজক বিপথে পৰিচালিত কৰি আপোনাক ব্যক্তিগত ভাবেহে লাভৱান কৰিব !! কেতিয়াবা চিন্তা হয়নে যে আপোনাৰ সন্মুখতে হোৱা কোনো ঘটনাৰ সম্পূৰ্ণ বিপৰীত এক বাৰ্তা দি কোনোবাই ৰাইজৰ ধ্যান আকৰ্ষণ কৰাত সফল হয় !! এই কথাবোৰ ভাবি মই কিন্তু প্ৰায়েই বিতত হ‌ওঁ। আচলতে এনে কিয় হয় ? সুৰ্যৰ সোণোৱালী কিৰণৰ প্ৰলেপ লোৱাৰ সময়ৰ পৰা সূৰ্যাস্তৰ নিবৃত্তিৰ সময়লৈ আমি সত্য অনুভৱৰ আৱৰণত প্ৰলেপ সনাৰ অভ্যাসেই জানো আমাক এনে অৱস্থালৈ লৈ যোৱা নাই !! সিদিনা এগৰাকী প্ৰসিদ্ধ সাহিত্যিকৰ এজন ৰাজনৈতিক নেতালৈ লিখা পত্ৰ এখনৰ সাৰাংশ শুনি মনটো আৰু অধিক দোমোজাত পৰিল। সমাজৰ হৈ, সমাজৰ হিতাৰ্থে অহৰহ চিঞৰি থকা ব্যক্তি এজনলৈ লিখা পত্ৰখন সঁচাকৈয়ে এখত অতি গুৰুত্বপূৰ্ণ চিঠি। মায়ে কৈছিল "ওপৰলৈ পানী চতিয়ালে নিজৰ গাত পৰিব‌ই পৰিব।" আমি আক্ৰমণৰ খাতিৰত আক্ৰমণ কৰি নিজৰ স্থিতি শক্তিশালী কৰিব পাৰোঁ জানো?? বৌদ্ধিক জগতকো কেতিয়াবা আক...

শত কৌটি কিলোগ্ৰাম আৱৰ্জনাৰ মাজতেই সেই অমূল্য ধন প্ৰাপ্তিৰ স্থান

Image
            প্ৰায় সকলোৰে আদৰৰ মহা মূল্যবান সোণকণ আহৰণ কৰিবলৈ কিমান কষ্টকৰ সেয়া জানেনে? মধ্যমীয়া খনিত হেনো প্ৰতি টন আঁকৰ পৰিস্কাৰ কৰি ০৪/০৬ গ্ৰাম মাত্ৰ সোণহে উদ্ধাৰ কৰা হয়। এই যে কষ্ট সাধ্য কামটো কৰাৰ বাবেই আমি জাকত জিলিকি উঠাৰ সুযোগ পাওঁ, তেতিয়া আমি জানো উপলব্ধি কৰিবৰ প্ৰয়োজন হয় যে কোনোবাই গভীৰ ভূখণ্ডত অত্যন্ত পৰিশ্ৰম কৰি আমাৰ বাবে সেয়া উদ্ধাৰ কৰি আনিছিল!! চৌদিশে দেখা পোৱা আৱৰ্জনাৰ মাজতো ক'ৰবাত কাৰোবাৰ হাতৰ বা কাণৰ পৰা সুলকি যোৱা সেই অমূল্য ধাতুৱে তাৰ মসৃণতা হেৰুৱাই নেপেলায়। কাৰণ সেয়া #সোণ । আমি বিশ্বাস ৰাখিব লাগিব। শত কৌটি কিলোগ্ৰাম আৱৰ্জনাৰ মাজতেই সেই অমূল্য ধন প্ৰাপ্তিৰ স্থান, প্ৰকৃতিৰ অৱদান। নিৰাশাৰ গহ্বৰত নিশ্চুপ হৈ শিৰ নত কৰি জীৱন ব্যতীত কৰিলে তাৰ সন্ধান জানো ওলাব !! সময়ক, প্ৰকৃতিয়ে লেপি থৈ যোৱা বতাহ জাকক অৱজ্ঞা কৰি অভিজ্ঞতা বোটলা সম্ভৱ জানো? মেঙ্গালুৰুত থকা ভাইটীটোৱে সাগৰীয় মাছ বোৰ, চন্দা মাছবোৰ দেখি ইয়াত পোৱা #ককিলাৰ #বৰালী , #লুইতৰ_ৰৌ_বাহুলৈ মনত পেলাই দুখ প্ৰকাশ কৰিছে। তাকে শুনি আমাৰ পৰিবাৰে শোণিতপুৰৰ #জিয়া_ভৰলীৰ #শিলঘৰীয়...

কৰ্ম কৰাৰ পদ্ধতি আৰু আমাৰ কৰ্ম

Image
সকলো লোকৰে কৰ্ম কৰাৰ পদ্ধতি সুকীয়া হয়। কোনোবাজনে কৰ্ম কৰাৰ বাধ্যবাধকতাৰ বাবে ৰ্কম কৰে, কোনোবাই আকৌ কৰ্ম কৰাৰ সময়ত নিজ কৰ্ম পদ্ধতি আন সকলোতকৈ উত্তম গণ্য কৰি কৰে, কোনোবাই কৰ্ম কৰি সুখ অনুভৱ কৰে। কৰ্ম কৰাৰ পদ্ধতিত কোনোবাই কলা সুলভ স্বতন্ত্ৰ প্ৰতিভাক সংযোগ কৰে, যি সকলোকে আকৰ্ষণ কৰে। জ্ঞান দানৰ প্ৰক্ৰিয়াত ই বেছিকৈ প্ৰযোজ্য হোৱা দেখা যায়। কাম কৰাৰ সময়ত নিজৰ পৰিসৰৰ বাহিৰতো বিষয় সংলগ্ন অনেক কথাই জনাৰ আগ্ৰহে অনেকক কৰ্ম স্থানত জনপ্ৰীয় কৰি তোলে। আমি কি বিষয়ত অধ্যয়ন কৰিছিলো আৰু জনাৰ আগ্ৰহে আমাক কোন দিশত পাৰ্গত কৰে তাৰ উমান পোৱা সঁচাকৈয়ে বৰ টান কাম। দৃষ্টি নিৰ্ভৰ কথাহে এইটো। আপুনি ৰোৱা গছ পুলিটোৰ পৰা ভৱিষ্যত দিনত পাব লগা ফলটোৰ বিষয়ে ভিজুৱেলাইজ কৰাৰ লগতে তাৰ পৰিবৰ্তন, তাৰ পৰা পোৱা আন অনেক জ্ঞান হয়তো তাৰ মাজতে সোমাই থাকে। ঘৰৰ আম জোপাত লগা ফলবোৰ একাদিক্ৰমে পৈনত হৈ পকোতে চাই ভাল লাগে। পকা আমবোৰ বাছি বাছি সৰাই থাকিলে বাকী আমখিনি পকোতে সময় যে লাগে তাতো এটা জানিব লগা বিজ্ঞানৰ কথা হয়তো সোমাই থাকে। ঠিক তেনেকৈয়ে আমি জীৱনত সংলগ্ন হোৱা বিভিন্ন কৰ্মৰো অনেক দিশ ভবাৰ প্ৰয়োজন, যি আমাক অনেক নতুন নতুন জ্ঞান দিব পাৰে...