সংগঠন কাৰ্য
“Because the work of a country wide organization is diversified and is carried on simultaneously in many different places and the supreme authority cannot do it all himself; he, therefore, has to appoint various office bearers who will implement such work at the right time and place’. Regarding the appointment of office bearers, it is said: Every man shall be judged according to his ability to perform a given task.”
এই প্ৰসংগতে মোৰ আজি কিছু বছৰ আগৰ কথা এটা মনত পৰিল ৷ নতুনকৈ বিপনন কৰিবলৈ অহা বিদেশৰ কোম্পানী এটাৰ এজন বিপনন সঞ্চালক আমাৰ ঘৰলৈ আহিছিল ৷ তেখেতে মোৰ শ্ৰীমতিৰ লগত বিপনন সম্পর্কে বহু আলোচনা কৰিলে আৰু এই কামত তেখেতে সম্ভৱপৰ সকলো সাহার্য্য কৰাৰ আশ্বাস দিলে ৷ তেওঁ বৰ খুচ দেখি মই লগতে হাঁত হাঁ মিলাই থলো ৷ তাৰ পিচত মাহেকত দুই তিনিবাৰ তেওঁ গুৱাহাটীৰ পৰা আহে আৰু মাজে মাজে কোম্পানীৰ বিভিন্ন উচ্চ বিষয়াবর্গকো লৈ আহি বিভিন্ন ঠাইত সভা অনুষ্ঠিত কৰে ৷ মই এদিন মোৰ শ্ৰীমতিক ক’লো যে- "তোমাৰ কর্ম ক্ষমতা আৰু তৎপৰতাৰ ওপৰতেই সঞ্চালক বা বিষয়া সকলে তোমাক গুৰুত্ব দিব ৷ তেওেঁলাকৰ মূল কথা হৈছে বিপনন, তোমাৰ সৈতে সৌহাদ্যপূর্ণ সম্পর্ক ৰক্ষা কৰাটো মুঠেই নহয় ৷ তুমি কৰিব নোৱাৰা এটা কাম তেওেঁলাকে নিশ্চিতভাবে কৰিব পাৰিব ৷ সেইটো হ”ল তোমাৰ সম্পর্কৰ যোগে এক-দুইজন অতি দক্ষ লোক বিচাৰি লৈ নিজৰ কর্ম কৰিবই ৷" এটা সময়ত তেওঁলোকে বিচৰা তেনে কামৰ মানুহ পাবলৈ সক্ষম হ’ল আৰু বাইদেউক মাজে মাজে বিহুৱে-পূজাই ওলগ জনোৱাৰ সময়ো নোহোৱা হ’ল ৷ কথাখিনি কোৱাৰ উদ্দেশ্য হ’ল – অনুষ্ঠান একোটাৰ উত্তৰণ নির্ভৰ কৰে তাৰ উদ্দেশ্য আৰু সেই উদ্দেশ্যক প্ৰতিষ্ঠিত কৰাৰ বাবে উপযুক্তভাৱে আৰু নিজৰ স্বার্ৰ্থৰ উর্দ্ধত কাম কৰাৰ আগ্ৰহ থকা কার্য্যকর্তাৰ ওপৰত ৷সময়ৰ লগে লগে কার্য্যকর্তা নির্মাণ হ’বই লাগিব ৷ সেই কাম কৰাৰ বাবে বর্তমান কর্মৰত কার্য্যকর্তাই দাযিত্ব সহকাৰে সমাজত কাম কৰিব লাগিব ৷কাৰণ তেওঁৰ অনুষ্ঠানটোৰ প্ৰতি থকা দায়বদ্ধতাৰ অন্তৰ্গত থকা কামবোৰৰ মাজৰ এটা প্ৰধান কাম হ'ল কার্য্যকর্তা নির্মাণ ৷ ভাল বা বেয়া কোনো কার্য্যকর্তাৰ জীৱনৰ গ্যৰোন্টি কাৰ্ড নেথাকে ৷ সিও এটা প্ৰধান কাৰণ যে আমি অনুষ্ঠানটোৰ স্বার্থত আমাৰ কর্মকালত কার্য্যকর্তা নির্মাণ কৰাটো মহা কর্তব্য ৷ যাতে কোনোবা এজনৰ অবিহনে অনুষ্ঠানটোত স্থবিৰতা নাহে ৷ কোনো অনুষ্ঠানৰ বাবেই কোনো ব্যক্তি অপৰিহার্য্য নহয় ৷ ব্যক্তিৰ বাবেহে অনুষ্ঠান অপৰিহার্য্য ৷
