Posts

Showing posts from January, 2025

পৰিবৰ্তনে আমাৰ মন-মগজুত কৰা বিক্ৰীয়াই আমাৰ আদৱ কায়দা অজানিতে সলনি নকৰেনে?

Image
  যোৱা ২০১৪ চনৰ পিছৰ পৰা সাধাৰণ মানুহৰ জীৱন যাত্ৰাৰ কিমান পৰিবৰ্তন হ'ল মন কৰিছেনে বাৰু ?? যেনেকৈ শৈশৱৰ পৰা যুৱাৱস্থালৈ মানুহৰ এক বৃহৎ শাৰীৰিক পৰিবৰ্তন হয়, চৰকাৰৰ ব্যৱস্থায়ো মানুহৰ অভ্যাস আৰু চাল চলনৰ বৃহৎ পৰিবৰ্তন আনে। ভাৰতৰ দৰে এখন জনবহুল ৰাষ্ট্ৰৰ কিমান সংখ্যক মানুহৰ বেংক একাউণ্ট আছিল বাৰু ২০১৪ ৰ‌ আগতে ? বোধহয় প্ৰায় ১৫ কোটি আছিল। পৰবৰ্তী সময়ত নতুনকৈ ৫২ কোটি একাউণ্ট খোল খালে। এই যে চৰকাৰৰ আঁচনি, সি লাগে #জনধন বুলি হ‌ওক বা আত্ম সহায়ক গোট বুলি হ‌ওক, মুঠতে ১৪৪ কোটি ৰাইজৰে প্ৰায় ৬৭ কোটি বা তাতোধিক একাউণ্ট হোল্ডাৰ হ'ল। ই কি লাভ লোকচান কৰিছে তাৰ বিচাৰ সুকীয়া। এটা লাভ হ'ল- পাচলিৰ পৰা গেলা মাললৈ, তেল ডিপুৰ পৰা বৃহৎ মল সমূহলৈ, হাজিৰা কৰা ব্যক্তিৰ পৰা বৰ বৰ ৰাজ বিষয়ালৈ প্ৰায় সকলোৰে পকেটত কেঁচা টকা নোহোৱাকৈ চলা হ'ল। সিদিনা এজনে গুৱাহাটীলৈ বুলি বাচত বহাৰ পিছত মনত পৰিল পাৰ্চটো এৰি আহিল ! তেওঁ কাৰোবাক ফোন কৰি ক‌ওঁতে কণ্ডাক্টৰজনে শুনি ক'লে "ছাৰ, গাড়ীখন ৰখাব নোৱাৰিম নহয় ! আপোনাৰ Gpay আছে যদি মোৰ QR ত মাৰি দিয়ক, মই নগদ দি দিম !!!" তেনেকৈয়ে তেওঁ গুৱাহাটী গুচি...