জীৱনৰ সকলো কামত perfection দৰকাৰ
ছোৱালীজনীৰ পেটটো বিষালে । মই #বেৰেলগান এটা দি দিলোঁ , ভাল পালে । অন্য এদিন জ্বৰ উঠিল । মই সকলোতকৈ ভাল হ'ব বুলি ভাবি #পেৰাচিতামলৰ বাপেক #নাইজ এটা দিলোঁ । জ্বৰ ভাল হ'ল । মোৰ ককাল বিষালে , খাইদিলো #Signoflame এটা । এই সকলো কামৰ এটাও কিন্তু শুদ্ধকৈ কৰা নহ'ল । তথাপি মই যে ডাক্তৰ এজনৰ সমানেই দৰব দিব জানো , তাৰ প্ৰশংসা ঘৰৰ মানুহৰ মুখত শুনি ভাল পাওঁ আৰু এনেকুৱা কৰিবলৈ উৎসাহ পাই আহি থাকো । পিছে , পিছত গম পালোঁ ছোৱালীজনীৰ পেটৰ বিষ হোৱাৰ কাৰণ হ'ল গলব্লাডাৰত পাত্থৰ হোৱাহে । জ্বৰ হোৱাৰ কাৰণো তাৰেই প্ৰভাৱ । মোৰ আকৌ ককালৰ বিষৰ কাৰণ বোলে প্ৰস্ৰাৱৰ বিকাৰ আছিল । পিছত ডাক্তৰে ঔষধৰ উপৰিও বৰকৈ চৰবত্ খাবলৈ দিছিল ।
আমি জীৱনৰ সকলো কামত perfection ৰাখিব পাৰিলে সফলতাৰ ভেটি মজবুত্ হয় । সেইটো কৰিবলৈ আমি এজনে আনজনক উৎসাহ দিয়াটো এটা পৰম মিত্ৰতাৰ কাম । তাকে নকৰি মই কৰা ভুলৰ বিপৰীতে প্ৰসংশা ওপচাই দিলে মই ভাবি থকা সফলতাৰ ভেটি খহি পৰিবই আৰু সেইটো মোৰ প্ৰতি কৰা পৰম শত্ৰুতা ।
এই যুক্তিৰ আধাৰতে মই ভালপোৱা, বিশ্বাস বা আস্থাত ল'বলৈ বিচৰা মানুহবোৰৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখো আৰু আনে নোকোৱা বা দেখুৱাই নিদিয়া ভুলবোৰ স্পষ্টকৈ কৈ বা দেখুৱাই দিওঁ । কোনোবাই সেইবাবে মোক #মদাৰৰ ফুল বুলি ক'লেও কওঁক । কৰ্মৰ ফলক আশা কৰিবলৈ ভগৱানে গীতাত বাধা দিছে । এই কথাটোৰ বাবে মোক বহুতেই কয় বা বহুতেই বেয়াও পাই চাগৈ । মই পিছে সকলোকে পৰম মিত্ৰ বুলি ভাবিলৈহে কথাবোৰ ফট্ কৈ কৈ দিওঁ । কিছুমান বন্ধু -বান্ধবীয়ে আকৌ মোক ব্যক্তিগত ভাৱে স্পষ্টতাৰ volume কমোৱাৰ কথাটোও কয় । সমাজ শুদ্ধ -সুস্থ আৰু সৱল হোৱাৰ বাবে সমাজৰ সকলো সদস্যৰ দায়িত্ব আৰু কৰ্ম মূলধন হ'ব লাগিব । আমি সৰুৰে পৰাই ভৱিষ্যত জীৱনৰ লক্ষ্য আগত ৰাখি কামত হাত দিব লাগিব । মই এই বয়সত ডাক্তৰি কৰিবলৈ ডেকা কালত ভালকৈ পঢ়াশুনা কৰি ডাক্তৰ হোৱাৰ লক্ষ্য ল'ব লাগিছিল । সৰুৰে পৰা সমাজ বৰ্জিত থাকিত, সমাজৰ পৰা আঁতৰি থাকি এতিয়া হঠাতে মন্ত্ৰী হোৱাৰ কল্পনা কৰিলে সমাজৰনো প্ৰয়োজন কি ক'ত আছে কেনেকৈ বুজিম ?? ৰাজ্যৰ মান চিত্ৰৰ আভাস নথকা - নজনাকৈ ৰাজ্যৰ উন্নতিৰ পৰিকল্পনা কেনেকৈ হ'ব ?? ভাষা জ্ঞানৰ অভাৱ স্বত্বেও হঠাতে সাহিত্য সভাৰ সভাপতি -সম্পাদক হোৱাৰ সপোন জাগ্ৰত হোৱাটো সাহিত্যৰ সমাজ খনৰ বাবে ক্ষতিকাৰক নহ'ব জানো ? সেয়ে নিজকে নিৰ্দিষ্ট কৰ্মৰ বাবে প্ৰস্তুত কৰাটো আমাৰ জীৱনৰ প্ৰথম কাম হোৱা উচিত । নিজকে over estimate কৰাতো আকৌ অতি গৰ্হিত কাম । তেনে লোকে ৰাজহুৱা দায়িত্ব ল'লে তাৰ কুফল বৰ দুখলগাকৈ ৰাইজৰ ওপৰত পৰে ।

Comments
Post a Comment