শৈশৱৰ পৰা সিহঁতৰ আওঁতালৈ বগাই আহি .......

 

সিহঁতবোৰ আমাৰ সংসাৰলৈ অহাৰ পৰাই প্ৰতিটো দিন মোৰ ববে যেন একোটা চেলেঞ্জ। আচলতে মোৰ নিজৰ জন্মও এটা আকাংখ্যাৰ পৰিণতি আছিল। সেইটো জানিছিলোঁ মাৰ পৰা। মাহঁতৰ জীৱনলৈ অহা প্ৰথম ছোৱালীজনীক এমা-ডিমা অৱস্থােত ঈশ্বৰৰ ঘৰলৈ সেৱাৰ প্ৰয়োজনত মাতি নিলে। সেয়ে দুটা ল’ৰাৰ পিছত তেওঁলোকৰ মনত এজনী দীপলীপ কণ্যাৰ আশাই মোৰ জন্মৰ কাৰক হ’ল। সৰুতে মা-দেউতাৰ অফুৰন্ত স্নেহত ডাঙৰ হ’লেও সময়ে সময়ে এই কথাটো মাৰ মুখত শুনো। “ছোৱালীজনী গুচি নোযোৱা হ’লে..”.বুলি মায়ে এসোতা কান্দে। বিষয়টো কেনেকৈ ওলাই সেয়া মই তেতিয়া বুজিও নেপাওঁ বা ই মোৰ পৰিসৰৰ বাহিৰত আছিল। লাহে লাহে ডাঙৰ হ’লোঁ। তিনিজনৰ ভিতৰত মৰমৰ বিতৰণ এতিয়াৰ ভাষাত ক’বলৈ হ’লে এম-২০ ৰেচিও আছিল। ১ঃ১.৫ঃ৩ । পূজাত দাদাৰ বাবে দুযোৰ জোটা। ক্ৰমৰ্শঃ মোলৈ কমি যায়। ই মোৰ মনত কেতিয়াও ঈৰ্ষাৰ ভাৱ জাগ্ৰত কৰা নাছিল। এটা অতি কঠোৰ নিয়মানুবৰ্তীতাৰ মাজত ডাঙৰ হোৱাৰ বাতাবৰণে মোৰ মনত সেইবোৰ চিন্তাক স্থিতি ল’বলৈ নিদিলে। পঢ়া শুনাত মধ্যমীয়া হৈ থাকিয়েই মেট্ৰিকৰ দেওনা পাৰ হ’লো। সংগীতৰ প্ৰতি অত্যন্ত ৰাপ থকাত মাৰ দ্ৰেচিং টেবুলৰ দ্ৰোৱাৰৰ ওপৰতে মোৰ তবলা চলিছিল। কল্পতৰু অনুষ্ঠানৰ ভাল লগা গানবোৰ ৰেডিওৰ সমােনে সমানে টেবুলত  
বজাই বজাই গাই যাওঁ । মায়ে পাকঘৰৰ পৰা হাতত আলু একোটা আৰু কটাৰীখন লৈ ওচৰতে বাকলি গুচাই লগতে গাই। “মদাৰৰে ফুল হেনো
                        পূজাতো নেলাগে,
                                            মদাৰৰে ফুল হেনো
                        সবাহত নেলাগে,
                                            লাগে পিছে ব’হাগতে
                        ৰং সানিবলে,
                                            লাগে পিছে আকাশতে
                        জুই জ্বলাবলে,
                                            কোনোবাই মোক হেনো
                        মদাৰৰে ৰিজালে,
                                            আমাৰ দৰে লোক হেনো
                       কামে-কাজে নেলাগে,
                                            লাগে পিছে সমাজতে
                        ৰং সানিবলে,
                                        লাগে পিছে আকাশতে
                        জুই জ্বলাবলে….”

