প্ৰতিভাৰ মহত্বক ঈৰ্ষাৰ ধোঁৱাইহে প্ৰকাশ কৰে

যোৱা কালি NewsLive আৰু প্ৰতিদিন টাইমত দুটা অনুষ্ঠান শেষলৈকে থপিয়াই থপিয়াই চালোঁ । এটা বাজেটৰ ওপৰত অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তিৰ সৈতে প্ৰশ্নোত্তৰ আৰু আনটো অনুস্থানত সদনত বিত্তমন্ত্ৰীৰ  বাজেট সম্পৰ্কে  বিৰোধী পক্ষই  কৰা সমালোচনাৰ উত্তৰ । অতি মনোগ্ৰাহী এই অনুস্থান দুইটাই নৱ প্ৰজন্মৰ যুৱক যুৱতী সকলে চোৱাৰ অতি প্ৰয়োজন আছিল আৰু যি সকলে চাইছে সেইসকল বহু কেইটা কথাত যে উপকৃত হৈছে সেইটো নিশ্চিত । যি কোনো অনুস্থানত অংশগ্ৰহণ কৰোতে কিদৰে বিস্তৰ প্ৰস্তুতি লৈ অংশগ্ৰহণ কৰা দৰকাৰ সেইটো এই দুইটা অনুস্থানত প্ৰকট হৈছে বুলি মোৰেই অনুভৱ নহয় , আজি দিনটোত লগ পোৱা অনেক শিক্ষাবিদ , গুণী- জ্ঞানী ব্যক্তিৰো অনুভৱ বুলি জানিলোঁ ।  ব্যক্তিগত ভাবে মই কোনো ৰাজনৈতিক দল বা নেতাৰ "ফেন্ " নহয় আৰু তেনে হোৱাৰ সম্ভাৱনাও নাই । এনে চিন্তাৰে কিবা ক'বলৈ গ'লে পক্ষপাত হ'বই আৰু তেতিয়াই বিষয় বস্তুৰ সোৱাদ নোহোৱা হয় । যি দলৰেই চৰকাৰ নহওঁক কিয় , তেওঁলোকৰ কৰ্মৰ যোগে ৰাইজৰ ওপৰত পৰা ভাল বা বেয়া প্ৰভাৱ সম্পৰ্কে ক'বলৈ যাওঁতে নিৰপেক্ষ পৰ্যালোচনা হোৱা জৰুৰী ।

তলত দুইখন ছবিতে  এজন শ্ৰীহিমন্ত বিশ্ব শৰ্মা আৰু বাকী দুজনৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু আনজন দেশৰ প্ৰধানমন্ত্ৰী । কোনখন ছবিত ভয়াৰ্ত আৰু কোনখনত একেজন মানুহৰ মুক্ত ভাৱ প্ৰকাশ হৈছে সেইটো সহজে অনুমেয় । মুকলি মনেৰে কৰিব পৰা কামৰ যোগেদি এজন মানুহে confidently আগবাঢ়িব পাৰে আৰু নিজৰ দক্ষতা বৃদ্ধি কৰিব পাৰে । তাৰবাবে কেৱল কঠোৰ পৰিশ্ৰম , অধ্যয়ন স্পৃহা , গণ সংযোগৰ যোগে বাস্তৱ অৱস্থাৰ সৈতে সংপৃক্ততা আৰু অদূৰ ভৱিষ্যতৰ বাবে বহু কিবাকিবি কৰাৰ Vision থকা এটা উৎসাহী মন লাগিব ।  এই সমূহ গুণ আয়ত্ব কৰাৰ বাবে যুৱ প্ৰজন্মই কঠোৰ  প্ৰচেষ্টা চলাব লাগিব ।

মাননীয় জনপ্ৰতিনিধি সকলৰ মাজত কিমানজনৰ এই সকলো গুণ আছে সেয়া নিৰ্ধাৰণ কৰাৰ কাম  তেখেত সকলৰ নিজা আত্ম বিশ্লেষণ আৰু ৰাইজৰ বিচাৰৰ বিষয়বস্তুঃ । কিন্তু মোৰ দৃষ্টিৰে অসম বা ভাৰতৰ ৰাজনৈতিক জগতক  ভৱিষ্যত দিনত আৰু অধিক প্ৰাণচঞ্চল কৰি এখন শক্তিশালী ভাৰত গঢ়াৰ দায়িত্ব ল'বৰ বাবে   এনে কৰ্মঠ আৰু বহু লোকৰ প্ৰয়োজন হ'ব । শ-শ , হেজাৰ-হেজাৰ , লাখ-লাখ লোকৰ ঈৰ্ষাৰ কেন্দ্ৰ বিন্দু হৈ জন্ম লোৱা এনে বহু নেতাৰ দেশত প্ৰয়োজন আছে যাৰ কৰ্ম দক্ষতা দেখি , বাকপটুতা দেখি সেই ঈৰ্ষা পৰায়ণ সকলো দেই-পুৰি যায় । তৰুণ গগৈদেৱৰ ঈৰ্ষাৰ জুইয়ে নুপুৰিলে শ্ৰীহিমন্ত বিশ্ব শৰ্মাই আজিৰ পৰ্যায় নেপালেহেতেন চাগৈ ।

যোগ্য সকলো লোকৰ গাত আনৰ  ঈৰ্ষাই পোৰা ডাগ থাকিবই । কেঁচা খৰিৰ ধোঁৱা জুইত চকুৰ পানী উলিয়াই  ৰন্ধা ভোজ ভাত আৰু LPG ত ৰন্ধা ভোজ ভাতৰ সোৱাদ সুকীয়া । সেয়ে মই মোৰ সন্তানকো কওঁ -"তহতৰ প্ৰতিভাৰ মহত্বক  ঈৰ্ষাৰ ধোঁৱাইহে প্ৰকাশ কৰিব । সেয়ে ঈৰ্ষা কৰা সকলৰ প্ৰতি শ্ৰদ্ধাশীল হ'বলৈ, বিনম্ৰতা প্ৰকাশ কৰিবলৈ শিকিব লাগিব । তেহে জোনবাইৰ দেশলৈ যাব পাৰিবি " ।


Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?