পৰিবৰ্তনে আমাৰ মন-মগজুত কৰা বিক্ৰীয়াই আমাৰ আদৱ কায়দা অজানিতে সলনি নকৰেনে?

 যোৱা ২০১৪ চনৰ পিছৰ পৰা সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ কিমান পৰিবৰ্তন হ'ল মন কৰিছেনে বাৰু ?? যেনেকৈ শৈশৱৰ পৰা যুৱাৱস্থালৈ মানুহৰ এক বৃহৎ শাৰীৰিক পৰিবৰ্তন হয়, চৰকাৰৰ ব্যৱস্থায়ো মানুহৰ অভ্যাস আৰু চাল চলনৰ বৃহৎ পৰিবৰ্তন আনে। ভাৰতৰ দৰে এখন জনবহুল ৰাষ্ট্ৰৰ কিমান সংখ্যক মানুহৰ বেংক একাউণ্ট আছিল বাৰু ২০১৪ ৰ‌ আগতে ? বোধহয় প্ৰায় ১৫ কোটি আছিল। পৰবৰ্তী সময়ত নতুনকৈ ৫২ কোটি একাউণ্ট খোল খালে। এই যে চৰকাৰৰ আঁচনি, সি লাগে #জনধন বুলি হ‌ওক বা আত্ম সহায়ক গোট বুলি হ‌ওক, মুঠতে ১৪৪ কোটি ৰাইজৰে প্ৰায় ৬৭ কোটি বা তাতোধিক একাউণ্ট হোল্ডাৰ হ'ল। ই কি লাভ লোকচান কৰিছে তাৰ বিচাৰ সুকীয়া। এটা লাভ হ'ল- পাচলিৰ পৰা গেলা মাললৈ, তেল ডিপুৰ পৰা বৃহৎ মল সমূহলৈ, হাজিৰা কৰা ব্যক্তিৰ পৰা বৰ বৰ ৰাজ বিষয়ালৈ প্ৰায় সকলোৰে পকেটত কেঁচা টকা নোহোৱাকৈ চলা হ'ল। সিদিনা এজনে গুৱাহাটীলৈ বুলি বাচত বহাৰ পিছত মনত পৰিল পাৰ্চটো এৰি আহিল ! তেওঁ কাৰোবাক ফোন কৰি ক‌ওঁতে কণ্ডাক্টৰজনে শুনি ক'লে "ছাৰ, গাড়ীখন ৰখাব নোৱাৰিম নহয় ! আপোনাৰ Gpay আছে যদি মোৰ QR ত মাৰি দিয়ক, মই নগদ দি দিম !!!" তেনেকৈয়ে তেওঁ গুৱাহাটী গুচি গ'ল। এই ব্যৱস্থাই চৰকৰৰ currency ছপা‌ কৰাৰ পৰিমাণ কমাই তুলিছে আৰু খৰছ কমিছে। দ্বিতীয় কথা হ'ল চৰকাৰে আপোনাৰ আয় ব্যয়ৰ সংক্ষিপ্ত হিচাব এটা উলিয়ায় ল'ব পৰাও হৈছে। কাৰণ আধাৰ -পান-একাউণ্ট তিনিটা লিংক হৈছে।

