প্ৰতিকুুল আৰু অনুকুল
ককাৰ বাৰ্দ্ধক্যজনিত অসুখ আৰম্ভ হোৱাত দেউতাই চৰকাৰৰ ঘৰত বহু আবেদন নিবেদন কৰি ১৯৭০ চনত যোৰহাটলৈ বদলি হৈ আহিল । তেতিয়া চৰকাৰৰ পৰা পোৱা দৰমহা মাহেকত বোধহয় ২৫০ ৰ কমেই আছিল । আমি তিনিটা ককাই ভাইৰ পঢ়াৰ খৰছ আছেই । ককাই ৪৫ টকাকৈ পেঞ্চন পাই যিটোৰে তেখেতৰ আৰু আইতাৰ প্ৰয়োজন পূৰ্ণ হয়হে চাগৈ । গতিকে বেমাৰৰ চিকিৎসাত দেউতাৰ সহযোগ আদিৰ পিছত ঘৰখন মায়ে কেনেকৈ চলাই নিয়ে সেয়া কোনেও অনুভৱ কৰাৰ সুযোগ নেপাওঁ । কিন্তু বাৰীৰ বিভিন্ন বন শাকৰ সমাহাৰ সদায়ে থাকে । থাকে নৰসিংহ , আমলখি , অমৰাৰ জোল । সেইবোৰ মই এতিয়াও বৰ ভাল পাওঁ । এই যে এটা অভাৱৰ মাজত দেউতাই আমাক মানুহ কৰিলে সেইটো বোধহয় সম্ভৱ হ'ল সেই পৰিস্থিতিৰ বাবেই । কোনো দিনেই আমি অনুভৱ কৰিব নোৱাৰিলোঁ যে জলকীয়াটো কিয় দুটাই ভগাই খাব লাগে বা গাখীৰ-পানী কিয় খাব লাগে ? আজি আমাৰ লৰা-ছোৱালীহঁতে TV বা মোবাইলত ৰেচিপি চাই বনাই । মায়ে দুই লিটাৰ তেল আৰু এক কেজি ডালদাত পাঁচজনৰ পৰিয়ালটো এমাহ চলাইছিল । এতিয়া আমাক মাহেকত ৮ লিটাৰ তেলে কেতিয়াবা নাটনি হয় । মনত থকাৰ দিনৰ পৰা দেউতাক কোনো কাম বেহিচাপত বাহুল্য কৰা বা মৌজকৰাৰ নামত খৰছ কৰা নেদেখিলোঁ । অনেক মানুহ দেউতাৰ ওচৰলৈ দৈনিক আহে , বিভিন্ন drafting বা হিচাপ পৰীক্ষাৰ কামত । কিন্তু অন্তৰংগ বন্ধু বুলিলে এজনেই । যাৰ লগত পৰিয়ালৰ সমন্বিতে তেওঁৰ আত্মীয়তা আছিল । মোৰ অতি ঘনিষ্ঠ সহপাঠি Sovarani Sarmah ৰ দেউতাক প্ৰয়াত যজ্ঞেশ্বৰ বৰকটকী আছিল দেউতাৰ সেই আত্মীয় বন্ধু । আন বহু কেইজন বন্ধু দেখিছিলো যদিও যজ্ঞেশ্বৰ খুড়াৰ আৰু তেখেতৰ পৰিয়ালৰ সকলোৰে লগত আমাৰ সম্পৰ্ক তেজৰ সম্পৰ্কতকৈও ওচৰৰ । এতিয়াও সেই একেদৰেই আছে বুলিব পাৰি । দুয়ো বন্ধুৰে financial status প্ৰায় একেই আছিল । কিন্তু তেওঁলোকে নিজৰ ল'ৰা ছোৱালী প্ৰত্যেকটোকে সমাজত মানুহ বুলি পৰিচয় দিব পৰা কৰিছিল ।
এই কথাখিনি এই কাৰণে আজি মনলৈ আহিল যে আজিৰ অনুকুল পৰিস্থিতিত আমি আমাৰ সন্তান সকলক বিভিন্ন ব্যয় কৰি ভাল ভাল(!) খাদ্য , ভাল টিউশ্যন আদিৰে সৰহ নম্বৰ পোৱাৰ ব্যৱস্থা হয়তো দিব পাৰিছোঁ হয় , কিন্তু দেউতাহঁতে প্ৰতিকুল পৰিস্থিতিত আমাক দিয়া জ্ঞান- বিদ্যা , সংস্কাৰ আদি দিব পৰা নাই । সেয়েহে এতিয়া ভাবো , টিপচাকিৰ ঢিমিক-ঢামাক পোহৰত পঢ়ি জকাই চুকৰ যদু-মধু -পদুমীয়ে যে ষ্টেণ্ড কৰে , সিহঁতক চাগৈ আমাৰ ৮ লিটাৰ তেল খোৱাবোৰৰ দৰে ঘৰত লালন পালন কৰিলে প্ৰথম বিভাগত চাৰি-পাঁচটা বিষয়ত লেটাৰ লৈ পাচ কৰিলে হেতেন । কিন্তু নিজেই নিজৰ আবেদন এখন লিখিব পাৰিলে হেতেন নে নাই সেইটো হ'লে নেজানো ।
আমাৰ ৰাজহুৱা অনুষ্ঠান বোৰতো সেই একেটাই কথা খাটে । প্ৰতিকুল পৰিস্থিতিত আমাৰ কিবা এটা কৰাৰ যি উদ্যোগ থাকে , ধ্যেয় সংকল্পৰ সৈদ্ধান্তিক আধাৰ থাকে সেয়া অনুকুল পৰিস্থিতিত প্ৰয়োজন নহয় বুলিয়েই ভবা হয় । ফলত আমাৰ শৰীৰ গধুৰ হয় । কাম "হৈ...যাব" বুলি থকা মনৰ বিশ্বাসৰ বাবে সম্পৰ্কৰ বিস্তাৰ নহয় । পৰম পূজনীয় দত্তোপন্ত ঠেংগড়ীজীয়েও আজিৰ পৰা কেইবা দশকৰ আগতে এই কথা কৈছিল । অনুকুল অৱস্থাত জলকীয়া দুটুকুৰা কৰি খাব লগা নোহোৱাৰ বাবে অপচয় বৃদ্ধি হয় । ঠালত ভাত এৰি থৈ পেলোবলগা কৰিলে সেইটো এটা ৰাষ্ট্ৰীয় অপৰাধ বুলি মায়ে কোৱাদি এতিয়া মোৰ ছোৱালীক মাকে নকয় । হয় , এইবোৰ পৰিবৰ্তন #ডেকা আৰু #বয়সৰ #আঁচোৰ দুইটা প্ৰাপ্ত কৰা সকলোৱে অনুভব কৰাৰ সুযোগ পাই বাবেই তেখেত সকলে কোৱাৰ প্ৰয়াস কৰি কেতিয়াবা সমাজত অনাদৰো পায় । তেনেকৈয়ে পৰিবৰ্তন চলি থাকে , যোৱা জন যায় আৰু অহা আহে ।

Comments
Post a Comment