মানুহৰ প্ৰয়োজনত ধৰ্মৰ সৃষ্টি, ধৰ্মৰ প্ৰয়োজনত মানুহৰ সৃষ্টি নহয়।

    ক’ৰবাত পঢ়িছিলো যে মানুহৰ পাচনতন্ত্ৰ তৃণভোজীতকৈ চুটি, কিন্তু মাংসভোজীতকৈ দীঘল। মাংসভোজীতকৈ তৃণভোজী প্ৰাণীৰ সৈতে মিল থকা, কিন্তু ঠিক তৃণভোজীও নহয়। আমাৰ একাধিক পেট নাই বা তৃণভোজীৰ দৰে চোবাই খোৱা ব্যৱস্থা নাই। মানুহে নিজাববীয়াকৈ ভিটামিন চি উৎপাদন কৰিব নোৱাৰে; তেওঁলোকে ইয়াক কেৱল উদ্ভিদৰ উৎসৰ পৰাহে আহৰণ কৰিব পাৰে। এই কথােবাৰ জানিও আমি আজিৰ দিনত নিৰামিষ ভোজনতৈক আমিষ ভোজনত অধিক গুৰুত্ব দিও। সৰুতে দেওবাৰটো আহিলে মনটো ভাল লগাৰ এটা কাৰণ আছিল ছাগলীৰ মাংস খাবলৈ পোৱাৰ সম্ভাৱনা। মাহত দুদিন থাকে। দুদিন মাছ। মাছ অৱশ্যে সপ্তাহৰ আন দিনতো থাকে। তেতিয়া মাংস বুলিলেই ছাগলী। তাকো গাৱঁতে কাটিছিল। পিচলৈ কচাইৰ পৰা অনাৰ কথাবোৰ আৰম্ভ হ’ল আৰু দেউতাই খাবলৈ এৰি দিলে। কিয় এৰিলে সোধা নহ’ল যদিও পিচত জানিলো যে কচাইৰ মাংস দেউতাই নেখাই। কাৰণ অনেক নীতি- নিয়মত থকাৰ বাবেই নেখাই। ডিম কেৱল হাঁহৰ চলিছিল, মুৰ্গীৰ কথা মনত নাই। একো অসুবিধা অবিহনে দেউতাই বাৰ্ধক্যজনিত কাৰণত ৯৩ বছৰ বয়সত মহাপ্ৰয়াণ কৰিলে। ব্যক্তিগত ভাবে মই বহু বছৰ পূৰ্বেই মাছ-মাংস-কণী খোৱা এৰি দিলোঁ। মোৰ ই এক সুকীয়া ধাৰণা। ছাগলী বা পাৰ চৰাইটো ধৰি আনি মাৰি খোৱা আৰু ভাল চেহেৰা দেখি মোকে ধৰি খাইথোৱাৰ মাজত পাৰ্থক্য নথকাৰ ভাব এটাই মনৰ মাজত এক অন্তৰ্দণ্ড আৰম্ভ কৰাত বাদ দি দিলোঁ। কোনো ধৰ্মীয় কাৰণ তাত নাই। কিন্তু ঘৰৰ বাকী সকলক যোগাৰ দিয়াত কৃপনালী কৰা নাই। প্ৰতিবছৰ পূজাৰ সময়ত বিভিন্ন ধৰ্ম ক্ষেত্ৰত জীৱ সকলৰ বলি হয়। এই লৈ বৰকৈ লিখা-পঢ়া হৈ থাকে। মই সেইবোৰত গুৰুত্ব নিদিও। কাৰণ মই মনত থকাৰ পৰা চহৰৰ ভিতৰত বোধহয় চাৰিখন মান কচাই দোকান দেখিছিলোঁ। মুৰ্গী-হাঁহ-পাৰ-গাহৰীৰ দোকান দেখা মনত নাই। এতিয়া এনে এটা চুবুৰী নাই য’ত তেনে দোকান নাই। ই জীৱ প্ৰেমীৰ সংখ্যা বৃদ্ধি হোৱা বুজাই নে কম