Diganta Baruah's post


"চোলাটো জিলিকিছে, পিছে মানুহটো জিলিকিব পৰা নাই।"

ডিমেন্সিয়া হৈ নাপাহৰিলে যোৰহাট গৰ্মেন্ট স্কুলৰ দেবেন দত্ত চাৰে কোৱা এই কথাষাৰ মৰালৈকে মনত থাকিব। আজিকালি পোছাকে পৰিচ্ছদে ভব্যগব্য মানুহ কিছু মান দেখিলে চাৰে ক্লাচলৈ ইউনিফৰ্ম নিপিন্ধাকৈ অহা বা কেইবাটাও পকেটৰ ষ্টাইলিচ ইউনিফৰ্ম পিন্ধি অহা ছাত্রজনক প্ৰশ্ন সোধা পৰিষ্ঠিতিটো মনত পৰে।প্ৰশ্নৰ সঠিক উত্তৰ দিব নোৱাৰিলে চাৰৰ এই মন্তব্যই ছাত্র জনৰ মুখৰ উজ্বলতা যথেষ্ট হ্ৰাস কৰিছিল।
এতিয়া পাল বাবু, চামেদুৰ, কৈবৰ্ত, জীৱন, মহৎ, অঞ্জনাভ চলিহা আদি বোৰ আমাৰ স্কুলৰ হোৱা হলে কানৰ কাষত এবাৰ কৈ আহিলোহেতেন, সম্পত্তিবোৰ জিলিকিছে, মানুহটো জিলিকিব পৰা নাই।

Comments