Posts

Showing posts from November, 2018

"পৰম বৈভৱশালী " ৰাষ্ট্ৰৰ সপোন

Taylor Lautner এ কৈছিল -  "Honesty and loyalty are key. If two people can be honest with each other about everything, that's probably the biggest key to success." এইটো কেৱল দুজন ব্যক্তিৰ সাফল্যৰ বাবেই চাবি কাঠি  নহয়। সামাজিক জীৱনতো ব্যক্তিৰ প্ৰতিষ্ঠা সততাৰ ওপৰত নিৰ্ভৰ কৰে। সমাজৰ প্ৰতি ব্যক্তিৰ উন্নতি দেশৰ প্ৰগতিৰ অংশ। এনে প্ৰগতিৰ যাত্ৰাত বগোৱা প্ৰতিজন সজ ব্যক্তিৰ প্ৰতি আমাৰ লক্ষ্য থকা দৰকাৰ। কেতিয়াবা তেনে ব্যক্তিয়ে জানি নেজানি ভুল কৰিব পাৰে। কাৰণ মানুহ মাত্ৰেই ভুল হয়। কোনোবাই লোভৰ বশৱৰ্তী হৈও তেনে কৰিবলৈ লয়। তেনে লোকৰ ভুল শুদ্ধ কৰাৰ বাবে অৱগত কৰোৱা বা লোভী ব্যক্তিজনক তেওঁ কৰা ইচ্ছাকৃত কামৰ দ্বাৰা সমাজৰ ক্ষতি সম্পৰ্কে অৱগত কৰি শুদ্ধ হোৱাৰ বাবে প্ৰেৰিত কৰাৰ প্ৰতি  সজ  সংস্কাৰিত ব্যক্তিৰ লক্ষ্য থাকে। তেনে ব্যক্তিৰ উদ্দেশ্যে হ'ল সমাজৰ প্ৰতিজন সদস্যক দায়িত্ব শীল, শক্তিশালী, সজ, দেশভক্ত, সংস্কৃত কৰি তোলা । দুষ্ট জনক দলিয়াই দি কেৱল ভাল কেইজনমান লোকৰ দ্বাৰা দেশ সৱল নহয়। কাৰণ বিশাল জনসংখ্যাৰ দেশত দুষ্ট চিন্তাৰ/লোভী/স্বাৰ্থপৰ/অসংযমী/আত্ম স্বাৰ্থত পৰি দেশ প্ৰেম কি নুবুজা ব্যক...

মানুহ মাত্ৰেই ভুল হয়

ঠেংগড়ীজীয়ে কৈছিল, কাৰ্যকৰ্তাই কেতিয়াবা আমাৰ বক্তব্য সঠিকভাৱে বুজাত ভুল কৰিব পাৰে। কেতিয়াবা আমাৰ কৰ্যৰ বিভিন্ন গতিবিধিতো ভুল কৰিব পাৰে।  যিহেতু সংঘ মানুহৰ সংগঠন, গতিকে ভুল হোৱাটো স্বাভাৱিক। কাৰণ মানুহ মাত্ৰেই ভুল হয়। ইংৰাজীত কয় To err is human । যদি কাৰ্যকৰ্তাৰ প্ৰেৰণা শুদ্ধ থাকে তেনে কাৰ্যকৰ্তাই কৰা সেই ভুলক প্ৰগতিৰ প্ৰথম পদক্ষেপ বুলি ধৰিব পাৰি। ভুল কৰি কৰিহে কাৰ্যকৰ্তাই বহুত কিবাকিবি শিকে আৰু তেওঁলোকৰ বিকাশ হয়। ভুল কৰিলে পুৰণি কাৰ্যকৰ্তাই বেয়া পাব বুলি ভাবি ভয় কৰিলে তেওঁলোকৰ কাম কৰাৰ উদ্যম নাইকিয়া হ'ব পাৰে। তেনে হ'লে কামৰ গতি ৰোধ হৈ যাব। ভুল কৰক, কিন্তু একেটা ভুলৰ পুনৰাবৃত্তি হ'বলৈ দিব নেলাগে।   যি সংগঠনত ভুল কৰাৰ স্বাধীনতা নেথাকে সেই সংগঠনত কাৰ্যকৰ্তা তৈয়াৰ নহৈ ওপৰৰ পৰা দিয়া নিৰ্দেশ কাৰ্যকৰী কৰা "ভাৰবাহী" তৈয়াৰ হ'ব। In the wonderland of Indian managers কিতাপত শ্ৰীশব্দ ৰঙ্গণেকাৰে কৈছিল যে ভুল কৰাৰ সুযোগেই নথকাৰ আগ্ৰহ তেতিয়া হয় যেতিয়া কাম কৰাৰ উদ্যমেই নেথাকে। সেয়েহে তেওঁ কৌতুক কৰি কৈছিল " How to avoid decision making " অৰ্থাৎ উদ্যমহীনতাৰ প্ৰতি আকৰ্ষ...

