মুখা খুলিলেই নেকি সঁচাকৈয়ে ?

মোৰ সম্পৰ্কীয় ভাই এটাই এটা বেয়া কাম কৰিছিল ১৯৮১ চনত । মই খবৰ পাই তাক তৎক্ষণাত শাস্তি প্ৰদান কৰি তাৰ ঘৰলৈ লৈ আনিলোঁ আৰু বাপেকক চমজাই দিলোঁ ।  পিছে মোৰ এই কামত মোৰ  ঘৰৰ সকলো সদস্য মোৰ বিপক্ষে থিয় হৈ ক'লে -"কি দৰকাৰ তাক তাৰ পৰা উলিয়াই আনিবলৈ ? বিপথে গৈ আমাৰ নাক কাটিলে  !" মোৰ উত্তৰ আছিল যে - সি যিহেতু আমাৰ আত্মীয় , সেয়ে তাক ভাল কৰাৰ যত্ন আমাৰ প্ৰথম কৰ্তব্য । তাকে নকৰিলে সি এসময়ত সমাজৰ বাবে অনিষ্টকৰ হ'ব । সেয়ে আনিছোঁ আৰু এতিয়াৰ পৰা চোকা নজৰ দিম তাৰ ওপৰত ,  তাৰ পিছত দেখা যাব । নহলে কৰ্তব্যক আওকাণ কৰাৰ বাবে জীৱনলৈ আত্ম দহন হ'ব । যাৰ কোনো remedy নাই ।

কাকতখন হাতত লৈ দেখো দুটা পৰস্পৰ বিৰোধী কৰ্মৰ  #বিশ্লেষণ আৰু #আশ্বাস । আজিৰ #নিয়মীয়া #বাৰ্তাত শ্ৰীবৈকুণ্ঠনাথ গোস্বামী দেৱৰ এই আলোচনা পঢ়ি নিজৰ মনত বিশ্লেষণ কৰা আৰম্ভ হ'ল । কাক বিশ্বাসত ল'ব সাধাৰণ ৰাইজে ? ৰূঢ় বাস্তৱক নে কেন্দ্ৰীয় নেতৃত্বক ?

লাহে লাহে  মনলৈ  প্ৰশ্ন আহিছে - " #মুখা খুলিলেই নেকি সঁচাকৈয়ে ?" চৰকাৰখন কাৰ পৰামৰ্শত চলিছে ? আৰু তেনে হৈছে যদি সেই সকলৰ ঔকাত বা কি ?

কোনোবা কোনোবা জনপ্ৰতিনিধিয়ে কোনো অন্তৰংগ মূহুৰ্তত   অতি ঘনিষ্ঠ দুই এজনৰ  আগত off the record নিজৰ মানসিক অৱস্থা  ব্যক্ত কৰিবলৈ আৰম্ভ  কৰিছে । এইয়া চৰকাৰৰ বাবে কেতিয়াবা দুৰ্যোগ-দুৰ্ভাগ্য নহওঁক কেতিয়াও । কাৰণ এই ধৰণৰ ঘটনাই তেওঁলোকতকৈ ৰাইজৰ ক্ষতি বেছিকৈ কৰে । শ্ৰীতৰুণ্ গগৈৰ #ভূল  (ইচ্ছাকৃত ভুল) বোৰৰ পুনৰোত্থান নহওঁক ।

চৰকাৰে নিজৰ team spirit নষ্ট-ভ্ৰষ্ট নকৰি ৰাইজৰ আকাঙ্খ্যা পূৰণ কৰক । বাহিৰত ভৰি থৈ পৰামৰ্শ দাতা হ'বলৈ অহা  সকল কাৰো শুভাকাঙ্খী হ'বই নোৱাৰে । বৰং স্বাৰ্থান্বেষী হ'বই ।



Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?