মায়ে মোৰ কণ্ঠৰ পৰা ওলাই অহা প্ৰতিটো শব্দ আৰু সুৰৰ ভাজত মূৰ দূপিয়াই সহযোগ কৰে আৰু এটা সময়ত চাদৰৰ আঁচলেৰে চকুৰ পৰা ওলাই অহা চকুলো মোহািৰ সাউৎকৈ উঠি যায় পাকঘৰলৈ বুলি। দেউতাৰ হৃদয় সাগৰত পদুমৰ কলিবোৰ তেতিয়া ফুলিছিল বা নাই অনুমান নাছিল। মই তেতিয়া শিৱসাগৰৰ ৩১৮ নং ফুকন নগৰ প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰমোচন পাই শিৱসাগৰ চৰকাৰী বহুমুখী বালক বিদ্যালয়ত নাম লিখোৱাৰ সময়। বোধকৰো ১৯৬৯। এয়াও এক স্মৰণীয় দিন আছিল য’ত জীৱনৰ 
বাল্য কালৰ অনেক স্মৃতি আজিও মনত পৰিস্কাৰ হৈ আছে। স্কুলৰ পৰা ওলাই প্ৰায়ে আমাৰ খুডা এজনৰ ঘৰত সোমাও আৰু প্ৰায় আধা-এক ঘণ্টা তাত বহি ছবি অঁকা বা কিতাপ পঢ়াত ব্যস্ত থাকোঁ। খুডা অ.এন.জি.চি.-ৰ উচ্চ পদস্থ বিষয়া প্ৰয়াত অমল বৰুৱা আছিল। তাত সিমান সময় কটোৱাৰ এটা ডাঙৰ উদ্দেশ্য হ’ল দোৱালত থকা ঘড়ীটোত প্ৰতি ঘণ্টাতে এখন সৰু দৰজা খোল খাই আৰু চৰাই এটা ওলাই কু-কু, কু-কু কৈ ঘণ্টাৰ হিচাবত মাত দি আকৌ ভিতৰত সোমাই যায় আৰু দৰজাখন বন্ধ হৈ যায়। কেতিয়াব সোনকালে ছুটি হ’লে এঘাৰ-বাৰবাৰ মাত শুনাৰ সুযোগ পোৱাটো মোৰ বাবে এক ডাঙৰ প্ৰাপ্তি যেন আছিল। চতুৰ্থ শ্ৰেণীত পঢ়ি থাকোতে মনত ভাৱ হৈছিল এতিয়া ডাঙৰ ল’ৰা হ’লো। কাৰণ হাইস্কুলত পঢ়ো। গতিকে ই মনত এক পৰিবৰ্তন আনিছিল। চৰাইটোলৈ মনত পৰিলেও তাৰ বাবে খুড়াৰ তাত কিছু সময় বহাৰ কথাটো যোন অসুবিধা দিয়াৰ দৰে হ’ব এনে ভাৱ আহিছিল। প্ৰথমিকত থাকোতে খুড়ীৰ অত্যন্ত স্নেহ আৰু মৰমত খাবলৈ দিয়া গাখীৰ পানীকণ যেন অমৃতেৰে পৰিপূৰ্ণ, তেনে লাগিছল। এৰা, এতিয়াৰ লগত ৰিজাব পৰা দিন নাছিল। দেউতাৰ সামান্য চৰকাৰী চাকৰি আৰু খুড়াৰ আভিজাত্য পূৰ্ণ ঘৰখনৰ মাজত আত্মীকতাৰ প্ৰলেপ বৰ ডাঠ আছিল।  িশৱসাগৰত থাকোতে শিৱৰাত্ৰীৰ মেলা        
আৰু ভক্ত সকলৰ অংশগ্ৰহণৰ হেতা ওপৰাই  সমগ্ৰ অসমৰ ৰাইজৰ বাবে এক আকৰ্ষণৰ কেন্দ্ৰ আছিল। এৰা লগত পঢ়া মুচলমান লৰাবোৰো আমাৰ লগত গৈছিল কেতিয়াবা মেলা চাবলৈ। এক আচৰিত যেন লগা আত্মীক সম্পৰ্ক আছিল সকলোৰে মাজত। দেউতাৰ সহকৰ্মী ৰহমানখুড়া আহিলে আমাৰ মনটো বৰ ভাল লাগে। পকেটত কেঞা বগৰী এসোপা আনি আমাৰ তিনিওকে ভগাই দিয়ে সদায়। তাৰ পিছত দেউতাৰ সৈতে বহি কিবা অডিটৰ কাম কৰে বুলি শুনো যদিও বুজি নেপাও। ১ ৯৭০ -ত দেউতা যোৰহাটলৈ বদলি হ’ল। আমাৰ বাকীবোৰৰ কথা মই ক’ব নোৱাৰোঁ যদিও খবৰটোত মোৰ মনটো তেনেই সেমেকি উঠিল। প্ৰতি গৰমৰ বন্ধত ককা-মামাৰ ঘৰলৈ যোৰহাটলৈ অহাটো আমাৰ বাবে একোটা ডাঙৰ আউটিং আছিল আৰু ইয়াৰপৰা উভতি যোৱাৰ দিনা কন্দা-কটা হৈছিল যদিও, এই উচ্চতৰ মাধ্যমিক স্কুলখন এৰি যোৱাৰ কথাটো মোৰ বাবে অসহনীয় হৈ উঠিছিল........(আগলৈ)

Comments