এসময়ত এজন ৰাজনৈতিক ব্যক্তিয়ে হয়তো ধেমালিতে কৈছিল যে চৰকাৰে এয়াৰ ইণ্ডিয়াৰ কাৰণে পাঁচ খন এয়াৰ বাছ কিনিলে। তেতিয়া #ফকাৰ বিমান চলিছিল। পিছে মধ্যভোগীৰ মাধ্যম অবিহনে চৰকাৰে সেইবোৰ কিনাৰ কাম নকৰিছিল। সি লাগে ডিফেন্সৰ যুদ্ধত ব্যৱহাৰ হোৱা উৰাজাহাজ হ‌ওক বা চিভিল এভিয়েশ্যনৰেই হ‌ওক, মধ্যভোগীৰ প্ৰয়োজন হৈছিল। কেতিয়াবা টাৰ্টল, পাৰ্ক এভিনিউ বা তেনে ব্ৰেণ্ড বোৰে দুটা চোলা কিনিলে এটা ফ্ৰী দিয়ে। তেওঁ কৈছিল "এয়াৰ বাছ চাৰিখনেই কিনিছে বুজিছা, পাঁচ নম্বৰখন ফ্ৰীকৈ লগত পোৱা। অৰ্থাৎ ৫০০ কোটিমান হাৱালা হৈ ভাগে ভাগে আহিব বা চুইচ্ বেংকত জমা ...!" ২০১২-১৪ মানত এখন পাইকাৰী দোকানত দৈনিক ৮/১০ গাড়ী মাল খালি হোৱা হয়তো দেখিবলৈ পাইছিলো। পিছত GST হ'ল‌, গাড়ীৰ সংখ্যা কমিল। মানে নোট বন্দিৰ পিছত সেইটো এক হ'ব লগা ঘটনাই হৈছিল। কেইবছৰমান পিছত উৎপাদকে কিমান কেঁচা মাল কিনিছিল আৰু কিমান উৎপাদন হ'ল আৰু কিমান ক'ত বিক্ৰী হ'ল GST বিভাগে হিছাপ কৰাত গাড়ীৰ সংখ্যা লাহে লাহে আৰু কমি গ'ল। লোহাৰ কুইণ্টল ৪৮০০ ল‌ওঁতে কাগজ এটুকুৰাত শ্লীপ লিখি দিছিল। মানে বিল নিদিলে সেইটো কেঁচাত গৈছিল। এতিয়া আপোনাক নেলাগিলেও কম্পিউটাৰত বিল উলিয়ায় দিয়ে। এই যে ব্যৱস্থা বোৰৰ পৰিবৰ্তন হ'ল, ই মানুহৰ হাতত কেঁচা টকা অৰ্থাৎ ক'লা টকাৰ পৰিমাণ কমাই দিলে। এইবোৰ এদিনত হোৱা নাই বা হোৱা সম্ভৱ নহয়। কোনোবাই ইটা বালি দি‌ যদি Gpay লৈ থাকে তেওঁৰ হিচাব দাখিল কৰিব লগা হ'ব‌ই হ'ব। এতিয়া কি ব্যৱসায়িক কাৰ্য দেখুৱাই তেওঁ নিজে ঠিক কৰিব লাগিব। কাৰণ এনেদৰে বহুদূৰলৈ আগুৱাব নোৱাৰিব। জালখন চাপি আহি আছে।

আজি বক্কৰ নামৰ কেবাৰী জন আহিছিল। তেওঁ ভাঙিব লগা পুৰণি ঘৰবোৰ দাম‌-দৰ কৰি কিনি পৰিপাটিকৈ ভাঙি সেইবোৰ বিক্ৰী কৰে। যোৱা ছয় মাহত তেওঁৰ বিক্ৰী কমি গৈ তিনিটা গুদাম ভৰ্তি হৈছেগৈ। কাৰণ যিবোৰ মানুহে কিনে সেই শ্ৰেণীৰ মানুহৰ ব্যয় ক্ষমতা কমি গৈছে। গাড়ী-মটৰৰ বিক্ৰী, গৃহ‌ ঋণৰ সংখ্যা কমিছে। একোজন ব্যক্তিয়ে গৃহ‌ঋণৰ EMI দি বাকী থকা টকাৰে মাহটোৰ প্ৰয়োজন পূৰণ কৰা সম্ভৱ নাছিল যদিও আগতে বাহুল্যকৈয়ে চলি আছিল। এতিয়া সেই শ্ৰেণীৰ ব্যক্তিৰ সংখ্যা কমি গ'ল। এটা কাৰক হয়তো উপৰুৱা আৰ্জন কমি গ'ল আৰু আনটো কাৰক হয়তো আয় ব্যয়ৰ হিচাপ ল'লে শলঠেকত পৰাৰ আশংকা....!

