Posts

Showing posts from September, 2024

এয়া সংগঠকৰ বিফলতা নহয় জানো??

Image
 “There is a big difference between an individual being confused and society as a whole being confused. If society is confused, the structure of civilization will be weakened, which will became unfortunate for those in charge of managing society.” কৰ্ম জীৱনত আমি অনেক সময়ৰ অনেক খোজত দিশহাৰা হও। কি কৰা উচিৎ বা কি কৰিব অনুচিৎ আছিল,ক’ত ভুল হ’ল আৰু এতিয়া ক’লৈ গৈ আছোঁ.... ইত্যাদি। এই অৱস্থাই আমাৰ জীৱনত মতিভ্ৰম কৰাই আৰু আমি নকৰিব লগা কাম কৰি পেলাওঁ। এনে অৱস্থাই আমাৰ মানসিক ্বস্থাৰ কেতিয়াবা সন্তোলন হেরুওৱাত সহায় কৰে। এয়া আমাৰ ব্যক্তিগত জীৱনৰ কথা। সামাজিক জীৱনত কিন্তু ই এক সুকীয়া আৰু দুখজনক বিষয়ৰূপে স্থিতি লয়। বৰ্তমান সমাজৰ ৰূপ ৰেখাত এই অৱস্থাই কিন্ত সমাজৰ সংস্কাৰক নস্যাৎ কৰি দনবীয় এক অভ্যাস গঢ়াত সহায় কৰে। বৰ্তমান সমাজৰ অৱস্থাৰ পৰিবৰ্তন দেখি ভাৱ হয় যে আমাৰ কাৰ্যকৰ্তা অৰ্থাৎ সমাজক পৰিচালনা কৰোতা সকল ক’ৰবাত বিুফল হৈছে। বহুমাত্ৰিক ভাবে সমাজত কিং কৰ্তব্য বিমুঢ় মানুহৰ সংখ্যা বৃদ্ধি হ’ব ধৰিছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ সৈতে সমতা ৰাখি আমি অসমৰ দৰে সৰু প্ৰদেশ এখনেও এ...

প্ৰতিভাক দুষ্কৰ্মত ব্যৱহাৰ নকৰিব https://niyomiyabarta.com/epaper/17092024/details.php?date=17092024&page=6&article=2.gif&cid=2

Image
https://niyomiyabarta.com/epaper/17092024/details.php?date=17092024&page=6&article=2.gif&cid=2  

জন্মৰ দৰে মৃত্যুও কিয় মূল্যবান !!

Image
 মৃত্যুলৈ আমি সকলোৱে ভয় কৰো নহয় জানো ? কিন্তু জন্ম আৰু মৃত্যু  আন একো নহয় এটা টকাৰ দুটা পিঠি মাত্ৰ ! সৃষ্টি কৰ্ত্তাৰ জীৱৰ সৃষ্টিৰ আৰু তাক সামৰি নিয়া সময় নিৰ্ধাৰণ কৰাৰ উদ্দেশ্য আৰু ৰহস্য কোনে জানে নহয় নে !  জন্মৰ সৈতে মৃত্যু যদি নেথাকিলে হেতেন পৃথিবী খন কি হলহেতেন বাৰু  !  এটা সাধুৰ যোগেদি কথাতো  মোহন নৰুলা দেৱে বৰ সুন্দৰকৈ প্ৰকাশ কৰিছে -  ভাল লাগিল শুনি । তাহানি  এখন বৃহৎ সামৰাজ্যৰ ৰজা আছিল ৰঘু দেৱ ।  তেওঁৰ কোনো অভাবেই নাছিল কিন্তু মানুহজন সদাই বৰ চিন্তিত হৈ দুখ মনেৰে থাকিছিল ।  বয়স বাঢ়ি যোৱাৰ লগে লগে ইয়াৰ আৰু বৃদ্ধি পাই গৈয়ে আছিল । এইবোৰ চিন্তাৰ পৰা পাৰ পাবলৈ তেওঁ এদিন  তেওঁৰ ৰাজ্যৰ কাষতে থকা এখন অৰন্যলৈ গৈ এজন সন্যাসীক দেখা কৰিছিল গৈ আৰু তেখেতক সেৱা জনাই আগন্তুক   মৃত্যুৰ পৰা কেনেকৈ ৰক্ষা পাব পাৰি জনাৰ ইচ্ছা কৰি  তাৰ উপাই শুধিছিল । তেওঁ আৰু শুধিছিল যে মৃত্যুৰ পৰা ৰক্ষা পাবলৈ কিবা বনৌষধি  আছে নেকি ?   ৰজা জনৰ প্ৰশ্ন শুনি সন্যাসী জনে বৰ সহজ ভাবে তাৰ বিধান হিচাবে কৈছিল -  "  হে মহাৰাজ,  আ...