পৌৰ নিকায় আৰু নগৰ উন্নয়ন পৰিষদবোৰ কি দৰকাৰ ?
অসমৰ চহৰ নগৰৰ সাধাৰণ ৰাইজৰ এই কথাটো বুজা নিতান্তই কঠিন যে পৌৰ নিকায় আৰু নগৰ উন্নয়ন পৰিষদ সমূহ পতাৰ বাবে চৰকাৰে কিয় প্ৰয়োজন হৈছিল বা এতিয়াও কিয় পাতি আছে । আমি আবৰ্জনাৰ মাজত থাকিবলৈ কি বেয়া পাম চৰকাৰে সেইটো পৰীক্ষা লোৱাতকৈ আমাক আবৰ্জনাৰ মাজত স্থায়ী ভাবে পেলাই দিলে কিছু কাম আমি নিজেই কৰি ল'বলৈ বাধ্য হ'ম । তেতিয়া এনে ধৰণৰ নৌবত্ কেতিয়াও নাহিব । ভাৰতত পৌৰ প্ৰশাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তা উপলব্ধি হৈছিল ১৬৮৬ চনত Madras Municipal Corporation স্থাপনৰ যোগেদি । ১৯১৯ চনত ভাৰতত স্থানীয় নিৰ্বাচিত নিকায় যোগে পৌৰ প্ৰশাসন ব্যৱস্থাৰ আইন প্ৰণয়ন কৰে । তাৰ মূল উদ্দেশ্য আছিল -
" Functions of the municipal bodies broadly relate to public health, welfare, regulatory functions, public safety, public infrastructure works, and development activities."
আমাৰ দৰে ৰাজ্যৰ সৰ সৰু চহৰ বোৰত এই নিকায় সমূহ নিজৰ উৎসৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ওপৰত চলা অসম্ভৱ । চৰকাৰী আন কৰ্মচাৰী সকলৰ বৰ্ধিত দা-দৰমহা, বজাৰত বস্তুৰ মূল্য বৃদ্ধি আদিলৈ চাই এই কতৃপক্ষ সমূহৰ কৰ্মচাৰী সকলে এটা উচিত মানৰ দৰমহা পোৱাটো নিতান্তই যুক্তিসংগত কথা । কি কাৰণত চৰকাৰে এই বিষয়টো আওকাণ কৰি চলে সেইটো আমি সাধাৰণ প্ৰজাই বুজি পোৱা টান । চৰকাৰৰ এই অবিবেচক কাণ্ডৰ ফলত এই নিকায় সমূহে নিজৰ খেয়াল খুচিত কৰ নিৰ্দ্ধাৰণ কৰি সংগ্ৰহ কৰে আৰু আমি ভোটাৰ ৰাইজ সদায় আক্ৰান্ত হওঁ । ফলত ভিন্ন চহৰত থকা লোকৰ কৰৰ গাঠনি ভিন্ন ভিন্ন । গুৱাহাটীৰ মানুহ এজনৰ তুলনাত সৰু চহৰ এখনত কৰ বেছিও হ'ব পাৰে । সেইটো তেওঁলোকৰ প্ৰয়োজন মতে হয় । সৰু নগৰ বোৰৰ ৰাইজৰ কি দোষ ? উন্নয়ন কতৃপক্ষ সমূহৰো একেই দুৰৱস্থা । এটা নগৰ পৰিকল্পনা বিভাগ চলি থাকোতে সেইবোৰৰ প্ৰয়োজনেই বা কি আছিল ? কেৱল ৰাজনৈতিক সংস্থাপনৰ বাবেই এইবোৰ খুলি লৈ একো একোটা কতৃপক্ষৰ কৰ্মচাৰীক বছৰ দুবছৰে দা দৰমহা দিব নোৱাৰা (তাকো চৰকাৰী হাৰত নহয়) কথাটোত চৰকাৰ লজ্জিত হ'ব নেলাগে নে ? মহম্মদ বিন টোঘলকৰ দৰে সিদ্ধান্ত লৈ উন্নয়ন কতৃপক্ষ সমূহৰ মূল আয়ৰ উৎস বিভিন্ন অনুমতি প্ৰদান ব্যৱস্থা কৰ্তন কৰি পৌৰ কতৃপক্ষক গতাই দিয়া হ'ল যাৰ কোনো কাঠামো নাই । তেনে অৱস্থাত পৌৰ কতৃপক্ষৰ হৈ সমস্ত কামটো কৰে নগৰ পৰিকল্পনা বিভাগে । কি লাভ হ'ল তেনে ? এইবোৰ কথা চিন্তা কৰাৰ আহৰি বিভাগীয় মন্ত্ৰী বা চৰকাৰৰ নাই । ফলত আজিৰপৰা ৩৩১ বছৰৰ পূৰ্বে অতি আৱশ্যক বুলি অনুভৱ কৰি আৰম্ভ কৰা পৌৰ নিকায় আৰু ১৯৫০ চনতে ভাৰত চৰকাৰে প্ৰয়োজন অনুভৱ কৰা উন্নয়ন কতৃপক্ষ এই দুইটা বিভাগ আজিও এনেকৈয়ে থাকিল । যাৰ বাবে দূৰ্ভোগ ভুগিবলগা হয় ৰাইজে । এতিয়া ২৫ তাৰিখলৈকে চহৰৰ জাবৰৰ দ্ৰামবোৰত কুকুৰ -গৰুৱে মৰণা মাৰিব আৰু যাৰ ঘৰৰ সমিপত এইবোৰ আছে তেওঁলোকৰ দুৰ্গন্ধময় পৰিবেশত দিন পাৰ হ'ব । ধিক্ জননেতা সকল, ধিক্ আপোনাসৱৰ জনসেৱাৰ মানসিকতা !!

Comments
Post a Comment