নগদ ধনৰ আদান প্ৰদান তথাপিও কমকৈ চলি আছে। পিছে বজাৰত তাৰ পৰিমাণ নিতান্তই কম। অহা দিনবোৰত কেতিয়াবা ৫০০০ বা তাতোধিক মূল্যৰ পণ্য বা সেৱাৰ বাবে অনলাইন পেমেণ্ট বাধ্যতামূলক হ'ব, য'ত #ক্ৰয়কৰ দিব লাগিব। ই হয়তো বাকী কৰবোৰৰ ৰিপ্লেচমেণ্ট কৰিব । 2022-23 বৰ্ষত ৭.৩ কোটি লোকে আয়কৰ ৰিটাৰ্ণ ফাইল কৰিছিল আৰু তাৰে ৫.৬ কোটি লোকৰ টেক্স শুণ্য আছিল। অৰ্থাৎ মাত্ৰ ২.৪ কোটি লোকে কৰ দিছিল যিটো মুঠ জনসংখ্যাৰ প্ৰায় ১.৬ শতাংশ আছিল। পৰিবৰ্তিত সময়ত ভাৰতবৰ্ষত হয়তো প্ৰায় ২,০০,০০০ লোকৰ বাণিজ্যিক কামকাজ বন্ধ হৈছে আৰু বহু লক্ষ লোকৰ বাণিজ্যিক কামকাজ বন্ধ হ'ব। ইনফ্ৰাষ্ট্ৰাকস্যাৰ উন্নয়ন খণ্ডত সৰ্বাধিক বিনিয়োগ হৈছে যদিও ই এতিয়া বনুৱা নিৰ্ভৰ নহয়, বৰং মেচিন নিৰ্ভৰ। কাৰণ তাকে নকৰিলে কৰ্মৰ গতি বৃদ্ধি সম্ভবো নহয়। ফলত তাত ব্যয় কৰা ধন কোনোবা ধনকুবেৰৰ চন্দুকতে আবদ্ধ হৈছে। দেশৰ দুই চাৰিটা অতি ধনী শ্ৰেণীৰ প্ৰতিষ্ঠানে অন লাইন মাধ্যমেৰে বিপনন কৰি সমগ্ৰ ট্ৰেডিশ্যনেল বাণিজ্যিক ব্যৱস্থাক তচ্ নচ্ কৰিছে আৰু অহা দিন বোৰত আৰু অধিক কৰিব। এই সকলোবোৰ লেনদেনৰ ৯৯ শতাংশ অনলাইন হৈ আছে। গতিকে কেঁচা টকাৰ প্ৰয়োজন নোহোৱা হ'ল। ইয়াৰ প্ৰভাৱো সাধাৰণ জনসাধাৰণৰ ওপৰত বাৰুকৈয়ে পৰা আৰম্ভ হ'ল। দোকানলৈ যদি কোনোবা গৈছে, তাৰে সৰহ সংখ্যকৰ উদ্দেশ্য বাকী ব্যৱস্থাৰে নিজৰ উপভোগ কাৰ্য বাহাল ৰখা। এই ব্যৱস্থাক প্ৰত্যাহাৰ কৰাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ বাবে সম্ভৱ নহয়। কাৰণ তাকে নকৰিলে মানুহ নাহে। অহা সকলৰ পৰা ধন আদায় কৰাৰ বাবেও নিজৰ ব্যস্ততা বঢ়াই ৰখাৰ সুযোগ পাব পাৰে। ক্ৰমৰ্শঃ bad debt অৰ্থাৎ প্ৰাপ্যৰ অনাদায় বৃদ্ধি বা নোপোৱাটো নিশ্চিত হৈ প্ৰতিষ্ঠানৰ অপমৃত্যুৰ সংখ্যা বাঢ়ি আহিছে আৰু আগলৈকে বাঢ়িব। কাৰণ প্ৰত্যেক ব্যক্তিৰ প্ৰাথমিক চিন্তা বেংক, বিত্তীয় প্ৰতিষ্ঠানৰ ঋণৰ কিস্তি আদায়, ক্ৰেডিট কাৰ্ডৰ বিল আদায়। অন্যথা CIBIL বেয়া হ'ব বা NPA হ'ব। সেইবোৰৰ পৰা উদ্ধাৰ পোৱাৰ পিছত ৰৈ যোৱা কিবা থাকিলে অতি প্ৰয়োজনীয় খিনি ৰাখিহে যদু-মধুৰ দোকানত কিবা অলপ দি দিব পাৰি। বৰ টানি ধৰিলে ধনাদেশ (Cheque )এখন দি দিব, যিটো সৰহ সংখ্যক insufficient fund ৰ বাবে আজিকালি উভতি আহে। এই যে কথাবোৰ হৈছে, ইও আমাৰ পৰিবৰ্তনে দিয়া স্বভাৱৰ ক্ৰমবৰ্ধমান পৰিবৰ্তনৰ এক নমুনা। আমি লাহে লাহে সকলোৱেই দুটা পোচাক পৰিধান কৰিবলৈ ল'ব লগা হ'ল। এটা বাহ্যিক ভাৱ মূৰ্তি অটুট ৰখাৰ বাবে কৃত্ৰিম পোচাক আৰু আনটো পৰিস্থিতি -পৰিবেশে তচ্- নচ্ কৰা বিধ্বস্ত জীৱনৰ পোচাক।

