ৰাজনীতি আৰু আমি ঘটিৰাম

বৰ্তমান সময়ত দেশৰ ৰাজনৈতিক ঘটনা প্ৰবাহ দেখি অনেক ভাই বন্ধু বিতত হৈছে। চকু কপালত উঠি আকৌ ভৰিৰ তলুৱা পাইছে। পিছে এয়া স্বাভাৱিক । আমিবোৰ চলি ফুৰি থাকিবৰ সমলবোৰ য'ৰ পৰা প্ৰবাহিত হয় সেইফালেই থাকিব লাগিব। যিবোৰে তাকে কৰিব নোৱাৰে সেইবোৰেই হোজা ভোটাৰ। ভোট এক ব্যৱস্থা মাত্ৰ, যাৰ দ্বাৰা ক্ষমতাত থাকি প্লাম্বাৰৰ দৰে কাম কৰিব পাৰি। এই ভাল প্লাম্বাৰ জনৰ দ্বাৰাই সম বিতৰন মানে কেউফালে প্ৰবাহ ঠিক ৰখিব পাৰি। তাত কোনো অস্পৃশ্য-স্পৃশ্য নাই। ভাৰতৰ বৰ্তমান চৰকাৰৰ ব্যৱস্থাই ধাৰাবাহিক যোগান ব্যৱস্থাত যতি পেলাইছে। সেয়া আমাৰ কাৰো বাবেই গ্ৰহণ যোগ্য নহয়। সেয়ে প্লাম্বাৰ বদলি কৰাৰ দৰকাৰ হৈছে। চৰকাৰে জনা দৰকাৰ যে সময়, বয়স সকলো আওকাণ কৰি বিভিন্ন সংগঠনৰ নেতৃত্বত থকা সকলেই হ'ল হিতাধীকিৰী । তেওঁলোকলৈ সঠিক দিশত ইন্ধনৰ যোগান চলাই ৰাখিব পৰাটোৱেই চিফ প্লাম্বাৰৰ কাম। প্ৰয়োজন বুজি বজাৰৰ অস্থায়ী প্ৰকল্প সমূহৰ পৰাও যোগান পোৱাৰ ব্যৱস্থা লাগিব। তাত হকা বাধা কৰাটো অ সাংবিধানিক কাৰ্য। পিছে এইবোৰ বিষয়ত ঘটিৰামৰ মূৰ ঘমোৱাৰ কাম নাই। আমাক কেতিয়া কি কৰিব লাগে ক'বলৈকে হিতাধীকিৰ সকলৰ পৃথিৱীত আবিৰ্ভাৱ। সেয়ে আমি অপেক্ষা কৰ...