অহমীয়া বা এচেমীজ
মানুহৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ ভাল উপাৰ্জন কৰা মানুহৰ সংখ্যা বৃদ্ধিত সকলোৱে নিজৰ নিজৰ পৰিয়াল সমূহক HiFi কৰাৰ তাড়না বৃদ্ধিৰ কৰ্মকুশলতা বৰ তীব্ৰতৰ হ'বলৈ ধৰাত আমাৰ ৰাজ্যত দুটা শ্ৰেণীৰ সৃষ্টি হৈছে । (১) "অহমীয়া বা এচেমীজ" আৰু (২) "অসমীয়া ভূচুং পহু" । এই দুই শ্ৰেণীৰ সংখ্যা অধিক হাৰত বৃদ্ধি হৈছে । এইটো মোৰ দৰে "ভূচুংপহু" শ্ৰেণীৰ বোৰৰ দৃষ্টিত এই কাৰণেই পৰিছে যে আমাক চলাই খোৱা মানুহ বোৰ ক্ৰমান্বয়ে Hifi হৈ গৈ আছে বা "ভূচুংপহু"-ৰ পৰা HiFi লৈ promoted হৈছে । এতিয়া #ইংlish কোৱা আৰু পঢ়া , ঘৰতে১০/১৮ বছৰীয়া লৰা-ছোৱালী কেইটাই গম নোপোৱাকৈ (??) #পৰিয়ালনীৰ সৈতে বা বন্ধুৰ সৈতে বহি #drinks কৰা , পৰিয়ালনীৰ standard কিটি পাৰ্টি আদিবোৰ HiFi ৰ চিন । Husband বোৰৰ বাবে এটা office chamber ঘৰত লগাই হৈছে আজিকালি । কিতাপৰ ধুনীয়া আলমাৰী , হুইল চেয়াৰ , table , আৰু কেইখনমান চকী । কি কাম কৰে কথা নাই , মসৃণ drawer ত দুটামান কিবাকিবি লাগে । অলপ relax কৰিবলৈ !! সিদিনা বিয়া এখনত গ'ম পালো ধুনীয়া ধুনীয়া মডাৰ্ণ ছোৱালী বোৰৰ আড্ডাটো বঢ়িয়াকৈ জমাৰ কাৰণ বোলে energy ।...