প্ৰচলিত অ-ব্যৱস্থা বা ব্যৱস্থাক ঘোদালি দিলে অপৰিষ্কাৰ হয়েই। তাৰ সোৱাদ ল'ব‌ই লাগিব।
প্লাম্বাৰ এজন আহিছিল সিদিনা। মোলৈ অহা এজন ভদ্ৰলোকৰ ফোনৰ কথোপকথন খিনি শুনি তেওঁ ক'লে "ছাৰ এতিয়া বৰ সাংঘাটিক দিন আহিল। সিদিনা মানুহ এজনে মোক তেখেতৰ ঘৰলৈ মাতি তেখেতৰ পৰিবাৰৰ সৈতে বাথৰুম দুটাৰ কিবা কাম অলপ কৰাৰ কথা পাতিবলৈ দিলে। মানুহ জনে আমাৰ কথাৰ ভাগ নলৈ বাহিৰতে কিবা কৰি থাকিল। কথা পাতি ফাইনেল কৰি অহাৰ পিছত ওলাই আহোঁতে মানুহ জনে গ্যেটৰ ওচৰলৈকে আহি মুখৰ ভিতৰতে কৈ গ'ল- মোৰ কমিশ্যনটো ৰাখিবা দেই !! এতিয়া ঘৈণীয়েকেও গিৰিয়েক জনক এপ‌ইচাৰ বিশ্বাস কৰিব নোৱাৰে হাঃ হাঃ হা "। তেওঁৰ কথা শুনি ময়ো হাঁহি ৰাখিব নোৱাৰিলোঁ। ভাগীনৰ বাদে কাকো বিশ্বাস নকৰা মাহীয়েকে কেনেকৈ জানিব যে তেওঁ অহাৰ আগতেই মোক কমিশ্যনৰ কথা যে কৈ গৈছে....! এয়া কোনো স্খলন নহয় চাগৈ, উপাৰ্জনৰ পথবোৰ ৰূদ্ধ হৈ ক্ৰমৰ্শঃ এনে এক সুক্ষ্ম ৰূপ পাইছে যে মানুহে জীবিকাৰ নামত #মাখিৰ_মূৰৰ_ঘীউ উলিয়ায় খাবৰ দিন আহি আছে!!! এয়া হয়তো ৰূঢ় বাস্তৱ হ'বগৈ

Comments

Popular posts from this blog

হে শ্বহীদ , তোমাক সহস্ৰ প্ৰণাম

কৃত্ৰিম বান পানীৰ প্ৰতিৰোধ কোনে কৰিব ?