হোৱা বুজাই ? জীৱটোৰ জীৱক আলফুলে উলিয়াই বতাহত এৰি দি মাংসখিনি কটা হয় নে একেই আসুৰিক ৰেপা বা কোব দি উলিউৱা হয় !! তাৰ লগত একে ঘাপে চিঙি দিয়াটোৰ পাৰ্থক্যইবা ক’ত ?? তথাপিও এইবোৰ বিতৰ্কিত বিষয় যাক আলোচনা কৰি অযথা বিতৰ্ক কাৰা উচিৎ নহ’ব। ব্যক্তিগত ভাৱে ঈশ্বৰক ভাবি ফলমূল দটামান গৰু এজনী বা এটাক খুৱাই পৰম তৃপ্তি পাওঁ। চৰাই কেইটাই কালিলৈ ভালকৈ পকিলে পাৰিম বুলি থোৱা মধুৰী কেইটা খুটিয়াই সৰাই থৈ যোৱা দেখি মনটো বেয়া নেলাগে। কাৰণ সকলো প্ৰকৃতিৰ সৃষ্ট জীৱ আৰু সকলোৰে সামূহিক অৱদানত প্ৰকৃতি সুজলা সুফলা থাকে। মোৰ কল্যাণৰ বাবে বজাৰৰ পৰা বা ঘৰত পোহাৰ পৰা ছাগলী বা গৰু-ম’হ একোতাক উচৰ্গা বা ত্যাগ(কুৰবাণী) কৰাৰ অধিকাৰ মোক কোনে দিয়ে ? ঈশ্বৰে নিশ্চয় নিদিয়ে! ই আমাৰ মনত উৎপত্তি হোৱা একোটা অন্ধ বিশ্বাস নহয়নে? বেদ, উপনিষদ-শাস্ত্ৰ আধি অনন্তকাল অধ্যয়ন আৰু গৱেষণাৰ(তপস্যা) ফল। তাৰ যি বিধি সেইবোৰ সলনি কৰাৰ অধিকাৰ কোনো কালেই কাকো দিয়া হোৱা নাই। কিন্তু আনৰ অধ্যৱসায়ৰ ফলত সৃষ্ট এই পদ্ধতিক ব্যৱসায়ীক ৰূপ দি নিজৰ এক লাভজনক জীৱিকাৰূপে কাম কৰাটো শুদ্ধ নে ? ই ব্যৱস্থাৰ প্ৰতি মানুহৰ মনত অনিহা তৈয়াৰ কৰা নাইনে? সময়ৰ লগে লগে প্ৰায় সকলো পদ্ধতিতেই এনে এক সংযোজন কৰা সকল কি দক্ষতাৰ দ্বাৰা সমৃদ্ধ !!
        মানুহৰ উৎপত্তিৰ পিচত মানুহৰ প্ৰয়োজনত সকলো পৰিবৰ্তনৰ ফল হ’ল সংস্কাৰিত জীৱন। মূল অধ্যয়ন-গৱেষণাৰ(তপস্যা) আধাৰতেই সকলো ব্যৱস্থা। তাৰ পৰিবৰ্তন বা সংসোধন যদি হৈছে সেয়া কোনে কেতিয়া কৰিছে তাকো উল্লেখ ৰাখি গৈছে। আমি খৰখেদাত সেইবোৰ অধ্যয়ন নকৰি নিজৰ চিন্তাৰে একোটা বিধান দিছোঁ। আজিকালি শিৱ পূজাত দিয়া ফৰ্দিত এজোৰ কাহি-বাতিৰো প্ৰয়োজন হ’ল। ক’ত পালে সেয়া?? মৃতকৰ সকামত ৭৩ টা ভোজনীৰ কথা ক’ত আছে !! অশৌচৰ বিধান ক’ৰ পৰা দিয়া হ’ল? কৰ্মত মানুহৰ সুবিধা অনুসৰি বিধান সংসোধন কৰা আছে। আমি পঢ়াৰ সময় নাই। মনু ঋষিয়ে কৈছিলঃ 
