পুৰণি স্মৃতি
আগৰ জুহালত খৰিৰ জুই আৰু ৰান্ধনী ঘৰত এখন বাঁহৰ চাং বহুতেই চাগৈ দেখিবলৈ পাইছিল। পিছলৈ বোধহয় ১৯৭৪ মানত আমাৰ ঘৰলৈ LPG (Liquified Petroleum Gas) আহিছিল। তথাপিও আমাৰ জুহাল কিন্তু বহুদিনলৈ আছিল। ককা দেউতাৰ আগ্ৰহত নিজাকৈ পকা ঘৰ এটা দেউতাই বনাইছিল যদিও ওফলত খেৰ দি কৰিছিল বাবে অধিক গৰমতো আমাৰ ঘৰটো বৰ আৰামদায়ক আছিল। পাগঘৰ বহু বছৰলৈ কেঁচা আছিল যিটোৰ সৈতে এটা ঢেকীঘৰো সংলগ্ন আছিল। গেছৰ ব্যৱহাৰ অতি কম হৈছিল। কাৰণ খৰিৰ অভাৱ নাছিল আৰু খৰিৰ জুইত কাষ্ট আইৰণৰ কেৰাহীত ৰন্ধা আঞ্জা, মাছ মাংসৰ সোৱাদ সুকীয়া আছিল যি অনন্য। প্ৰেছাৰ কুকাৰ ঘৰলৈ আহিছিল গেছ অহাৰ আগত। তাৰ ৰং বৰণ সুন্দৰ কৈ ৰাখিবৰ বাবে মায়ে তলত মিঠাতেল অকণমান সানি কেৰাচিনৰ জনতা ষ্টভত দিছিল। তেতিয়া ভাতটো কুকাৰৰ বৰ প্ৰিয় হৈছিল। নতুনৰ প্ৰতি আগ্ৰহৰ বাবেই চাগৈ!! সৰুতে মনত থকা কথা এটা নক'লে বেয়া লাগিব বুলিয়েই কৈ দিওঁ আৰু...!! কাঠ খৰিৰ এঙাৰ বোৰ পটাত পিহি তাত জোখ মতে নিমখ অকণমান দি দেউতাই টেমা এটাত ভৰাই থয়। সকলোৱে তাৰেই পুৱা দাঁত মাজে। মই সৰু বাবে কোঁচত বহুৱাই নিজৰ আঙুলিৰে মোক দেউতাই দাঁত ঘঁহি দিছিল। পিছলৈ দন্ত মঞ্জন আহিল আৰু নিজেই ধুব পৰা হ'...