কেতিয়াবা কোনো একোজন ভাল কার্য্যকর্তাই অতি সুচাৰুকৈ কাম কৰে ৷ কিন্তু তেওঁৰ সতর্ক দৃষ্টি থাকে যাতে সেই স্থানত বহিব পৰা কোনো নতুন কার্য্যকর্তা প্ৰস্তুত নহয় ৷ তাৰ ভাল উদাহৰণ এটা বর্তমানে বহুল ভাৱে চচ্চিত হৈ আছে এটা "জাতীয়" বুলি কোৱা অনুষ্ঠানত ৷ এনে কৰাৰ দ্বাৰা ভাল কাম কৰা বুলি ৰাইজে ভবা মানুহ একোজনে অনুষ্ঠানটোৰ বাবে দীর্ঘকাললৈ বিস্তৰ ক্ষতি কৰে ৷ বহু কার্য্যকর্তা আমি লগ পাওঁ যি ভাল মেনেজ মাষ্টাৰ হয় ৷ যাৰ দ্বাৰা তেওঁ অনুষ্ঠানটোৰ সময়োচিত সকলো কার্যক্ৰম ইমান সুন্দৰকৈ মেনেজ কৰি থাকে যে উর্দ্ধতন কতৃপক্ষবোৰে তেওঁৰ কাম দেখি সন্তুষ্টি প্ৰকাশ নকৰি নোৱাৰে ৷ মোৰ ৰাজহুৱা বা অন্য অনুষ্ঠানৰ কর্মকালত তেনে বহু মানুহ মই লগ পাইছো ৷ কেতিয়াবা একোটা ৰাজনৈতিক দলতো আমি দেখো যে কোনোবা এজন মানুহৰ সাংঘাটিক দক্ষতা আছে ৷ ভিতৰি কিন্তু সেই দক্ষ্ নেতা জনে নতুন প্ৰজন্মৰ নেতা প্ৰস্তুত হোৱাৰ কোনো সুযোগ কেতিয়াও নিদিয়ে ৷ তেনে অৱস্থাতে তেওঁৰ কর্ম প্ৰসংশাত পঞ্চমুখ হৈ দলৰ উর্দ্ধতন নেতৃত্বই তেওঁক পদোন্নতি দি আন স্থানত সংস্থাপন কৰি দিয়ে আৰু লগে লগে দলৰ সেই স্থানীয় শাখা সংগঠন মৃতপ্ৰায় হৈ পৰে ৷ সেয়ে আমি এটা কথাত সদায় গুৰুত্ব দিয়া দৰকাৰ যে মোৰ দক্ষতা বা মোৰ যি প্ৰতিভা, তাক সর্ব শক্তিৰে অনুষ্ঠানটোৰ বাবে প্ৰয়োগ কৰাৰ লগে লগে মোৰ অবর্তমানত অনুষ্ঠানটোক সক্ষম কৰি ৰখাৰ বাবে নৱ প্ৰজন্মৰ কার্যকর্তা মইয়েই বিচাৰিব লাগিব ৷ উর্দ্ধগতিত সর্বোচ্চ স্থানলৈ উঠি যোৱাৰ মোৰ প্ৰৱল স্পৃহা থকা অতিকে প্ৰয়োজন ৷ কিন্তু তাৰ লগে লগে অনুষ্ঠানৰ বৃহত্তৰ স্বাৰ্থত মোৰ বর্তমানৰ স্থান মজবুত্ কৰি ৰখাৰ প্ৰয়োজন সদায় থাকিব ৷ নহ’লে অনুষ্ঠানটো খুড়া নথকা চকীৰ দৰে হ’ব ৷ এই যে মেনেজ কৰা বা জোৰা-তাপলি মাৰি অনুষ্ঠান একোতাক ফাকি দিয়াৰ মানসিক দৃষ্টিভঙ্গি, সেয়া অনুষ্ঠানটোৰ বাবে যিমান ক্ষতিকাৰক তাতকৈ বেছি ক্ষতিকাৰক নেতৃত্বত থাকি ভিতৰৰ দুৰৱস্থাক ঢাকি ৰখা নেতাজনৰ বাবেহে ৷ এইটো কেৱল কোনো বিশেষ অনুষ্ঠানৰ বাবে প্ৰযোজ্য কথাই নহয় ৷ আমি নিজৰ ঘৰখনৰ প্ৰকৃত পৰিস্থিতিকো ঘৰৰ সকলো সদস্যৰ পৰা আঁৰ কৰি ফাকি দিয়া অনুচিত ৷ এনে কৰিলে আমি এদিন বাস্তৱৰ মুখামুখী হ’মেই আৰু আমি পৰিয়ালৰ বাকী সকলৰ ওচৰত নিজৰ সন্মান হেৰুৱাম ৷

Comments
Post a Comment