“অন্তৰ্দশাহে স্যাতাঞ্চেৎ পুনস্মৰণজন্মনী।
তাবাৎ স্যাদশচিৰূপ্ৰো যাবাত্ত স্যাদনিদ্দশঃ।।
অৰ্থাৎ সাঁত পুৰুষৰ ভিতৰত যদি কোনো এটা অশৌচ হয় আৰু সেই অশৌচ শেষ হ’বলৈ নেপাওতেই আকৌ এটা অশৌচ হয় তেনে পিছত ওপজা সন্তানৰ(সৰুজনৰ) মাকৰ পিছৰটো অশৌচ শেষ নহয়। অৰ্থাৎ তেওঁলোকৰ অশৌচ থাকিব। অন্য সকলৰ অশৌচ ডাঙৰজনৰ লগতেই শেষ হ’ব।
ঠিক তেনেকৈ ল’ৰা আৰু ছোৱালী ওপজা ক্ষেত্ৰত অশৌচ সমান। পিছে বহুতে বিধান দিয়ে ছোৱালী ওপজা অশৌচ নেথাকে বা তিনিদিন থাকে ইত্যিদ।  শাস্ত্ৰ মতে ছোৱালী উপজিলে তিনি পুৰুষ পৰ্যন্ত সম্পূৰ্ণ অশৌচ। পাঁচ পুৰুস হ’লে সপিণ্ডৰ বাহিৰ হয়।(অশৌচ তন্ত্ৰ সংগ্ৰহ) মন্ত্ৰত কৈছে-
“ আদিপুবাণে সপিত্ততা তু কন্যানাং সবৰ্ণানাং ত্ৰিপৌৰুষী।
বশিষ্ঠঃ কন্যানামমূটানাঙ্ক অপ্ৰত্তানাং ত্ৰিপেৰিষম্।।”

মনাৰ ধান নমনাৰ পটান। ব্যৱস্থা দিয়াজনৰ শুদ্ধতাৰ প্ৰয়োজন। তেনে কৰিলে মানুহজনৰ প্ৰতি, তেখেতৰ অধ্যয়নৰ প্ৰতি শ্ৰদ্ধা বৃদ্ধি হয়। ই যি ধৰ্ম বা পণ্ঠতে নহওক লাগে, নিজৰ স্বাৰ্থত বিশ্লেষণ তৈয়াৰ কৰাটো ধৰ্ম নহয়। মানুহৰ প্ৰয়োজনত ধৰ্মৰ সৃষ্টি, ধৰ্মৰ প্ৰয়োজনত মানুহৰ সৃষ্টি নহয়। ধৰ্ম হ’ল যি ধৰাৰ যোগ্য। চুম্বকৰো ধৰ্ম আছে। আকৰ্ষণ কৰাৰ ধৰ্ম। এচিদৰ টেঙা.....। তাক সুকীয়া বিশ্লেষণ কেনেকৈ হ’ব !!! আমি আজিৰ যুগৰ কোনেও এই ব্যৱস্থাৰ উদ্ভাৱক নহও, আমি প্ৰচাৰ-প্ৰসাৰহে কৰিব পাৰোঁ.....  

এই সমস্ত বিষয় বাদ দি ঈশ্বৰ সকল প্ৰত্যেকেই একোটা সময়ত জন্ম লোৱা একোজন মানুহ। তেওঁলোকৰ কৰ্ম, ত্যাগ, জ্ঞান আৰু নিৰপেক্ষ শুদ্ধ বিচাৰৰ সৈতে আমি সধাৰণ মানুহৰ জীৱনক তুলনা কৰিব নোৱাৰোঁ। সেয়ে আমি তেওঁলোকক পূজা কৰোঁ। তাৰ ন ন নিয়ম তৈয়াৰ কৰি জাক জমকতা কৰোঁ। তেওঁলোকৰ সামান্য অংশৰ দৰে হোৱাৰ প্ৰয়াসো কিন্তু নকৰোঁ । অৱশেষত  ই আমাৰ বাহ্যিকতা মাত্ৰ হৈ ৰয়....।
                                                                            ১২.০৭-২০২৪

Comments