পৌৰ নিকায় আৰু নগৰ উন্নয়ন পৰিষদবোৰ কি দৰকাৰ ?

অসমৰ চহৰ নগৰৰ সাধাৰণ ৰাইজৰ এই কথাটো বুজা নিতান্তই কঠিন যে পৌৰ নিকায় আৰু নগৰ উন্নয়ন পৰিষদ সমূহ পতাৰ বাবে চৰকাৰে কিয় প্ৰয়োজন হৈছিল বা এতিয়াও কিয় পাতি আছে । আমি আবৰ্জনাৰ মাজত থাকিবলৈ কি বেয়া পাম চৰকাৰে সেইটো পৰীক্ষা লোৱাতকৈ আমাক আবৰ্জনাৰ মাজত স্থায়ী ভাবে পেলাই দিলে কিছু কাম আমি নিজেই কৰি ল'বলৈ বাধ্য হ'ম । তেতিয়া এনে ধৰণৰ নৌবত্ কেতিয়াও নাহিব । ভাৰতত পৌৰ প্ৰশাসন ব্যৱস্থাৰ প্ৰয়োজনীয়তা উপলব্ধি হৈছিল ১৬৮৬ চনত Madras Municipal Corporation স্থাপনৰ যোগেদি । ১৯১৯ চনত ভাৰতত স্থানীয় নিৰ্বাচিত নিকায় যোগে পৌৰ প্ৰশাসন ব্যৱস্থাৰ আইন প্ৰণয়ন কৰে । তাৰ মূল উদ্দেশ্য আছিল - " Functions of the municipal bodies broadly relate to public health, welfare, regulatory functions, public safety, public infrastructure works, and development activities." আমাৰ দৰে ৰাজ্যৰ সৰ সৰু চহৰ বোৰত এই নিকায় সমূহ নিজৰ উৎসৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ওপৰত চলা অসম্ভৱ । চৰকাৰী আন কৰ্মচাৰী সকলৰ বৰ্ধিত দা-দৰমহা, বজাৰত বস্তুৰ মূল্য বৃদ্ধি আদিলৈ চাই এই কতৃপক্ষ সমূহৰ কৰ্মচাৰী সকলে এটা উচিত মানৰ দৰমহা পোৱাটো ন...