৭২তম স্বাধীনতা দিবসৰ চিন্তা
পৰম পূজনীয় নেতাজী সুভাষ চন্দ্ৰ বসুৱে কৈছিল - অন্যায়ৰ প্ৰতিবাদ নকৰাটোও এক অন্যতম অপৰাধ । স্বাধীনতা আমাক দিব নেলাগে, স্বাধীনতা আমি ল'ম।" আজি ৭২ তম স্বাধীনতা দিবসত শংকৰদেৱ বিদ্যা নিকেতনৰ ছাত্ৰ ছাত্ৰী, অভিভাৱক অভিভাৱিকা, মাতৃ ভাৰতীৰ সভানেত্ৰী প্ৰমুখ্যে বিষয়ববীয়া, প্ৰধান আচাৰ্যা তথা আচাৰ্য-আচাৰ্যা সকল আৰু পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলে বিদ্যালয় চৌহদত বৰষুণকো নেওচি স্বাধীনতা উৎসৱ পালন কৰে। আজিৰ এই পবিত্ৰ দিনত আমাৰ সকলোলৈ বাৰ্তা আছিল :- বিশাল ভাৰতৰ সৰু সৰু ৰাজ্যবোৰৰ ৰাজনৈতিক দায় দায়িত্বত থকা ব্যক্তি সকলৰ ক্ষমতাক লৈ থকা খোৱা কামোৰাৰ ফলতেই আমি মোগলৰ অধীনস্থ হৈছিলোঁ আৰু ভাৰতৰ সম্পদ লুণ্ঠন কৰিবলৈ অহা East India Company ৰ পৰা ১৮৫৮ চনত বৃটিছ ৰাজৰ অধিনস্থ হৈছিলোঁ । আমাৰ নেতা সকলৰ মনত দেশ প্ৰেমৰ তুলনাত ক্ষমতা আৰু সম্পদৰ লোভেই আছিল পৰাধীনতাৰ মূল কাৰণ। এই কাৰ্যত সাধাৰণ জনগণৰ কোনো বিশেষ সংপৃক্ততা নাছিল। প্ৰাচীন ভাৰত বিশ্বৰ একমাত্ৰ জ্ঞানত চহকী দেশ আছিল যদিও জ্ঞান চৰ্চাৰ অৱনতিৰ বাবেই স্বাৰ্থান্ধতাই দেশক পৰাধীন কৰিছিল। জ্ঞান সম্পদশালী হোৱাৰ মূল ইন্ধন বুলি পাহৰি যোৱাটোৱেই আমাৰ দুৰ্ভাগ...