শেষত আজি তাইৰবাবে ভগৱানে ঠিক কৰি দিয়া মূল ঘৰলৈ বুলি বিদায়..... । স্বামী গৃহলৈ যাত্ৰা । হৃদয়ৰ আৰু এটুকুৰা যেন খহি গ'ল মোৰ। গধূলিৰ পৰাই বুকুখনত পাতল পাতল ভাব। উজাগৰী ব্যস্ততাপূৰ্ণ দুনিশাৰ পিছত দিনটোত অকণমান জিৰাওতেই তাই কানতে চিঞৰি যেন ক'লে -"দিতা, দৰবটো খালা নে ?" সাৰ পাই হাঁহি উঠিল । আজিৰ পৰা কোনেনো ঢমক দিব !! স্মৃতিবোৰ শুকুৱাই যোৱা আইতাকেও বিদায় বেলাত ৰাষ্টালৈ ওলাই আহি থোকা-থোকি মাতেৰে ক'লে "পাহীক  মাত দিবলৈ আহিছো । তাই আকৌ বেয়া পাব নহয় নেমাতিলে ...."। সুদূৰ বেলজিয়ামলৈ ওহ বুলিয়েই যাব আহিব‌ও নোৱাৰি।

 যেতিয়া ৰেল ষ্টেশ্যনলৈ যাত্ৰা আৰম্ভ হ'ল....নিজৰ মনৰ ভিতৰৰ ধুমুহা জাক প্ৰৱল হ'ল । "পাৰ হৈ গল ধুমুহা এজাক ভাঙি থৈ মোৰ.... "।  কথাই পতা নহ'ল মৰিয়নিলৈকে গোটেই পথটো। ডিঙিটো চেপাখাই, শুকাই থকা যেন লাগি থাকিল দেখোন😢😢। আত্মভিমানৰ বাবেই হাজাৰ ধুমুহাতো নিজৰ মনৰ শোকবোৰ আনৰ আগত প্ৰকাশ কৰা নহয় চাগৈ। পিছে আজি বৰ কষ্টেৰেও ৰাখিব পৰা নগ'ল। Preetisha -ৰ জীৱন যাত্ৰাৰ মূল অধ্যায়ৰ আৰম্ভ  এয়া ।

শুভ যাত্ৰা মাজনী। বান্ধি নিয়া আশীৰ্বাদবোৰ সযতনে ৰাখিবা। মোৰ ভাগৰ সুখবোৰ তোমালোকৰ বেগত ভৰাই দি পঠাইছোঁ। কুশলে থাকিবা। সকলোৰে হৃদয় জয় কৰাৰ প্ৰয়াস ৰাখিবা...

মই কৈছোঁ শুনাঃ-  "নিজৰেই মনটোক বুজা টান। জীৱনৰ এই যাত্ৰাত অনেকজন লগ পাবা। যুগৰ পৰিবেশ প্ৰদুষণত মানুহৰ মনবোৰত অনেক বিধৰ এলাৰ্জি হোৱা পাবা। সেইবোৰ সংক্ৰমণো হ'ব পাৰে, চাবা। আৰু..দূৰত্ব বৰ্তাই ৰাখিবা। চাঁটোযে তোমাৰ, তাৰো বিশ্বাস যোগ্যতা কমিছে আজিকালি! পোহৰবোৰো কৃত্ৰিম যে, সেয়ে সি বিশ্বাসৰ নিশ্চয়তা দিব নোৱাৰে। গৈ থাকা, যাবতো লাগিবই...."

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?