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰৰচাৰক মাননীয় দত্তোপন্ত ঠেংগড়ীজীৰ দূৰদৰ্শী দৃষ্টিৰে

Image
"মোৰ মনৰ কথা শুনিবলৈ, মোৰ মনত থকা আপত্তি বুজিবলৈ কোনো নাই।"  এইধৰণৰ কথা কোনো সংগঠনৰ কাৰ্যকৰ্তাৰ মনত যদি উৎপন্ন হয় তেনে তেওঁৰ মনত কাৰ্যৰ প্ৰতি কুণ্ঠা নিৰ্মাণ হয় আৰু সংপৃক্ত হৈথকা  কাৰ্যৰ প্ৰবাহৰ পৰা লাহে লাহে আঁতৰি যায়। সেয়েহে সকলো কাৰ্যকৰ্তাৰ মনৰ কথা নেতৃত্বত থকা সকলে শুনা দৰকাৰ। ক‌ওঁতাজনৰ কথাবোৰ sympathy সহ শুনা বুলি আশ্বস্ত কৰাতকৈ তেওঁৰ মনৰ কথাৰ সৈতে আমাৰো  empathy আছে বুলি ক‌ওঁতাজনক শুনোতাজনে আশ্বস্ত কৰিব পাৰিব লাগিব। কেতিয়াবা কেতিয়াবা কাৰ্য্যযুক্ত কৰ্মকৰ্তা বেছি সক্ৰিয় হয় আৰু তেনে কিছুমানৰ মনত অহংকাৰৰ লগতে সদায় সমাজত বাকী সকলৰ আগত অধিকাধিক সন্মান পোৱাৰ ইচ্ছাও বৃদ্ধি হয়। তেনে ক্ষেত্ৰত নেতৃত্ব‌ই  সেই সকলক অনুশাসনত ৰখা আৰু আন সকলো কাৰ্যকৰ্তাকে সমানে সক্ৰিয় কৰি ৰখাটোৱেই সফল নেতাৰ পৰিচয়। যি সকল কাৰ্যকৰ্তাই সংগঠনত নিজৰ position (স্থান) সুৰক্ষিত ৰাখিবলৈ চেষ্টা কৰে সেইসকলৰ ভিতৰত কিছু কাৰ্যকৰ্তা এনেকুৱাও থাকে যি সংগঠনত কাম কৰাৰ আঁৰত ব্যক্তিগত স্বাৰ্থ পূৰ্ণকৰাৰ উদ্দেশ্যে নিহিত থাকে। এনে স্বাৰ্থৰ কাৰণে কিছুমান কু-প্ৰবৃত্তিৰ প্ৰভাৱো তেওঁলোকৰ মনৰ ওপৰত থাকে। এই বেয়া প্ৰব...

ৰাজনৈতিক পৰিক্ৰমাৰ পৰিধিৰ বাহিৰত

ছাত্ৰ ৰাজনীতিৰ পিছৰ পৰ্যায়ৰ পৰাই  ৰাজনৈতিক পৰিক্ৰমাৰ পৰিধিৰ বাহিৰত মোৰ অৱস্থান। এটা সময়ত (অগপ দলৰ গঠনত)  সদস্যভূক্ত নোহোৱাৰ পিছতো  অসম আন্দোলনত থকাৰ সুত্ৰে  বহুতে অগপ চৰকাৰৰ ঘনিষ্ঠ লোক বুলি ধাৰণা লৈছিল । পিচলৈ বুজি পালে। পিছৰ সময়ত চৰকাৰ নেথাকোতেও বিজেপিৰ বুলি ভাবিভলৈ ল'লে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ এজন স্বয়ংসেৱক আছিলোঁ, আছোঁ আৰু থাকিম যদিও বিজেপি দলত মোৰ কোনো দায়বদ্ধতা নাই। কাৰণ ৰাজনীতি আৰু সামাজিক সংস্থাৰ আদৰ্শগত মিল থাকিলেও কৰ্মত পাৰ্থক্য আছে। বোকা চতিওৱা, ক্ষমতা দখলৰ চিন্তা, ক্ষমতাত অধিষ্ঠিত থকাৰ বাবে ল'ব লগা কৌশল আদি সামাজিক সংস্থাত নেথাকে বা কম থাকে । সেয়ে তাত কুট-কৌশলৰ বিশেষ আৱশ্যক নহয়। যাৰ ল'বলৈ নাই,  পাৰিলে দিবলৈহে আছে তেওঁলোকৰ সমাগম হয়। ৰাজনীতিত কিন্তু সেইবোৰ লাগিবই ।  সম্পূৰ্ণ পৰিস্কাৰ বাতাবৰণ ইয়াত(ৰাজনীতিত) সম্ভৱ নহয়। সঁচা কথা খোলোচাকৈ প্ৰকাশ কৰাত ইয়াত অসুবিধা আছে। সকলোৱে তেনে পৰিসীমাৰ ভিতৰত থাকিব নোৱাৰে। আদৰ্শ আৰু কৰ্মত flexibility লাগিব ৰাজনীতি কৰিবলৈ। কামবোৰ চলাই নিবলৈ প্ৰচুৰ পুঁজিৰ  প্ৰয়োজনৰ বাবেও দেশত সমান্তৰাল অৰ্থনৈতিক ব্যৱস্থা লাগি...