গোলাম মই
সজাত বন্দী গোলাম মই। জন্মৰ পিছত কৰ্মথ হওঁতেই চাগৈ দায়বদ্ধতাৰ মায়াবী সজাত বন্দী হ'লো 😢😰 । মোৰ কোনো সুখ-দুখ, আকাঙ্খ্যাৰে সম্পৰ্ক নাই। কেৱল কৰ্তব্যই মোৰ লক্ষ্য । মইটোক বন্দীত্বৰ শিকলিৰ আওঁতাত ৰাখি অনুভূতি আৰু দায়িত্ববোধৰ পিঞ্জৰাটোৱে মোৰ বাবে বাধ্যতামূলক জীৱন যাত্ৰাক নিৰ্ণয় কৰি দিলে । সেয়েহে মোৰ কোনো নিজা জীৱন, কোনো ইচ্ছা-অভিলাষ নাই যে মই মুকলি মনেৰে আনৰ দৰে ৰং ৰহইচ্ কৰি জীৱনৰ কেইটামান সোণালী ক্ষণ পাৰ কৰিম। সেয়েহে মই মোৰ মতে নহয়, ব্যৱস্থাৰ মতেই চলিবলৈ বাধ্য। কাৰণ!! কাৰণ মই বন্দী জীৱন কটাইছো আৰু এনেকৈয়ে নিপাত যাবলৈ বাধ্য। নীতিগত ভাৱে মাতৃভূমিৰ বন্ধা গোলাম হয়েই হয়। আৰু নো কিহৰ গোলামী ?? সংসাৰৰ /কৰ্তব্যৰ মায়াজালতো বন্দী মই । মই জানো, মই দায়িত্ব বুজি কৰিথকা কামবোৰৰ দায়িত্ব প্ৰকৃততে মোৰ নহয়, মোক গোলাম ভাবি কামত লগোৱা মালিক সকলৰহে। তথাপিও উপায় নাই মোৰ। সেয়ে, সকলোৰে আমনি, ভাগৰ বোৰ দেখি মোৰো ভাগৰ লগাৰ কথা ভাবিবলৈ মন নেযায়। কাৰণ মই ভাবি লাভ নাই । মোক বন্দী কৰা সকলে নেজানে যে মোৰো এটা জীয়া মন আছিল, ফুৰিবলৈ, ফুৰ্তি কৰিবলৈ, লগৰীয়াৰে অলপ সময় কটাবলৈ, জীৱনৰ ৰং বোৰৰ ভাগ ল'বলৈ... । কাৰণ মই যে কান্ধত ভাৰখন লৈ লৈ শৰীৰৰ শক্তি শেষ কৰি পেলালোঁ ! কেতিয়াবা নিজলৈ চাই হাঁহো, কেতিয়াবা নিজকে তাচ্চিল্য কৰো -"কাম নাই তোৰ গোলাম হাঃ হাঃ হা..., ভাৰ বৈ গৈ থাক তই।" অপদাৰ্থ মানৱ মই, সকলোৰে গোলাম মই ....।
"তোমালোকে মোৰ দৰে নহ'বা। দায়িত্ব বোধৰ স্বীকাৰ নহ'বা। দায়িত্ব বোধ, সততা এইবোৰ একো একোটা পিঞ্জৰা হাঃ হাঃ হা..., বন্দীত্বৰ পিঞ্জৰা...। সকলোৱে তোমাৰ দৰেই একোটা আত্মা বুকুত ভৰাই লৈ পৃথিৱীত আহিছে, সময় থকালৈকে খাই লৈ থাকিবই। পৃথিৱীৰ প্ৰতি দায়বদ্ধ হোৱা, কিন্তু মানুহৰ এই সংসাৰৰ প্ৰতি মায়াত বন্দী হৈ দায়বদ্ধ নহ'বা, মোৰদৰে ৰসাতলে যাবা হাঃ হাঃ হা..."
Comments
Post a Comment