অভিজিৎ শৰ্মা আৰু নাই
সহপাঠি বন্ধু প্ৰাক্তন মন্ত্ৰী অভিজিৎ শৰ্মা আৰু নাই । ৰোল নং ৮৮০ থাকি গ'লো , ৮৮১ আগতে গ'লগৈ । বন্ধু অভিজিৎ শৰ্ম্মাই আজি পুৱা ৯.১০ বজাত দিল্লীত পৰলোকলৈ গমন কৰে । অহা কালিলৈ তেওঁৰ নশ্বৰ দেহ দিনৰ ১.৩০ যোৰহাটলৈ আনিব আৰু মৃতদেহত শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে তেওঁৰ বাসগৃহত ৪.৩০ বজালৈকে ৰখা হ'ব । ৫ বজাত তেওঁৰ নশ্বৰ দেহ লৈ স্মশান যাত্ৰা কৰা হ'ব ।
অসম আন্দোলনৰ নেতা, জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক (১৯৭৯-৮০) , প্ৰাক্তন বিধায়ক আৰু মন্ত্ৰী , বিভিন্ন ৰাজহুৱা অনুষ্ঠানৰ বিষয় বাবত থকা প্ৰখ্যাত চাহ খেতিয়ক ৰামেশ্বৰ শৰ্ম্মাৰ পৰিয়ালৰ উত্তৰাধিকাৰী অভিজিৎ মোৰ বৰ ঘনিষ্ঠ বন্ধু আছিল । আমি Pre-degree পঢ়ি থাকোতেই অভিজিতৰ পিতৃ বিয়োগ হোৱাত ঘৰ আৰু বাগানৰ দায়িত্ব কিছু পৰিমাণে ল'ব লগা হৈছিল । ৰাজনৈতিক জীৱনৰ পুৱা বেলাতেই আকৌ একমাত্ৰ ভাতৃক হেৰুৱাই নিজক আৰু মাতৃ- ভগ্নীক চম্ভালি ল'বলগা অভিজিতৰ সৈতে ৰাজনৈতিক ক্ষেত্ৰত লগ দিব নোৱাৰিলেও সহপাঠিৰ ৰূপত আমাৰ বন্ধুত্ব সদায় একেই আছিল ।
তেওঁ মন্ত্ৰী হৈ থাকোতে মই জাগীৰোদত আছিলো সৰু প্ৰাইভেট ফাৰ্মৰ চাকৰি এটাত । উজনিৰ পৰা গুৱাহাটীলৈ যাওঁতে মোৰ ভাৰাঘৰৰ সন্মুখত তেওঁৰ কনভয় বহুদিন ৰৈছিল আৰু আহি দহ মিনিট মোৰ বিচনাত দীঘল দি পৰে । লগতে দহ / পোন্ধৰ জন মানুহ , Security আহি বাহিৰত বহি থাকে । আহিয়েই order দিয়ে "গৰম চিংৰা আনা "। মই এদিন ক'লো - " বন্ধু , তুমি সঘনাই চিংৰা খাম বুলি সোমালে মই কেনেকৈ খুৱাম ? দেউলীয়া হ'ম দেখোন !! " তেওঁ তেতিয়াৰ পৰা ৩০ টামান চিংৰা লৈ আহে , আহিলে । অভিজিতৰ আভিজাত্য আনৰ লগত নিমিলে । বন্ধু Dilip Kr Sarma ৰ ঘৰত বিয়া খাবলৈ গৈছিলোঁ । সি ছুট -টাই মাৰি গৈছিল । পিছে ভৰিত চামৰাৰ চেণ্ডেল । পাহৰি গ'ল নে কি নেজানিলোঁ ।
একো লোৱা দিয়া নহ'ল বাবেই বোধকৰোঁ আমাৰ বন্ধুত্বৰ অকণো হেৰ ফেৰ নহ'ল । Degree ৰ form fillup কৰোতে মোক আগত যাবলৈ নিদিয়ে । সকলোৰে চিনাকি সেই Ambassador , ASQ 1664 খন সেইদিনা পুৱাই আহি ঘৰৰ আগত হাজিৰ । দুয়ো একেলগে Form fillup কৰাত মোৰ ৰোল নং ৮৮০ আৰু তাৰ ৮৮১ । এইবাৰ পিছে তাৰ ৰোল নম্বৰ আগ বাঢ়িল মোতকৈ । বন্ধুৰ অকাল বিয়োগত মই শোকত ভাগি পৰিছো ।

Comments
Post a Comment