পৰিবৰ্তনৰ দিশত জনতাৰ খোজ
চৰকাৰৰ দ্বাৰা যে ৰাষ্ট্ৰ নিৰ্মাণ নহয় সেইটো অতি স্পষ্ট কথা । সমাজ বা দেশত আমি যি পৰিবৰ্তন আনিবলৈ বিচাৰোঁ সেইটো চৰকাৰৰ দ্বাৰা কৰা সম্ভৱেই নহয় । ১৯৪৭ চনৰ পিছত পশ্চিমীয়া চিন্তাধাৰাৰ ভক্ত ৰাজনৈতিক নেতৃত্বৰ মনত ধাৰণা হৈছিল যে শাসনৰ বাঘজৰী তেওঁলোকৰ হাতলৈ অহাৰ পিছত চৰকাৰৰ দ্বাৰা সকলো পৰিবৰ্তন সম্ভৱ হ'ব । কিন্তু ১৯৪৭ ত ভাৰতৰ জনসাধাৰণৰ যি অৱস্থা আছিল , ২০১৪ ত তাৰ বিপৰীতে শতকৰা ৬০ জনৰ বাবে খাদ্যৰ সুৰক্ষা প্ৰয়োজন বুলি চৰকাৰে বিবেচনা কৰিলে । সকলোতকৈ ডাঙৰ কথা হ'ল স্বাধীনতাৰ পিছত এই ভুল আৰু ভ্ৰমপূৰ্ণ ধাৰণা সমগ্ৰ জনসাধাৰণৰ মনত বিয়পি গ'ল , যি আমাক উন্নতিৰ পৰিবৰ্তনৰ পৰিবৰ্তে অধোন্নতিৰ পৰিবৰ্তনৰ দিশত অতি ক্ষিপ্ৰ গতিৰে লৈ গ'ল । আমাৰ ভাৰতীয় সংস্কৃতিৰ মতে সামাজিক ভৌতিক পৰিস্থিতিয়ে মানুহৰ মনৰ ওপৰত নিশ্চিতভাৱে প্ৰভাৱ পেলায় । কিন্তু মানুহৰ মনেও সামাজিক পৰিস্থিতিৰ ওপৰত প্ৰভাৱ পেলায় । দুয়োটাৰে এটাৰ আনটোৰ ওপৰত ক্ৰিয়া - প্ৰতিক্ৰিয়া চলি থাকে । মানুহৰ মনত এটা ডাঙৰ বস্তু আছে - সেইটো হ'ল "ইচ্ছা শক্তি" । যাৰ সুদূৰ প্ৰসাৰি প্ৰভাৱত মানুহৰ মনে Socio economic order ৰ ওপৰত অধিক নিৰ্ণায়ক প...